নেশ্যনেল ডেস্ক, ৫ ডিচেম্বৰ : কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেওবাৰে জয়চলমেৰত অনুষ্ঠিত সীমান্ত সুৰক্ষা বাহিনীৰ প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰে (Amit Shah at BSF raising day program) । এই অনুষ্ঠানতে সীমান্ত সুৰক্ষা বাহিনীক বিশ্বৰ উন্নত প্ৰযুক্তি প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰীগৰাকীয়ে । মন্ত্ৰীগৰাকীয়ে সীমান্ত সুৰক্ষা বাহিনীক প্ৰশংসা কৰি কয় যে বিএছএফ হৈছে দেশৰ প্ৰথম শাৰীৰ প্ৰতিৰক্ষা বাহিনী ।
অমিত শ্বাহৰ মতে বিজেপি চৰকাৰৰ বাবে সীমান্ত সুৰক্ষাৰ অৰ্থ হৈছে ৰাষ্ট্ৰীয় সুৰক্ষা । সেয়েহে প্ৰথম শাৰীৰ প্ৰতিৰক্ষা বাহিনী উন্নত প্ৰযুক্তি প্ৰদান কৰাটো বিজেপি চৰকাৰৰ প্ৰধান কৰ্তব্য । তেওঁ কোৱা মতে ২০১৪ চনৰ পৰা কেন্দ্ৰীয় চৰকাৰে দেশৰ সীমাৰ নিৰাপত্তাক গুৰুত্ব সহকাৰে লৈছে । মন্ত্ৰীগৰাকীৰ মতে যি স্থানতে সীমান্তত বেদখলৰ চেষ্টা কৰা হয়, তাৎক্ষণিকভাৱে তাৰ প্ৰতিশোধ লোৱা হৈছে ।
কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (CAPF) আৰু বিএছএফৰ সৈনিকসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ আৰক্ষী বাহিনী, বিএছএফ আৰু চিএপিএফৰ ৩৫,০০০ তকৈও অধিক জোৱানে দেশৰ বাবে প্ৰাণ ত্যাগ কৰিছে । ইফালে সীমান্ত সুৰক্ষা বাহিনীৰ প্ৰতিষ্ঠা দিৱসত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে জোৱানসকলক পদক প্ৰদান কৰে ।
উল্লেখ্য যে, বিএছএফৰ প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানটো প্ৰথমবাৰৰ বাবে জয়চলমেৰত উদযাপন কৰা হৈছে (57th BSF Raising Day at Jaisalmer)। ইয়াৰ পূৰ্বে শনিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ভাৰত-পাকিস্তান আন্তঃৰাষ্ট্ৰীয় সীমাৰ সমীপৰ ৰোহিতাশ সীমান্তত বিএছএফৰ জোৱানসকলক স্বাস্থ্য কাৰ্ড বিতৰণ কৰে । এই স্বাস্থ্য কাৰ্ডসমূহ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মুখ্য স্বাস্থ্যসেৱা আঁচনি আয়ুষ্মান ভাৰত যোজনাৰ অধীনত বিতৰণ কৰা হৈছে ।
ইফালে দুদিনীয়া ভ্ৰমণসূচীৰে ৰাজস্থানত উপস্থিত হোৱা অমিত শ্বাহে কেইবাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰিব । জানিব পৰা মতে বিজেপিৰ ৰাজ্যিক কাৰ্যকৰী সমিতিৰ বৈঠকত উপস্থিত থকাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে জনপ্ৰতিনিধি সন্মিলনতো অংশগ্ৰহণ কৰিব ।
লগতে পঢ়ক :Amit Shah to Visit Jaisalmer: BSFৰ প্ৰতিষ্ঠা দিৱসত অংশ ল'ব মন্ত্ৰীগৰাকীয়ে