ETV Bharat / bharat

AAP criticized GoI: দিল্লী চৰকাৰৰ বন মহোৎসৱ HIJACK কৰিছে কেন্দ্ৰীয় চৰকাৰে : গোপাল ৰায়

author img

By

Published : Jul 24, 2022, 6:12 PM IST

কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সৰৱ দিল্লীৰ বনমন্ত্ৰী গোপাল ৰায় (Delhi Forest Minister Gopal Rai criticizes central government)। ৰাজ্য চৰকাৰৰ কাৰ্যসূচীক বিজেপিয়ে ৰাজনৈতিক কাৰ্যসূচীলৈ ৰূপান্তৰিত কৰাৰ চেষ্টা কৰাৰ অভিযোগ বন মন্ত্ৰীৰ । কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত আৰক্ষীয়ে লগাইছে নৰেন্দ্ৰ মোডীৰ পোষ্টাৰ ।

Van Mahotsav
দিল্লী চৰকাৰৰ বন মহোৎসৱ HIJACK কৰিছে কেন্দ্ৰীয় চৰকাৰে

নেশ্যনেল ডেস্ক,২৪ জুলাই : দেশৰ ৰাজধানী দিল্লীত অৰবিন্দ কেজৰিৱালৰ আম আদমী পাৰ্টিয়ে শক্তিশালী ৰূপত শাসন চলাই থকা দেখা গৈছে । যাৰ বাবে কেন্দ্ৰত থকা বিজেপিয়েও আপক পৰাস্ত কৰিবলৈ সক্ষম হোৱা নাই । আনকি এইটো কাৰণে দিল্লী আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত বিভিন্ন সময়ত মনোমালিন্য হোৱা দেখা যায় । দিল্লী চৰকাৰেও কেন্দ্ৰৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন সময়ত অভিযোগৰ আঙুলি তুলি আহিছে । এইবাৰ আপ চৰকাৰৰ আন এক গুৰুতৰ অভিযোগ মোডী চৰকাৰৰ বিৰুদ্ধে ।

কেন্দ্ৰীয় চৰকাৰে দিল্লী চৰকাৰৰ বন মহোৎসৱৰ কাৰ্যসূচী হাইজেক কৰাৰ চেষ্টা কৰিছে (Centre tried to hijack Van Mahotsav event of Delhi government)। এই অভিযোগ দিল্লী চৰকাৰৰ বনমন্ত্ৰী গোপাল ৰায়ৰ । তেওঁৰ অভিযোগ দিল্লী চৰকাৰৰ উক্ত কাৰ্যসূচীত দিল্লী আৰক্ষীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পোষ্টাৰ লগাইছিল । যাৰ বাবে কেজৰিৱাল চৰকাৰৰ উদ্যোগত আয়োজিত অনুষ্ঠানটো নৰেন্দ্ৰ মোডীৰ বাবে এক ৰাজনৈতিক অনুষ্ঠানলৈ পৰিণত হয় । সেয়েহে উক্ত অনুষ্ঠানত দিল্লীৰ মুখ্যমন্ত্ৰী আৰু তেওঁ অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছে ।

উল্লেখ্য যে আম আদমী চৰকাৰৰ উদ্যোগত আয়োজিত বন মহোৎসৱৰ দেওবাৰে অন্ত পৰিব । য'ত মুখ্য অতিথি হিচাপে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু ৰাজ্যপাল উপস্থিত থকাৰ কথা আছে । বনমন্ত্ৰীগৰাকী টুইটযোগে ক্ষোভ প্ৰকাশ কৰি কয় যে অনুষ্ঠানৰ পূৰ্বে অতি দুৰ্ভাগ্যজনক যোৱা নিশা প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ নিৰ্দেশত আৰক্ষীয়ে চৰকাৰী কাৰ্যসূচীক এক ৰাজনৈতিক কাৰ্যসূচীলৈ ৰূপান্তিৰত কৰিছে ।

তেওঁ দাবী কৰা মতে দিল্লী আৰক্ষীয়ে অনা প্ৰধানমন্ত্ৰী মোডীৰ পোষ্টাৰবোৰ কোনো লোককে স্পৰ্শ নকৰিবলৈও সতৰ্ক কৰি দিয়ে । বনমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে এই কাৰ্যই এটা কথা প্ৰমাণ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কেজৰিৱালক ভয় কৰে (Delhi Forest Minister Gopal Rai criticizes central government)। দিল্লীৰ আপ চৰকাৰক বদনাম কৰাৰো চেষ্টা কৰিছে বুলি তেওঁ অভিযোগ কৰে । তেওঁৰ মতে চৈতেন্দ্ৰ জৈনক মিছা অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে আৰু এতিয়া উপ-মুখ্যমন্ত্ৰী মনীষ চিছোডিয়াকো গ্ৰেপ্তাৰ কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে বিজেপিয়ে ।

আৰক্ষীয়ে প্ৰধানমন্ত্ৰী পোষ্টাৰ লগোৱা কাৰ্যক গৰিহণা দিয়াৰ লগতে বনমন্ত্ৰীগৰাকীয়ে কয় যে আৰক্ষীয়ে জনসাধাৰণৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰিব লাগে । তাৰ পৰিৱৰ্তে প্ৰধানমন্ত্ৰী মোডীৰ বেনাৰ লগোৱা উচিত নহয় বুলিও তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক :West Bengal SSC scam : আদালতত হাজিৰ কৰোৱা হ'ব অৰ্পিতা মুখাৰ্জীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.