ETV Bharat / bharat

নতুন আৰ্থিক বিনিয়োগৰ প্ৰস্তাৱৰ ক্ষেত্ৰত দৰিদ্ৰ ৰাজ্যৰ চৰ্চাত পশ্চিমবংগ - উদ্য়োগ

2020 চনৰ জানুৱাৰীৰ পৰা ছেপ্তেম্বৰ মাহৰ ভিতৰত দেশৰ মুঠ 3,35,319 কোটি টকাৰ সৈতে 19 টা নতুন বিনিয়োগৰ প্ৰস্তাৱ পশ্চিমবংগলৈ আহিছে ৷ একে সময়তে কৰ্ণাটকে 1,28,070 কোটি টকাৰ সৈতে 75 টা নতুন বিনিয়োগৰ প্ৰস্তাৱ গ্ৰহণ কৰে ৷ গতিকে নতুন আৰ্থিক বিনিয়োগৰ প্ৰস্তাৱৰ ক্ষেত্ৰত পুনৰ দৰিদ্ৰ ৰাজ্য হিচাপে আলোচনাৰ আওতালৈ আহিছে পশ্চিমবংগ ৷

the sorrow picture of West Bengal in terms of attracting new investments
আৰ্থিক বিনিয়োগৰ প্ৰস্তাৱৰ ক্ষেত্ৰত দৰিদ্ৰ ৰাজ্যৰ চৰ্চাত পশ্চিমবংগ
author img

By

Published : Nov 27, 2020, 1:51 PM IST

নিউজ ডেস্ক,27 নৱেম্বৰ : নতুন আৰ্থিক বিনিয়োগৰ প্ৰস্তাৱৰ ক্ষেত্ৰত পুনৰ দৰিদ্ৰ ৰাজ্য হিচাপে আলোচনাৰ আওতালৈ আহিছে পশ্চিমবংগ ৷ উদ্যোগ আৰু আভ্যন্তৰীণ ব্যৱসায়ৰ মাত্ৰা বৃদ্ধি কৰিবৰ বাবে নতুন পৰিসংখ্য়া অনুসৰি,চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা ছেপ্তেম্বৰ মাহৰ ভিতৰত আকৰ্ষিত কৰিব পৰা ৰাজ্য হিচাপে গুজৰাট,অন্ধ্ৰপ্ৰদেশ,কৰ্ণাটক, মহাৰাষ্ট্ৰ, ওড়িশা, মধ্য়প্ৰদেশ আৰু ৰাজস্থানতকৈ পশ্চিমবংগ পিছপৰি আছে ৷

অৱশ্যে লকডাউনে সমগ্ৰ দেশতে বেয়াকৈ প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে ৷ কিন্তু এই ক্ষেত্ৰত পশ্চিমবংগৰ স্থিতি সবাতোকৈ দুৰ্গম ৷ আৰ্থিক বিশেষজ্ঞসকলে জনোৱা মতে, ইয়াৰ মুখ্য কাৰণ হৈছে পশ্চিমবংগ চৰকাৰৰ অৰ্থনৈতিক জ’ন আৰু ভূমি নীতি ৷

কেন্দ্ৰীয় পৰিসংখ্য়া এজেন্সীৰ প্ৰতিবেদনত উল্লেখ থকা মতে, 2020 চনৰ জানুৱাৰীৰ পৰা ছেপ্তেম্বৰ মাহৰ ভিতৰত দেশৰ মুঠ 3,35,319 কোটি টকাৰ সৈতে 19 টা নতুন বিনিয়োগৰ প্ৰস্তাৱ পশ্চিমবংগলৈ আহিছে ৷ একে সময়তে কৰ্নাটকে 1,28,070 কোটি টকাৰ সৈতে 75 টা নতুন বিনিয়োগৰ প্ৰস্তাৱ গ্ৰহণ কৰে ৷

এই সন্দৰ্ভত অৰ্থনীতিবিদ প্ৰবীৰ কুমাৰ মুখাৰ্জীয়ে কয় যে,পশ্চিমবংগ আৰু কৰ্নাটকৰ এই মাত্ৰা তুলনাত্মক বিশ্লেষণ কৰি গম পোৱা যায় পশ্চিমবংগত উচ্চহাৰৰ দীৰ্ঘ বিনিয়োগৰ কোনো চিহ্ন নাই ৷

ৰাজ্য়িক বিজেপি সভাপতি দিলিপ ঘোষে কয় যে,তৃণমূল কংগ্ৰেছে টাটা মটৰ্ছক অৰ্থনীতিৰ পৰা বাহিৰ কৰি দিছে ৷ লগতে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে অন্য় উদ্য়োগ বন্ধ কৰাৰ প্ৰয়াস কৰি আছে ৷

আনহাতে ৰাজ্য়খনৰ প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা লোকসভাৰ সদস্য় অধীৰ ৰঞ্জন চৌধুৰীয়ে কয় যে,বৰ্তমান ৰাজ্য়খনত নতুন কৰ্মসংস্থাপনৰ বাবে কোনো অৱকাশ নাই ৷ ৰাজ্য চৰকাৰৰ বহু পদ এতিয়াও খালী হৈ আছে ৷ মুখ্য়মন্ত্ৰী মমতা বেনাৰ্জীয়ে আগন্তুক তিনিটা বছৰৰ বাবে নিৱনুৱাৰ ক্ষেত্ৰত নতুন লক্ষ্য ৰাখিছে ৷ অৱশ্যে তেওঁ পূৰ্বৰ প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ হৈছে ৷ গতিকে আগন্তুক দিনত তৃণমূল কংগ্ৰেছৰ ভৱিষ্য়ৎ অন্ধকাৰৰ দিশে গতি কৰিছে ৷

জ্যেষ্ঠ নেতা অমিয় পাত্ৰই সদৰি কৰা মতে,পশ্চিমবংগৰ বিনিয়োগত অনীহা প্ৰকাশৰ ক্ষেত্ৰত বিনিয়োগৰাকীক দোষী সাব্যস্ত কৰা উচিত নহয় ৷ ৰাজ্যৰ অৰ্থব্যৱস্থা নিম্নগামী হৈছে আৰু ইয়াৰ বিৰুদ্ধে উদ্যোগ বিৰোধী আন্দোলন কৰাৰ বাবে নিৱনুৱা সমস্যা পুনৰ বৃদ্ধি পাবলৈ ধৰিছে ৷

লগতে পঢ়ক : আৰৱ সাগৰত MiG-29K এয়াৰক্ৰাফ্ট দুৰ্ঘটনাগ্ৰস্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.