ETV Bharat / bharat

কেন্দ্ৰই MSP গেৰাণ্টি প্ৰদান কৰি কৃষক আন্দোলন সমাধান কৰিব পাৰে : মেঘালয়ৰ ৰাজ্যপাল - কৃষি আইন

কেন্দ্ৰীয় চৰকাৰক কৃষকসকলক নিম্নতম সমৰ্থন মূল্যৰ নিশ্চিতি প্ৰদান কৰি কৃষক আন্দোলনৰ সমাধান কৰিবলৈ আহ্বান মেঘালয়ৰ ৰাজ্যপাল সত্যপাল মালিকৰ ৷

Centre can resolve farmers' stir by providing MSP guarantee: Meghalaya Governor
কেন্দ্ৰই MSP গেৰাণ্টি প্ৰদান কৰি কৃষক আন্দোলন সমাধান কৰিব পাৰে : মেঘালয়ৰ ৰাজ্যপাল
author img

By

Published : Oct 18, 2021, 10:31 AM IST

নেশ্যনেল ডেস্ক, 18 অক্টোবৰ : যদি কেন্দ্ৰই এখন আইনৰ জৰিয়তে কৃষকসকলক নিম্নতম সমৰ্থন মূল্য (Minimum Support Price) সুনিশ্চিত কৰে তেন্তে ‘কৃষি আইন’ক লৈ কৃষকসকলৰ ক্ষোভ শান্ত হ’ব ৷ এই মন্তব্য কৰিছে মেঘালয়ৰ ৰাজ্যপাল সত্যপাল মালিকে ৷ তেওঁ কয় যে, নিম্নতম সমৰ্থন মূল্য সুনিশ্চিত আইনৰ বাহিৰে কৃষকসকলে আন ক্ষেত্ৰত বুজাবুজি নকৰে ৷

তেওঁ কয়, "যদি কেন্দ্ৰীয় চৰকাৰে আইনৰ জৰিয়তে নিম্নতম সমৰ্থন মূল্য গেৰাণ্টি প্ৰদান কৰে তেন্তে ইয়াক সমাধান কৰিব পাৰি ৷ কেৱল এটা কথা আছে গতিকে কেন্দ্ৰই ইয়াক কিয় পূৰণ কৰা নাই ? কৃষকসকলে নিম্নতম সমৰ্থন মূল্যতকৈ কম পৰিমাণত বুজাবুজি নকৰিব"৷

স্মৰ্তব্য যে, কেন্দ্ৰীয় চৰকাৰে নতুনকৈ প্ৰণয়ন কৰা তিনিওখন কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আহিছে কৃষকসকলে ৷ এই আইনকেইখন হ’ল ক্ৰমে কৃষকৰ উৎপাদন বাণিজ্য আৰু বাণিজ্য (প্ৰচাৰ আৰু সুবিধা) আইন ২০২০, কৃষকৰ সশক্তিকৰণ আৰু সুৰক্ষা মূল্য নিশ্চয়তা আৰু কৃষি সেৱা আইন 2020 আৰু অত্যাৱশ্যকীয় সামগ্ৰী (সংশোধনী) আইন, 2020 ৷

লগতে পঢ়ক : আজিৰে পৰা 100 শতাংশ যাত্ৰীৰে চলিব সকলো ঘৰুৱা বিমান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.