ETV Bharat / bharat

অসমসহ পাঁচ ৰাজ্যলৈ ১,৭৫১ কোটিৰ সাহাৰ্য কেন্দ্ৰৰ - প্ৰাকৃতিক দুৰ্যোগ

২০২০ চনত দক্ষিণ-পশ্চিম মৌচুমীৰ ফলত বানপানী আৰু ভূমিস্খলনৰ ফলত হোৱা ক্ষতিৰ বাবে পাঁচখন ৰাজ্যলৈ আৰ্থিক সাহাৰ্য প্ৰদান কেন্দ্ৰৰ ৷ কেন্দ্ৰীয় সাহাৰ্য লাভ কৰা পাঁচখন ৰাজ্যক্ৰমে অসম, অৰুণাচল প্ৰদেশ, উড়িশা, তেলেংগানা আৰু উত্তৰ প্ৰদেশ ৷

Centre approves release of Rs 1,751 cr to Assam, Arunachal, Odisha, Telangana, UP
অসমসহ পাঁচ ৰাজ্যলৈ ১,৭৫১ কোটিৰ সাহাৰ্য কেন্দ্ৰৰ
author img

By

Published : Jan 29, 2021, 8:10 PM IST

নিউজ ডেস্ক, 29 জানুৱাৰী : কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত এখন উচ্চ পৰ্যায়ৰ সমিতিয়ে শুকুৰবাৰে পাঁচখন ৰাজ্যলৈ ১,৭৫১ কোটি টকাৰ অতিৰিক্ত কেন্দ্ৰীয় সাহাৰ্যক অনুমোদন জনাইছে ৷ ২০২০ চনত দক্ষিণ-পশ্চিম মৌচুমীৰ ফলত বানপানী আৰু ভূমিস্খলনৰ ফলত হোৱা ক্ষতিৰ বাবে এই আৰ্থিক সাহাৰ্য প্ৰদান কৰা হয় ৷

গৃহমন্ত্ৰালয়ে কয় যে, এই কেন্দ্ৰীয় সাহাৰ্য লাভ কৰা পাঁচখন ৰাজ্যক্ৰমে অসম, অৰুণাচল প্ৰদেশ, উড়িশা, তেলেংগানা আৰু উত্তৰপ্ৰদেশ ৷

সমিতিখনে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি পুঁজি (এনডিআৰএফ)ৰ পৰা পাঁচখন ৰাজ্যক ১,৭৫১ কোটি টকাৰ অতিৰিক্ত কেন্দ্ৰীয় সাহাৰ্যক অনুমোদন জনোৱা হৈছে বুলি গৃহমন্ত্ৰালয়ৰ ফালৰ পৰা বিবৃতি যোগে জনোৱা হয় ৷

বিবৃতিত কোৱা হৈছে যে, অসমৰ বাবে ৪৩৭.১৫ কোটি টকা, অৰুণাচল প্ৰদেশক ৭৫.৮৬ কোটি টকা, উৰিষ্যালৈ ৩২০.৯৪ কোটি টকা, তেলেংগানাক ২৪৫.৯৬ কোটি টকা আৰু উত্তৰ প্ৰদেশক ৩৮৬.০৬ কোটি টকা প্ৰদানৰ বাবে অনুমোদন জনোৱা হৈছে ।

২০১৯-২০ৰ ৰবি খেতিৰ সময়ত শিলাবৃষ্টিৰ বাবে হোৱা ক্ষতিৰ বাবে উত্তৰ প্ৰদেশৰ বাবে ২৮৫.০৮ কোটি টকাও অনুমোদন জনোৱা হৈছে বুলিও বিবৃতিত উল্লেখ কৰা হৈছে।

অতিৰিক্ত কেন্দ্ৰীয় সাহাৰ্যক অনুমোদন জনাই গৃহমন্ত্ৰীয়ে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে প্ৰাকৃতিক দুৰ্যোগৰ মুখামুখি হোৱা অসম, অৰুণাচল প্ৰদেশ, উৰিষ্যা, তেলেংগানা আৰু উত্তৰ প্ৰদেশৰ ভগ্নী আৰু ভাইসকলক সহায় কৰিবলৈ সংকল্প লৈছে ।

লগতে পঢ়ক : লালু প্ৰসাদ যাদৱৰ জামিন আবেদনৰ শুনানি স্থগিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.