ETV Bharat / bharat

মেডিকেল কলেজত সংৰক্ষিত আসনৰ সংখ্যা বৃদ্ধি - Reservation Seats

কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তমৰ্মে মেডিকেল কলেজ (Medical College)ত নামভৰ্তিৰ ক্ষেত্ৰত EWS আৰু OBC ৰ শিক্ষাৰ্থীসকলৰ বাবে সংৰক্ষিত আসন (Reservation Seats)ৰ সংখ্যা বৃদ্ধি কৰা হৈছে ৷ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় (Ministry of Health and Family Welfare)য়ে এই কথা সদৰী কৰে ৷ কেন্দ্ৰীয় চৰকাৰে কৰা এই সংস্কৰণত মুঠ 5,550 গৰাকী চিকিৎসা (Medical Student) বিভাগৰ শিক্ষাৰ্থী লাভৱান হ’ব ৷

reservation in medical course for OBC and EWS
মেডিকেল শিক্ষাৰ্থীৰ সংৰক্ষিত আসন
author img

By

Published : Jul 29, 2021, 6:08 PM IST

নেশ্যনেল ডেস্ক, 29 জুলাই : কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে (Ministry of Health and Family Welfare) গ্ৰহণ কৰা এক পদক্ষেপ অনুসৰি মেডিকেল কলেজ (Medical College)ত নামভৰ্তিৰ ক্ষেত্ৰত OBC ত অন্তৰ্ভুক্ত শিক্ষাৰ্থীসকলৰ বাবে কেন্দ্ৰই সংৰক্ষিত আসনৰ (Reservation Seats) সংখ্যা 27 খন আৰু EWS শিক্ষাৰ্থীসকলৰ বাবে আসনৰ সংখ্যা 10 শতাংশ বৃদ্ধি কৰিছে ৷ ‘All India Quota Scheme’ৰ অধীনত স্নাতক (Under Graduate), স্নাতকোত্তৰ মেডিকেল (Post Graduate Medical) আৰু দন্ত চিকিৎসা পাঠ্যক্ৰম (Dental Courses)ৰ বাবে কেন্দ্ৰই এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জানিবলৈ দিয়ে ৷

চলিত শিক্ষাবৰ্ষ 2021-22 ৰ পৰা MBBS/MD/MS/Diploma/BDS/MDS পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত EWS আৰু OBC শিক্ষাৰ্থীসকলৰ বাবে গ্ৰহণ কৰা হৈছে এই সুবিধা । এই সংস্কাৰে 5,550 গৰাকী চিকিৎসা (Medical Student) বিভাগৰ শিক্ষাৰ্থীক লাভান্বিত কৰিব । স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ এক বিবৃতিত কোৱা হৈছে, EWS আৰু OBC দুয়োটাতে উপযুক্ত সংৰক্ষিত আসন প্ৰদান কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ ।

লগতে পঢ়ক : সীমান্তমুখী মন্ত্ৰী অতুল বৰাৰ কনভয় দুৰ্ঘটনাগ্ৰস্ত : 5 নিৰাপত্তাৰক্ষী আহত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.