ETV Bharat / bharat

Rameshwar Teli : কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ ছত্তীশগড় ভ্ৰমণ

author img

By

Published : Nov 10, 2022, 7:14 PM IST

ছত্তীশগড়ৰ বিলাসপুৰত কোৱা যায় যে 'ক'বলৈ বঢ়িয়া ছত্তীশগড়ীয়া' । বৰ্তমান দেশৰ আন ৰাজ্যতো এই ভাষা কোৱা আৰম্ভ হৈছে । কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু গেছ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে বুধবাৰে দিনজোৰা ভ্ৰমণসূচীৰে বিলাসপুৰত উপস্থিত হয় (Union Minister of State Rameswar Teli) ।

Rameswar Teli
Rameswar Teli

নিউজ ডেস্ক, ১০ নৱেম্বৰ : ছত্তীশগড়ৰ বিলাসপুৰত কোৱা যায় যে 'ক'বলৈ বঢ়িয়া ছত্তীশগড়ীয়া' । বৰ্তমান দেশৰ আন ৰাজ্যতো এই ভাষা কোৱা আৰম্ভ হৈছে । কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু গেছ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে বুধবাৰে দিনজোৰা ভ্ৰমণসূচীৰে বিলাসপুৰত উপস্থিত হয় (Union Minister of State Rameswar Teli) । তেওঁ তাত সংবাদ মাধ্যমৰ সন্মুখত ছত্তীশগড়ীয়া ভাষা ব্যৱহাৰ কৰি সকলোকে আচৰিত কৰি তোলে ।

ৰামেশ্বৰ তেলীয়ে কয় যে তেওঁ প্ৰথমবাৰৰ বাবে ছত্তীশগড়লৈ গৈছে (Rameswar Teli Chhattisgarh visit) । তেওঁৰ পূৰ্বপুৰুষসকল ছত্তীশগড়ৰ বাসিন্দা আছিল আৰু প্ৰায় ২০০ বছৰ পূৰ্বে তেওঁলোকে ছত্তীশগড় এৰি অসমলৈ আহে । বৰ্তমান তেওঁলোকে তাত বাস কৰিবলৈ আৰম্ভ কৰিছে, কিন্তু ছত্তীশগড়ীয়া ভাষা এতিয়াও তেওঁলোকৰ মন আৰু উপভাষাত অন্তৰ্ভুক্ত হৈ আছে । তেওঁলোকে এতিয়াও ছত্তীশগড়ীয়া ভাষা ব্যৱহাৰ কৰে আৰু ই কোনো পাৰ্থক্যৰ সৃষ্টি কৰা নাই (Rameswar Teli told Chhattisgarhia language) ।

উল্লেখ্য, ছত্তীশগড়ীয়া ভাষা ছত্তীশগড়ত ব্যৱহাৰ কৰা হয় (Chhattisgarhia language in Chhattisgarh) । ছত্তীশগড়ৰ গ্ৰামাঞ্চলত বিশুদ্ধ ছত্তীশগড়ীয়া ভাষা কোৱা হয় । ছত্তীশগড়ত বাস কৰা প্ৰায়সংখ্যক লোকে ছত্তীশগড়ীয়া ভাষা কয় আৰু বুজিবলৈও সহজ । কিন্তু যদি কোনোবাই প্ৰথমবাৰৰ বাবে ছত্তীশগড়লৈ যায় আৰু বিশুদ্ধ ছত্তীশগড়ীয়া ভাষাত কথা কয়, তেন্তে সেয়া নিশ্চয় আচৰিত হ'বলগীয়া । কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে প্ৰথমবাৰৰ বাবে ছত্তীশগড় ভ্ৰমণ কৰে । কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী এক কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ৰায়পুৰৰ পৰা বিলাসপুৰত গৈ উপস্থিত হয় (central petrolium and gas minister Rameswar Teli) ।

ছত্তীশগড়ত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ সকলোকে আচৰিত কৰি তোলে । প্ৰথমবাৰৰ বাবে ছত্তীশগড়লৈ যোৱা লোকে ইমান ভাল ছত্তীশগড়ীয়া ভাষা ক'ব নোৱাৰে (Rameswar Teli first visit to Chhattisgarh) । কিন্তু ৰামেশ্বৰ তেলীয়ে ছত্তীশগড়ীয়া ভাষাত অতি বিশুদ্ধ আৰু সহজভাৱে কথা পাতিছিল । তাৰ পৰা এইটো বুজিব পাৰি যে তেওঁ এই ভাষাটোৰ বিষয়ে ভালদৰে অৱগত । কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে কয় যে প্ৰায় ২০০ বছৰ আগতে তেওঁৰ পূৰ্বপুৰুষসকলে ছত্তীশগড় ত্যাগ কৰি অসমলৈ আহিছিল আৰু বৰ্তমান তেওঁলোক অসমৰ সমাজ গাঁথনিত নিমজ্জিত হৈ গৈছে । কিন্তু আজিও তেওঁলোকৰ ছত্তীশগড়ৰ প্ৰতি প্ৰেম আছে, আৰু এতিয়াও ছত্তীশগড়ক মনত ৰাখিছে ।

ৰামেশ্বৰ তেলীয়ে কয় যে তেওঁ প্ৰথমবাৰৰ বাবে ছত্তীশগড়লৈ আহিছে, কিন্তু তেওঁ এই ভাষাৰ সৈতে অপৰিচিত নহয় । কিয়নো আজিও তেওঁলোকৰ লোকসকলে অসমত ছত্তীশগড়ীয়া উপভাষা কয় আৰু এই ভাষা ব্যৱহাৰ কৰি তেওঁলোকে তেওঁলোকৰ জন্মস্থানৰ এক ধাৰণা লাভ কৰে আৰু যিয়ে তেওঁলোকক সান্ত্বনা দিয়ে । উল্লেখ্য তেলী, পিংকা আৰু বহুতো জাতিৰ লোক আছে যিসক ছত্তীশগড়ৰ বাসিন্দা । তাৰে ঠাল-ঠেঙুলি অসমতো আছে ।

"আমি এতিয়াও অসমত থাকি আমাৰ ছত্তীশগড়ীয়া পৰম্পৰা আৰু সংস্কৃতি সংৰক্ষণ কৰি আছোঁ । আমি আজিও আমাৰ ছত্তীশগড়ীয়া উপভাষা পাহৰি যোৱা নাই । অসমত বাস কৰাৰ বাবে অলপ মিশ্ৰিত ভাষা থাকিলেও ছত্তীশগড়ীয়া ভাষা আমাৰ অন্তৰত নিহিত হৈ আছে । আমি চাহ বাগিচাত কাম কৰিবলৈ গৈছিলোঁ আৰু এতিয়াও একেটা কামকে কৰি আছোঁ । কিন্তু আজিও আমি আমাৰ মূল ভূমিৰ ওচৰত আছোঁ (Tea tribe of Assam) ।" এই কথা উল্লেখ কৰি কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে কয় যে যিটো দলৰ চৰকাৰ কেন্দ্ৰত থাকে, সেই দলটোৰ চৰকাৰ ৰাজ্যতে থাকিব লাগে । তেতিয়াহে ৰাজ্যৰ উন্নয়ন নিৰন্তৰভাৱে হয় । কিয়নো ৰাজ্যখনে কেন্দ্ৰৰ পৰা পুঁজি লয় আৰু তাৰ পৰা নিৰন্তৰ বিকাশ কৰে ।

ইয়াৰ উপৰি কেন্দ্ৰই ৰাজ্যসমূহত বহুতো আঁচনি ৰূপায়ণ কৰে । ঠিক যেনেদৰে ছত্তীশগড়ত বিজেপি 15 বছৰ ধৰি শাসনত আছিল আৰু যেতিয়া মোদী চৰকাৰ কেন্দ্ৰত শাসনলৈ (PM Narendra Modi) আহে তেতিয়া ৰাজ্যখনৰ উন্নয়ন বহুগুণে বৃদ্ধি পায় । ৰাজ্যখনে অধিক উচ্চতা স্পৰ্শ কৰিবলৈ আৰম্ভ কৰিছিল । কিন্তু যোৱা 4 বছৰত এই উন্নয়ন বন্ধ হৈ গৈছে । সেয়েহে আগন্তুক সময়ত কেন্দ্ৰত থকা চৰকাৰৰ দলটোকে ৰাজ্যখনত চৰকাৰ গঠন কৰিবলৈ দিয়াটো প্ৰয়োজন ।

আনহাতে, অসমৰ প্ৰসংগ উল্লেখ কৰি তেলীয়ে কয় যে অসমত ভাৰতীয় জনতা পাৰ্টী চৰকাৰ গঠন হোৱাৰ পিছত উন্নয়ন নিৰন্তৰ বৃদ্ধি পাই আহিছে । কেন্দ্ৰৰ মোদী চৰকাৰে অসমত অধিক উন্নয়ন কৰি আছে ।

লগতে পঢ়ক :Militant Module Busted : উত্তৰ কাশ্মীৰত উগ্ৰপন্থীৰ মডিউল উদ্ধাৰ, অস্ত্ৰ আৰু গোলাবাৰুদ জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.