ETV Bharat / bharat

CBN raid: আহমেদাবাদত CBI ৰ অভিযানত কোটিৰোধিক নিচাজাতীয় টেবলেট জব্দ - নিচাজাতীয় ঔষধ জব্দ

আহমেদাবাদ জিলাৰ চাংগোদৰত চলিল চেণ্ট্ৰেল ব্যুৰো অৱ নাৰ্কটিক্সেৰ অভিযান (Central Bureau of Narcotics raids Ahmedabad) ৷ এই অভিযানত ২০ কোটিৰোধিক নিচাজাতীয় টেবলেট জব্দ কৰাৰ লগতে বৰ্তমান পৰ্যন্ত 8 জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷

Central Bureau of Narcotics raids Ahmedabad
চাংগোদৰত CBI ৰ অভিযান
author img

By

Published : Apr 24, 2023, 2:05 PM IST

নেশ্যনেল ডেস্ক, 24 এপ্ৰিল : চেণ্ট্ৰেল ব্যুৰো অৱ নাৰ্কটিক্সে আহমেদাবাদ জিলাৰ চাংগোদৰত অভিযান চলাই বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় (Drugs seized at Ahmedabad)। মন কৰিবলগীয়া যে, চেণ্ট্ৰেল ব্যুৰো অৱ নাৰ্কটিক্সে চলোৱা অভিযানত বিগত ছমাহত ২০ কোটিৰোধিক নিচাজাতীয় টেবলেট জব্দ কৰাৰ তথ্য লাভ কৰা হৈছে ৷

তথ্য অনুসৰি, চেণ্ট্ৰেল ব্যুৰো অৱ নাৰ্কটিক্সে (Central Bureau of Investigation) 2022 চনৰ নৱেম্বৰ মাহত দিল্লীত আৰু 2023 চনৰ মাৰ্চ মাহত ৰাজস্থানত এক অভিযান চলাই 5 জন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল । আনকি এই পৰ্যন্ত মুঠ 8 জন লোকক আটক কৰিছে চেণ্ট্ৰেল ব্যুৰো অৱ নাৰ্কটিক্সৰ বিষয়াই ৷

ইফালে অন্য এক গোপন তথ্যৰ আধাৰত উক্ত দুয়োটা গোচৰ সন্দৰ্ভত তদন্তৰ বাবে চেণ্ট্ৰেল ব্যুৰো অৱ নাৰ্কটিকছৰ দলটোৱে চাংগোদৰত উপস্থিত হয় ৷ উক্ত বিষয়টোৰ তদন্ত কৰি থাকোতে অভিযানকাৰী দলটোৱে চাংগোদৰৰ পুষ্কৰ আৰু উদ্যোগিক উদ্যানতো উপস্থিত হয় (Central Bureau of Narcotics raids Ahmedabad) ।

Central Bureau of Narcotics raids Ahmedabad
চাংগোদৰত CBI ৰ অভিযান

তাৰ পাচতে চেণ্ট্ৰেল ব্যুৰো নাৰ্কটিকছৰ দলটোৱে চাংগোদৰত এক কোটি টকাৰ নিচাজাতীয় ঔষধ জব্দ কৰিবলৈ সক্ষম হয় ৷ লগতে এই ঔষধৰ অৰ্ডাৰ দিছিল ভি কেয়াৰ হেল্থকেয়াৰ কোম্পানীৰ মালিকে বুলি জানিব পৰা গৈছে । ইফালে উক্ত ঘটনাৰ তদন্ত কৰিবলৈ গৈ লাভ কৰা তথ্য অনুসৰি, ঔষধ ক্ৰয় কৰা এই কোম্পানীটোৰ মালিকক ছত্তীশগড় আৰক্ষীয়ে অন্য এটা গোচৰত গ্ৰেপ্তাৰ কৰি ৰায়পুৰ কাৰাগাৰত বন্দী কৰি ৰাখিছে ।

কেন্দ্ৰীয় ব্যুৰো নাৰ্কটিক্সৰ অধীক্ষক এছ.পি. সিঙে কয় যে উক্ত দুটা গোচৰত নিচাযুক্ত দ্ৰব্যৰ পৰিমাণৰ তথ্যৰ ভিত্তিত অভিযান চলাই এক কোটিতকৈ অধিক ঔষধ জব্দ কৰা হৈছে । যাৰ বজাৰ মূল্য 20 কোটিতকৈও অধিক । এই গোচৰৰ মূল অভিযুক্ত বৰ্তমান অন্য এক অপৰাধৰ বাবে কাৰাগাৰত বন্দী হৈ আছে আৰু এই সন্দৰ্ভত আন এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ বাবে দলটোৱে প্ৰচেষ্টা অব্যাহত ৰাখিছে ।

লগতে জব্দকৃত ড্ৰাগছ সন্দৰ্ভত কেন্দ্ৰীয় ব্যুৰো নাৰ্কটিক্সৰ অধীক্ষকগৰাকীয়ে কয় যে 4455000 হাজাৰ মূল্যৰ চাইকোট্ৰপিক মেডিচিন আৰু 5787000 মূল্যৰ ট্ৰেমাডল কেপচুল জব্দ কৰা হৈছে । মুঠতে 1 কোটি 2 লাখ 42 হাজাৰ 652 কেপচুল জব্দ কৰা হৈছে । যাৰ বজাৰ মূল্য 20 কোটিতকৈও অধিক । এই ঔষধসমূহ মেহছানাৰ পৰা বিভিন্ন ৰাজ্যলৈ প্ৰেৰণ কৰিছিল অভিযুক্তই । বৰ্তমান এই সন্দৰ্ভত কেন্দ্ৰীয় ব্যুৰো নাৰ্কটিক্স ব্যুৰোই তদন্তৰ অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : Allegation against ASC officer: উদণ্ড ACS বিষয়াৰ কু কীৰ্তিৰ তথ্য প্ৰমাণ আৰক্ষীক দিলে পত্নীৰ পৰিয়ালে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.