ETV Bharat / bharat

Gadkari Death Threats : নীতিন গাডকাৰীক মৃত্যুৰ ভাবুকি, কৰ্ণাটকৰ কাৰাগাৰত অভিযুক্তৰ সন্ধান - North Zone IGP

শনিবাৰে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ কাৰ্যালয়লৈ তিনিটাকৈ ভাবুকিভৰা ফোন আহে (Nitin Gadkari received life threatening call) । উক্ত ফোনত গাডকাৰীক মৃত্যুৰ ভাবুকি দিয়া হয় । অভিযোগ অনুসৰি কৰ্ণাটকৰ বেলাগাভিৰ হিন্দালাগ কেন্দ্ৰীয় কাৰাগাৰৰ এজন কয়দীয়ে কৰিছিল এই ভাবুকিভৰা ফোন । বৰ্তমান কাৰাগাৰখনত অভিযুক্তৰ অনুসন্ধান চলাই আছে নাগপুৰ আৰক্ষীয়ে ।

Gadkari
Gadkari
author img

By

Published : Jan 15, 2023, 1:57 PM IST

নিউজ ডেস্ক, ১৫ জানুৱাৰী : কেন্দ্ৰীয় ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে (Central Minister Nitin Gadkari) শনিবাৰে কৰ্ণাটকৰ বেলাগাভিৰ পৰা এটা জীৱনৰ প্ৰতি ভাবুকিপূৰ্ণ ফোনকল লাভ কৰে । বেলাগাভিৰ হিন্দালাগা কেন্দ্ৰীয় কাৰাগাৰৰ এজন কয়দীয়ে গাডকাৰীৰ মোবাইল ফোনত ফোন কৰি তেওঁ মৃত্যুৰ ভাবুকি প্ৰদান কৰে আৰু ধনদাবী কৰে (Central Minister Gadkari gets death threats) । আৰক্ষীৰ সূত্ৰত এইকথা প্ৰকাশ ।

উক্ত ভাবুকিৰ পিছতে নীতিন গাডকাৰীয়ে এই বিষয়টো মহাৰাষ্ট্ৰৰ নাগপুৰ আৰক্ষীৰ দৃষ্টিগোচৰ কৰে । তাৰ পিছতে নাগপুৰ আৰক্ষীয়ে শনিবাৰে অভিযুক্তজনক বিচাৰি হিন্দালাগা কাৰাগাৰলৈ যায় (Nagpur police search operation in Hindalaga jail) । দেওবাৰে দ্বিতীয়দিনাও অভিযুক্তৰ অনুসন্ধান অব্যাহত থকা বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে । হিন্দালাগা কাৰাগাৰত আৰক্ষীয়ে তালাচী অভিযান চলাই আছে ।

এই তালাচী অভিযানত কোলহপুৰ, চাংলি আৰু বেলাগাভি মহানগৰ আৰক্ষীয়ে নাগপুৰ আৰক্ষীক সমৰ্থন জনাইছে । শনিবাৰে সন্ধিয়াও আৰক্ষীয়ে কাৰাগাৰত তিনি ঘণ্টা ধৰি তালাচী অভিযান চলাইছিল । অভিযুক্তজনক বিচাৰি উলিওৱাৰ বাবে দ্বিতীয় দিনধৰি তালাচী অভিযান অব্যাহত আছে । আৰক্ষীয়ে লগতে প্ৰকাশ কৰে ।

আনহাতে, শনিবাৰে মহাৰাষ্ট্ৰত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ বাসগৃহ আৰু কাৰ্যালয়ত ফোনৰ ভাবুকি দিয়াৰ পিছত নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰা হৈছে (Security beefed at Nitin Gadkaris residence) । নাগপুৰ আৰক্ষী বিষয়াই শনিবাৰে কয় যে খামলা অঞ্চলত গাডকাৰীৰ জনসম্পৰ্ক কাৰ্যালয়ৰ লেণ্ডলাইন নম্বৰত পুৱা ১১.২৫ বজাৰ পৰা ১২.৩০ বজাৰ ভিতৰত তিনিটা ভাবুকিৰ ফোন আহে । তাৰ পিছতে বিজেপিৰ জ্যেষ্ঠ নেতা তথা নাগপুৰৰ সাংসদজনৰ ঘৰ আৰু কাৰ্যালয়ত নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰা হৈছে ।

উল্লেখ্য, ইয়াৰ পূৰ্বে উত্তৰ মণ্ডলৰ আইজিপি (North Zone IGP) আলোক কুমাৰক হিন্দালাগা কেন্দ্ৰীয় কাৰাগাৰৰ বন্দীসকলে মৃত্যুৰ ভাবুকি দিছিল । অৱশ্যে আৰক্ষীয়ে তথা কাৰাগাৰ কৰ্তৃপক্ষই বহুতো আকস্মিক অভিযান চলালেও কাৰাগাৰত মোবাইল ফোনৰ ব্যৱহাৰ বন্ধ হোৱা নাই । কেইদিনমান পূৰ্বে গৃহমন্ত্ৰী অৰাগা জ্ঞানেন্দ্ৰই কাৰাগাৰখন পৰিদৰ্শন কৰিছিল ।

উল্লেখ্য যে পথ, পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী গাডকাৰী বৰ্তমান মকৰ সংক্ৰান্তি উৎসৱ উদযাপনৰ বাবে নাগপুৰত আছে (Nitin Gadkari in Nagpur)৷ তাৰ পূৰ্বে তেওঁ গ্ৰেটাৰ নয়ডাত অনুষ্ঠিত অ'টো এক্সপো-২০২৩-ৰ উদ্বোধন কৰে (Auto Expo 2023 in Greater Noida) ৷ উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি গাডকাৰীয়ে কয় যে ভাৰত শীঘ্ৰেই তৃতীয় সৰ্ববৃহৎ অ'টোমোবাইল নিৰ্মাতা হ'বলৈ সাজু হৈছে আৰু ৭.৫ লাখ কোটি টকাৰ অ'টোমোবাইল উদ্যোগটো ৫০ লাখ কোটি টকাৰ বজাৰলৈ সম্প্ৰসাৰিত হোৱাৰ সম্ভাৱনা আছে ৷

প্ৰণিধানযোগ্য যে বিগত বৰ্ষৰ ৩১ ডিচেম্বৰত নাগপুৰস্থিত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (RSS) মুখ্য কাৰ্যালয়লৈও একেধৰণৰ ভাবুকিভৰা ফোনকল আহিছিল (Threat call to RSS office) ৷ সেইদিনা দুপৰীয়া ১ বজাত আৰক্ষী নিয়ন্ত্ৰণ কক্ষত এটা ফোনকল পোৱা গৈছিল, য'ত এজন ব্যক্তিয়ে মহল অঞ্চলৰ আৰ এছ এছৰ মুখ্য কাৰ্যালয় বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দিছিল । ইয়াৰ পিছতে এটা বোমা চিনাক্তকৰণ আৰু নিষ্কাশন দলে স্নিফাৰ ডগ লৈ সমগ্ৰ অঞ্চলটো পৰীক্ষা কৰে যদিও সন্দেহজনক একো লাভ কৰা নগ'ল ৷

লগতে পঢ়ক :S Jaishankars Statement: শক্তি প্ৰয়োগ কৰি কোনেও সলনি কৰিব নোৱাৰে ভাৰতৰ স্থিতি: জয়শংকৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.