ETV Bharat / bharat

দিল্লীত বৰ্ধিত ডেংগু ৰোগ নিৰীক্ষণৰ বাবে বিশেষজ্ঞ দল গঠন কৰিব কেন্দ্ৰই

author img

By

Published : Nov 1, 2021, 2:16 PM IST

ৰাজধানী দিল্লীত বৰ্ধিত ডেংগু(Dengue) ৰোগ নিৰীক্ষণৰ বাবে এক বিশেষজ্ঞ দল গঠন কৰিব কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়(Union Ministry)য়ে ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত দিল্লীৰ বিদ্যালয়সমূহত সজাগতা অভিযান আৰম্ভ কৰা হ’ব আৰু ডেংগু ৰোগৰ গতিও পৰীক্ষা কৰা হ’ব বুলি এক পৰ্যালোচনা বৈঠকত উল্লেখ কৰে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনচুখ মাণ্ডৱিয়া(Union Health Minister Mansukh Mandaviya)ই ৷

rising dengue cases in Delhi
দিল্লীত বৰ্ধিত ডেংগু ৰোগ নিৰীক্ষণৰ বাবে বিশেষজ্ঞ দল গঠন

নেশ্যনেল ডেস্ক, 1 নৱেম্বৰ : কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়(Union Ministry)য়ে ৰাজধানী দিল্লীত বৰ্ধিত ডেংগু(Dengue) ৰোগ নিৰীক্ষণৰ বাবে এক বিশেষজ্ঞ দল গঠন কৰিব ৷ সূত্ৰই জনোৱা মতে, সমগ্ৰ দেশতে ডেংগু সংক্ৰমণ পৰিস্থিতিৰ ওপৰত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনচুখ মাণ্ডৱিয়া(Union Health Minister Mansukh Mandaviya)ৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা এক পৰ্যালোচনা বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

উক্ত বৈঠকত উল্লেখ কৰা অনুসৰি, দিল্লীৰ বিদ্যালয়সমূহত সজাগতা অভিযান আৰম্ভ কৰা হ’ব আৰু ডেংগু ৰোগৰ গতিও পৰীক্ষা কৰা হ’ব ৷ কেন্দ্ৰই দিল্লী চৰকাৰ(Delhi Government)ক দিল্লীত উচ্চহাৰত ডেংগু পৰীক্ষা কৰিবলৈ NS1 ELISA পৰীক্ষাৰ কিট ক্ৰয় কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে । সূত্ৰ অনুসৰি, ডেংগুৰ প্ৰাদূৰ্ভাৱৰ ফলত ক্ষতিগ্ৰস্ত 200 খন জিলা চিনাক্ত কৰা হ’ব আৰু সেই স্থানসমূহত প্ৰেৰণ কৰা হ’ব বিশেষজ্ঞ দল ৷

ডেংগু ৰোগীৰ সংখ্যা বৃদ্ধি হোৱাৰ মাজতে ৰাজধানী দিল্লীৰ ব্যক্তিগত চিকিৎসালয়সমূহে হয়তো ৰোগীৰ বিচনাৰ সংখ্যা বৃদ্ধি কৰিছে অথবা ডেংগু ৰোগীসকলক থাকিবলৈ সুবিধা দিয়াৰ বাবে বাতিল কৰিছে পৰিকল্পিত অস্ত্ৰোপচাৰ । শেহতীয়াকৈ দিল্লীত ডেংগু ৰোগীৰ সংখ্যাই অতিক্ৰম কৰিছে হাজাৰৰ ঘৰ ৷ যাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ দিল্লীৰ ব্যক্তিগত চিকিৎসালয়সমূহে ৰোগীৰ বাবে বিচনা বৃদ্ধি কৰিছে আৰু অন্যান্য চিকিৎসাৰ সুবিধা উন্নতমানৰ কৰি তুলিছে ।

সম্প্ৰতি ক’ভিড(Covid) সংক্ৰমণৰ মাত্ৰা হ্ৰাস পাইছে যদিও ডেংগুৰ সংক্ৰমণৰ মাত্ৰা বৃদ্ধি হোৱাৰ বিষয়টোৱে চিন্তিত কৰি তুলিছে স্বাস্থ্যসেৱা কৰ্মীসকলক ৷ ৰাজধানী দিল্লীত ডেংগুৰ সংক্ৰমণ ইমানেই বৃদ্ধি হৈছে যে, য’ত কেৱল অক্টোবৰ মাহতেই 650ৰো অধিক আক্ৰান্তৰ সংখ্যা নথিভুক্ত কৰা হৈছে । ইয়াৰ পূৰ্বে ছেপ্তেম্বৰ মাহত ডেংগু ৰোগত আক্ৰান্ত হৈ এগৰাকী 35 বছৰীয়া মহিলাৰ মৃত্যু হয় ৷ তেওঁ ডেংগুত মৃত্যু হোৱা প্ৰথমগৰাকী ৰোগী ৷

SDMCৰ শেহতীয়া প্ৰতিবেদন অনুসৰি, দিল্লীত ডেংগুৰ 1,006 টা ঘটনা পঞ্জীয়নভুক্ত হৈছে ৷ আনহাতে মেলেৰিয়া(Malaria)ত 154 টা আৰু চিকুনগুনিয়া(Chikungunya)ত 73 টা আক্ৰান্তৰ ঘটনা পঞ্জীয়নভুক্ত হৈছে ৷

লগতে পঢ়ক : উত্তৰ প্ৰদেশৰ 46 টা ৰে’লৱে ষ্টেচন উৰুৱাই দিয়াৰ ভাবুকি লষ্কৰ-ই-তৈবাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.