ETV Bharat / bharat

ত্ৰিপুৰাত ষ্টীল ষ্টকয়াৰ্ড স্থাপনৰ পৰিকল্পনা কেন্দ্ৰীয় চৰকাৰৰ

author img

By

Published : Sep 26, 2021, 1:12 PM IST

ত্ৰিপুৰাৰ ভ্ৰমণৰ সময়ত ভাৰতৰ তীখা মন্ত্ৰী ৰাম চন্দ্ৰ প্ৰসাদ সিঙে ৰাজ্যখনৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে । ষ্টীলৰ চাহিদাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি ত্ৰিপুৰাত ষ্টীল ষ্টকয়াৰ্ড স্থাপনৰ পোষকতা কৰে মন্ত্ৰীগৰাকীয়ে ।

Minister of steel
ত্ৰিপুৰাত ষ্টীল ষ্টকয়াৰ্ড স্থাপনৰ পৰিকল্পনা কেন্দ্ৰীয় চৰকাৰৰ

আগৰতলা, ২৬ ছেপ্টেম্বৰ : ত্ৰিপুৰাত স্থাপন হ'ব এটা নতুন ষ্টীল ষ্টকয়াৰ্ড । এই ঘোষণা ভাৰতৰ তীখা মন্ত্ৰী ৰাম চন্দ্ৰ প্ৰসাদ সিঙৰ । শুকুৰবাৰে ত্ৰিপুৰাৰ এখন ব্যক্তিগত হোটেলত সংবাদমেল সম্বোধন কৰি অৰ্থনৈতিক ক্ষেত্ৰ হিচাপে ঘোষণা কৰা ত্ৰিপুৰাৰ চাবৰুমত ষ্টীল ষ্টকয়াৰ্ড স্থাপনৰ পৰিকল্পনাৰ বিষয়ে অৱগত কৰে । ত্ৰিপুৰাৰ বহু শীৰ্ষ বিষয়াৰ সৈতে উচ্চ পৰ্যায়ৰ এক বৈঠকত মিলিত হৈছে মন্ত্ৰীগৰাকী ।

বৈঠকতে ত্ৰিপুৰাৰ উন্নয়নৰ বিষয়সমূহ আলোচনা কৰা হৈছে আৰু অনাগত দিনত তীখাৰ প্ৰয়োজনীয়তাৰ কথা চিন্তা কৰি ষ্টকয়াৰ্ড স্থাপনৰ সিদ্ধান্ত লোৱা বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । মন্ত্ৰী সিঙৰ মতে বাংলাদেশৰ সৈতে ৰাজ্যখনক সংযোগ কৰিবলৈ নতুন পথ মুকলি কৰা হ'ব আৰু চিটাগং বন্দৰৰ প্ৰৱেশাধিকাৰ সহজ কৰা হ'ব ।

আন্তঃগাঁথনিৰ ক্ষেত্ৰত যিহেতু তীখা অতি গুৰুত্বপূৰ্ণ উপাদান সেয়ে ৰাজ্যখনত ষ্টকয়াৰ্ডৰ আৱশ্যকতাৰ কথা চিন্তা কৰিছে ষ্টীল অথৰিটি অৱ ইণ্ডিয়াই (SAIL)। মন্ত্ৰীগৰাকীৰ মতে বিষয়টো এতিয়াও আলোচনাৰ মাধ্যমত আছে । এই সন্দৰ্ভত যিকোনো প্ৰতিশ্ৰুতি দিয়াৰ পূৰ্বে এক পুংখানুপুংখ অধ্যয়ন কৰাৰ প্ৰয়োজন বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ।

ইফালে ৰাজ্য চৰকাৰে বিগত তিনি বছৰত বহু সফলতা অৰ্জন কৰা বুলিও উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । তেওঁৰ মতে বিপ্লব কুমাৰ দেৱৰ নেতৃত্বত ত্ৰিপুৰাত এক নতুন দিগন্তৰ সূচনা হৈছে ।

তেওঁ জানিব পৰা মতে ত্ৰিপুৰাত ২ লাখ প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ ঘৰ আছে, ৰবৰ খেতি সম্প্ৰসাৰণ কৰা হৈছে আৰু ৰাজ্যখন যথেষ্ট পৰিমাণে উন্নয়নৰ দিশে আগবাঢ়িছে ৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সন্ধিয়া সচিবালয়ত মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱৰ (Biplab Kumar Deb) সৈতে এক বিশেষ বৈঠকত মিলিত হয় । য'ত ৰাজ্যখনৰ উন্নয়নৰ সম্ভাৱনা সম্পৰ্কে বিভিন্ন বিষয় আলোচনা কৰা হয় ।

লগতে পঢ়ক : মণিপুৰত মাৰণাস্ত্ৰসহ আটক NSCN, কুকি উগ্ৰপন্থী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.