ETV Bharat / bharat

নতুন মন্ত্ৰণালয় গঠনৰ ঘোষণা কেন্দ্ৰৰ

সমবায় ক্ষেত্ৰৰ উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি নতুন মন্ত্ৰণালয় গঠনৰ ঘোষণা কেন্দ্ৰৰ ৷ সহযোগিতা মন্ত্ৰণালয়(Ministry of Co-operation) গঠনৰ সিদ্ধান্ত লৈছে কেন্দ্ৰই ৷ এই মন্ত্ৰণালয় দেশৰ সমবায় আন্দোলনক শক্তিশালী কৰি তুলিব বুলি আশা প্ৰকাশ কেবিনেট সচিবালয়ৰ ৷

author img

By

Published : Jul 7, 2021, 11:47 AM IST

Updated : Jul 7, 2021, 12:58 PM IST

Centre creates new ministry to boost Cooperative movement
নতুন মন্ত্ৰালয় সৃষ্টিৰ ঘোষণা কেন্দ্ৰৰ

নেশ্যনেল ডেস্ক, 7 জুলাই : মন্ত্ৰী পৰিষদ সম্প্ৰসাৰণৰ এদিন পূৰ্বে এক নতুন মন্ত্ৰণালয় গঠনৰ ঘোষণা কৰিছে কেন্দ্ৰই ৷ সমবায়ৰ জৰিয়তে উন্নয়ন তথা সমৃদ্ধিৰ দৃষ্টিভংগী উপলব্ধি কৰাৰ উদ্দেশ্যে কেন্দ্ৰই এক নতুন মন্ত্ৰণালয় গঠনৰ পৰিকল্পনা কৰিছে ৷ মঙলবাৰে নিশা জাৰি কৰা এক প্ৰেছ বিবৃতিযোগে কেবিনেট সচিবালয়ে নতুন মন্ত্ৰণালয় গঠনৰ কথা ঘোষণা কৰে ৷

কেবিনেট সচিবালয়ে কয় যে, নতুনকৈ গঠন কৰা সহযোগিতা মন্ত্ৰণালয়(Ministry of Co-operation)এ দেশৰ সমবায় আন্দোলনক শক্তিশালী কৰি তোলাৰ বাবে এক পৃথক প্ৰশাসন তথা আইনী আৰু নীতিগত গাঁথনি(legal and policy framework) প্ৰদান কৰিব ৷ প্ৰতিজন সদস্যই দায়িত্ববোধেৰে কাম কৰা দেশৰ বাবে সমবায় আধাৰিত অৰ্থনৈতিক উন্নয়নৰ আৰ্হি অত্যন্ত প্ৰাসংগিক বুলিও কেবিনেট সচিবালয়ে উল্লেখ কৰে ৷ এই মন্ত্ৰণালয়ৰ জৰিয়তে সমবায়ৰ ক্ষেত্ৰখনক এক প্ৰকৃত লোক আধাৰিত আন্দোলন হিচাপে তৃণমূল পৰ্যায়লৈ লৈ যোৱাত সহায়ক হ'ব বুলি কেবিনেট সচিবালয়ে আশা প্ৰকাশ কৰে ৷

তথ্য অনুসৰি, মাল্টি-ষ্টেট কো-অপাৰেটিভৰ বিকাশৰ বাবে কাম কৰাৰ লগতে এই মন্ত্ৰণালয়ে সহজ ব্যৱসায়ৰ সুবিধা প্ৰদানৰ উদ্দেশ্যে শৃংখলাবদ্ধ প্ৰক্ৰিয়াৰ ব্যৱস্থা কৰিব ৷

কেন্দ্ৰ চৰকাৰে কয় যে, নতুন মন্ত্ৰালয় গঠনৰ এই পদক্ষেপে সম্প্ৰদায় আধাৰিত উন্নয়নমূলক অংশীদাৰিত্বৰ প্ৰতি গভীৰ প্ৰতিশ্ৰুতিৰ ইংগিত বহন কৰিছে ৷ নতুন মন্ত্ৰণালয় গঠনৰ এই সিদ্ধান্তই বিত্তীয় মন্ত্ৰীয়ে কৰা বাজেট ঘোষণাও পূৰণ কৰিছে ৷ বুধবাৰে আবেলি মোডীৰ মন্ত্ৰীসভা সম্প্ৰসাৰণ হ'ব ৷ মোডীৰ দ্বিতীয় কাৰ্যকালৰ এইটো হ'ব প্ৰথম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ।

মন্ত্ৰীসভা সম্প্ৰসাৰণৰ বাবে বিজেপিৰ সকলো সাংসদক ইতিমধ্যে দিল্লীলৈ মাতি পঠিওৱা হৈছে । মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিবলগা কেইবাজনো দলৰ নেতাক দিল্লীলৈ মাতি পঠাইছে বুলি জানিব পৰা গৈছে । স্থান পাবলগীয়াসকলৰ ভিতৰত বিশেষভাৱে চৰ্চাত আছে সৰ্বানন্দ সোণোৱালৰ নাম ৷ ইতিমধ্যে প্ৰধানমন্ত্ৰীৰ আমন্ত্ৰণক্ৰমে দিল্লীত বাহৰ পাতিছে সৰ্বানন্দ সোণোৱালে ৷

লগতে পঢ়ক: ৮ জুলাইত মোডী মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ সম্ভাৱনা

Last Updated : Jul 7, 2021, 12:58 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.