ETV Bharat / bharat

বিহাৰৰ বিভিন্ন স্থানত বানপানীৰ সতৰ্কতা জাৰি কেন্দ্ৰীয় জল আয়োগৰ

বিহাৰত বানপানীৰ সম্ভাৱনাকলৈ কেন্দ্ৰীয় জল আয়োগে (Central Water Commission) জাৰি কৰিছে বিশেষ সতৰ্কতা । গাণ্ডক আৰু বুঢ়ী গাণ্ডক নদীৰ জলস্তৰ বিপদসীমা অতিক্ৰম কৰাৰ লগে লগে ৰাইজক সতৰ্ক হৈ থাকিবলৈ আহ্বান কেন্দ্ৰীয় জল আয়োগ (Central Water Commission)ৰ ।

author img

By

Published : Jun 16, 2021, 6:49 PM IST

Central Water Commission
কেন্দ্ৰীয় জল আয়োগৰ সতৰ্কতা জাৰি

নেশ্যনেল ডেস্ক, ১৬ জুন : বিহাৰত প্ৰলংকাৰী বানপানীৰ (Bihar Flood) সংকেত দিলে কেন্দ্ৰীয় জল আয়োগে (Central Water Commission) । জল আয়োগে বুধবাৰে দিয়া এক সাৱধান সংকেত অনুসৰি কিছু কিছু অঞ্চলত বানপানীৰ পূৰ্ণ সম্ভাৱনা আছে । জল আয়োগৰ মতে বিহাৰৰ গোপালগঞ্জ জিলাৰ ডুমৰিয়াঘাটত গাণ্ডক (Gandak) নদীৰ জলস্তৰ বৰ্তমান ৬২.৪ মিটাৰ । ইয়াৰ বিপদসীমা হৈছে ৬২.২২ মিটাৰ । যিহেতু নদীৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ আছে সেয়ে যিকোনো মুহূৰ্তত প্লাৱিত হোৱাৰ সম্ভাৱনা দেখিছে জল আয়োগে ।

ইফালে বিহাৰৰ পশ্চিম চম্পাৰণ জিলাৰ চানপতিয়াত বুঢ়ী গাণ্ডক নদী গুৰুতৰ পৰিস্থিতিত প্ৰবাহিত হৈ আছে আৰু পানী ৭৪.৪৮ মিটাৰ স্তৰত বৈ আছে । বিপদসীমা ৭৩.৬৮ মিটাৰৰ প্ৰায় ০.৮০ মিটাৰৰ ওপৰেৰে বৈ আছে পানী । ১৯৮৬ চনৰ ৯ চেপ্তেম্বৰত ইয়াৰ সৰ্বাধিক পানীৰ স্তৰ আছিল ৭৬.৬৮ মিটাৰ । বৰ্তমানৰ পানীৰ স্তৰ এই স্তৰতকৈ ২.২০ মিটাৰ তলত আছে ।

লগতে পঢ়ক:হাৰিয়ানাৰ প্ৰতিবাদস্থলীত কৃষকৰ আত্মহত্যা(Suicide)

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.