ETV Bharat / bharat

BJP on WB Violence : কেন্দ্ৰীয় বাহিনী ইচ্ছাকৃতভাৱে মোতায়েন কৰা হোৱা নাছিল; বংগৰ হিংসা সন্দৰ্ভত বিজেপি - Violence in West Bengal panchayat election

জিলা দণ্ডাধীশসকলক ২৪ ঘণ্টাৰ ভিতৰত পঞ্চায়ত নিৰ্বাচনৰ হিংসা আৰু মৃত্যুৰ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ ওচৰত প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছে । চৰকাৰীভাৱে মৃত্যুৰ সংখ্যা ১০ জন যদিও নিৰ্বাচনী হিংসাত ১৮ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে ।

BJP on WB Violence
BJP on WB Violence
author img

By

Published : Jul 9, 2023, 8:09 PM IST

নিউজ ডেস্ক, ৯ জুলাই : শনিবাৰে পশ্চিমবংগৰ পঞ্চায়ত নিৰ্বাচনত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ এদিন পিচত ভাৰতীয় জনতা পাৰ্টীয়ে অভিযোগ কৰে যে নিৰ্বাচনত কেন্দ্ৰীয় বাহিনীক ইচ্ছাকৃতভাৱে মোতায়েন কৰা হোৱা নাছিল । আনহাতে, বিএছএফে অভিযোগ কৰে যে সংবেদনশীল বুথবোৰৰ বিৱৰণ তেওঁলোকক দিয়া হোৱা নাছিল । ইফালে শাসকীয় তৃণমূল কংগ্ৰেছে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে সশস্ত্ৰ বাহিনী নিযুক্তি দিয়া হ'লেও হিংসা সংঘটিত হ'ব পাৰে ।

বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি দিলীপ ঘোষৰ মতে, সংবেদনশীল বুথসমূহত কেন্দ্ৰীয় বাহিনী মোতায়েন কৰা হ'লে হিংসা প্ৰতিৰোধ কৰিব পাৰিলেহেঁতেন । সংবেদনশীল বুথসমূহত বাহিনীসমূহ ইচ্ছাকৃতভাৱে মোতায়েন কৰা হোৱা নাই বুলি অভিযোগ কৰি ঘোষে কয় যে বাহিনীবোৰক হয় আৰক্ষী থানাত ৰখা হৈছিল বা ঘাইপথত টহল দিয়াতে নিয়োজিত কৰা হৈছিল । আদালতৰ নিৰ্দেশনা সত্ত্বেও কেন্দ্ৰীয় বাহিনীক সঠিকভাৱে মোতায়েন কৰা হোৱা নাছিল বুলি তেওঁ লগতে কয় ।

আনহাতে, এই অভিযোগৰ প্ৰত্যুত্তৰত টিএমচিৰ মুখপাত্ৰ কুনাল ঘোষে কয় যে কেন্দ্ৰীয় বাহিনী মোতায়েনে হিংসামুক্ত নিৰ্বাচনৰ নিশ্চয়তা নিদিয়ে । তেওঁ আঙুলিয়াই দিয়ে যে ২০২১ চনৰ বিধানসভা নিৰ্বাচনত কেন্দ্ৰীয় বাহিনীৰ হাততে চাৰিজন লোক নিহত হৈছিল ।

এক সংবাদমেলত ঘোষে টিএমচিমন্ত্ৰী ড৹ শশী পাঞ্জা আৰু ব্ৰত্য বসুৰ সৈতে এই হিংসাত্মক ঘটনাক গৰিহণা দি কয় যে যিকোনো মৃত্যু দুখজনক । লগতে শনিবাৰৰ ব্যাপক হিংসাৰ অভিযোগক খণ্ডন কৰে । "বিৰোধীয়ে দেখুৱাবলৈ চেষ্টা কৰি আছে যে হিংসাই সমগ্ৰ ভোটদান প্ৰক্ৰিয়াটো বিঘ্নিত কৰিছে । কিন্তু বাস্তৱত কেইটামান ঘটনাক বাদ দি ভোটদান সামগ্ৰিকভাৱে শান্তিপূৰ্ণ আছিল ।" ঘোষে কয় ।

অৱশ্যে যদিও নিৰ্বাচন সম্পৰ্কীয় ঘটনাত চৰকাৰীভাৱে মৃত্যুৰ সংখ্যা আছিল ১০ জন, শনিবাৰে নিৰ্বাচনী হিংসাত ১৮ জন লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে ।

ইয়াৰ পূৰ্বে দক্ষিণ বংগ সীমান্তৰ বিএছএফৰ ডিআইজি এছ এছ গুলেৰিয়াই কৈছিল যে পশ্চিমবংগ ৰাজ্যিক নিৰ্বাচন আয়োগে তেওঁলোকক কেৱল সংবেদনশীল বুথৰ সংখ্যা প্ৰদান কৰে, কিন্তু সেই বুথবোৰৰ অৱস্থান বা অন্যান্য বিৱৰণ দিয়া নাছিল ।

উল্লেখ্য যে শনিবাৰৰ হিংসাত্মক সংঘৰ্ষৰ সাক্ষী হিচাপে মুৰ্শিদাবাদৰ এটা নলাৰ পৰা তিনিটা বেলট বাকচ উদ্ধাৰ কৰা হয় । ইফালে আয়োগে ২৪ ঘণ্টাৰ ভিতৰত জিলা দণ্ডাধীশৰ পৰা মৃত্যুৰ বিষয়ত বিতং প্ৰতিবেদন বিচাৰিছে । শেহতীয়া পঞ্চায়ত নিৰ্বাচনত ৰাজ্যখনত ৬৬.২৮ শতাংশ ভোটদান হয় ।

লগতে পঢ়ক :West Bengal Panchayat polls: স্পৰ্শকাতৰ বুথৰ সবিশেষ প্ৰদান কৰা হোৱা নাছিল বি এছ এফক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.