ETV Bharat / bharat

পশ্চিম বংগৰ IPS বিষয়াক বদলিৰ কেন্দ্ৰৰ সিদ্ধান্তৰ বিৰোধিতা কেজৰিৱালৰ - জে পি নাড্ডাৰ পশ্চিম বংগ ভ্ৰমণ

জে পি নাড্ডাৰ শেহতীয়া পশ্চিম বংগ ভ্ৰমণৰ সময়ছোৱাত তেখেতৰ সুৰক্ষাৰ দায়িত্বত থকা তিনিগৰাকীকৈ আই পি এছ বিষয়াক কেন্দ্ৰীয় চৰকাৰৰ অধীনলৈ স্থানান্তৰিত কৰাৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ লগতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ৷

Centre encroaching on rights of states: Kejriwal on transfer of three IPS officers from WB
পশ্চিম বংগৰ IPS বিষয়াক বদলিৰ কেন্দ্ৰৰ সিদ্ধান্তৰ বিৰোধিতা কেজৰিৱালৰ
author img

By

Published : Dec 18, 2020, 2:21 PM IST

নেশ্যনেল ডেস্ক,18 ডিচেম্বৰ: পশ্চিম বংগৰ তিনিগৰাকীকৈ আই পি এছ বিষয়াক বদলি কৰাৰ কেন্দ্ৰৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধীতা কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ৷ পশ্চিম বংগৰ আৰক্ষী বিষয়াক সালসলনি কৰাৰ ক্ষেত্ৰত কেন্দ্ৰই হস্তক্ষেপ কৰা বিষয়টো ফেডাৰেলিজিমৰ ওপৰত শোষণ বুলি মন্তব্য কৰিছে কেজৰিৱালে ৷

জে পি নাড্ডাৰ শেহতীয়া পশ্চিম বংগ ভ্ৰমণৰ সময়ছোৱাত তেখেতৰ সুৰক্ষাৰ দায়িত্বত থকা তিনিগৰাকীকৈ আই পি এছ বিষয়াক কেন্দ্ৰীয় চৰকাৰৰ অধীনলৈ স্থানান্তৰিত কৰাৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও ৷

অৰবিন্দ কেজৰিৱালে এক টুইটযোগে কয়,"পশ্চিম বংগৰ প্ৰশাসনিক দিশত কেন্দ্ৰৰ পোনপটিয়া হস্তক্ষেপৰ কাৰ্যক মই তীব্ৰ ভাষাৰে গৰিহণা প্ৰদান কৰিছো ৷ ৰাজ্যখনৰ অধিকাৰ হস্তক্ষেপ কৰি নিৰ্বাচনৰ পূৰ্বে আৰক্ষী বিষয়াক কেন্দ্ৰলৈ স্থানান্তৰ কৰিব বিচৰা কাৰ্যটো ফেডাৰেলিজিমৰ ওপৰত শোষণ আৰু ইয়াক অস্থিৰ কৰি তোলাৰ প্ৰচেষ্টা ৷"

2021ৰ পশ্চিম বংগৰ বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰিয়েই শেহতীয়াকৈ পশ্চিম বংগ ভ্ৰমণ কৰা জে পি নাড্ডাৰ সুৰক্ষাৰ দায়িত্বত আছিল এই তিনিওগৰাকী আই পি এচ বিষয়া ৷ উল্লেখ্য যে, এই ভ্ৰমণকালতে নাড্ডাৰ কনভয়ত আক্ৰমণ চলাইছিল দুৰ্বৃত্তই ৷ কেন্দ্ৰই নিজৰ কৰ্তব্যত অবহেলাৰ অপৰাধত বিষয়া কেইগৰাকীক স্থানান্তৰ কৰিব বিচাৰিছিল ৷

নিৰ্বাচনৰ পূৰ্ৰ্বে কেন্দ্ৰৰ এই পদক্ষেপক অসংবিধানিক আখ্যা দি ই একেবাৰে গ্ৰহণযোগ্য নহয় বুলি মন্তব্য কৰে ৷

লগতে পঢ়ক-তৃণমূল কংগ্রেছৰ পৰা পদত্যাগ দুই শীৰ্ষ নেতাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.