ক'ভিড মহামাৰীৰ মহা সংকটৰ সময়ত বিৰোধী দল সমূহে অতি দায়িত্বশীল ভাৱে কাম কৰি আছে । প্ৰায় দহদিন আগতে সকলো বিৰোধী দলে কেন্দ্ৰীয় চৰকাৰক সকলো চিকিৎসালয়লৈ অক্সিজেনৰ নিৰন্তৰ সৰবৰাহ আৰু সমগ্ৰ দেশতে সামগ্ৰীক কৰ’ণা প্ৰতিশেধক প্ৰদানৰ বাবে অনুৰোধ জনাইছিল । এই অনুৰোধৰ প্ৰতি নিৰুৎসাহ দেখুওৱাৰ পিছত চাৰিখন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু 12 টা বিৰোধী দলে এই অনুৰোধক গুৰুত্ব সহকাৰে লোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ পুনৰ পত্ৰও প্ৰেৰণ কৰে ।
ক'ভিড মহামাৰীৰ লগত যুঁজাৰ বাবে বাজেটত নিৰ্ধাৰণ কৰা 35,000 কোটি টকা শীঘ্ৰেই মুকলাই দিয়াৰ দাবী কৰাৰ উপৰিও বিৰোধী দল সমূহে কেন্দ্ৰীয় চৰকাৰক ভাইৰাছৰ বিৰুদ্ধে যুঁজা তথা ভাইৰাছটোক নিৰ্মূল কৰাৰ বাবেও অনুৰোধ জনাইছে । এক ভয়লগা আৰু দুখজনক পৰিস্থিতিত পৰি সকলো বিৰোধী দলেই কেন্দ্ৰীয় চৰকাৰৰ ওপৰত একেলগে হেঁচা দিয়া দেখা গৈছে ।
কৰ’ণা প্ৰতিশেধক উৎপাদনৰ বাবে জনাজাত হোৱা দেশখনত আজি কৰ’ণা প্ৰতিশেধকৰ নাটনি হোৱা আৰু ইয়াৰ অভাৱ নিশ্চয়কৈ সঠিক পৰিকল্পনাৰ অভাৱকেই প্ৰমাণিত কৰে । যোৱা কিছু দশক ধৰি আমাৰ দেশে বহু ৰাষ্ট্ৰীয় কৰ’ণা প্ৰতিশেধক প্ৰদান আঁচনি ৰূপায়ন কৰি আহিছে ।
অলপতে সৰ্বোচ্চ ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক প্ৰশ্নও কৰিছে যে, কিয় কৰ’ণা প্ৰতিশেধক প্ৰদানৰ বাবে আন আন প্ৰতিশেধক প্ৰদান আঁচনিৰ দৰে আঁচনি হাতত লোৱা হোৱা নাই । ন্যায়ালয়ে মহামৰীয়ে আৰ্থিক সংকটৰ মুখলৈ ঠেলি দিয়া দুখীয়া শ্ৰেণীৰ লোক সকলক প্ৰতিশেধক প্ৰদানৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব সেই বিষয়েও চৰকাৰক প্ৰশ্ন কৰে । এই সময়ত বিৰোধী দল সমূহৰ সংবিধানে প্ৰদান কৰা জীৱনৰ প্ৰতি সুৰক্ষাৰ অধিকাৰ ৰক্ষাৰ বাবে কৰা দাবী নিশ্চয়কৈ সমর্থনযোগ্য ।
এই সময়ত পৰিস্থিতি বিশ্লেষণ কৰিলে দেখা যায় যে,কৰ’ণা প্ৰতিশেধকৰ অভাৱ জুলাই মাহলৈকে থকাটো স্বাভাৱিক আৰু আনহাতে অক্সিজেনৰ নাটনি আৰু আন আন জীৱনদায়ীনি ঔষধৰ অভাৱৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰ সমূহক বিশ্বাসত লৈ পৰিস্থিতি চম্ভালাৰ চেষ্টা কৰাটো খুবেই প্ৰয়োজনীয় ।
আজি কিছুদিন আগতে 14 মাহৰ বিৰতিৰ অন্তত ইংলেণ্ডে ক'ভিডৰ মৃত্যুৰ হাৰ শূন্য বুলি ঘোষণা কৰিছে । কিন্তু এতিয়াও ভাৰতৰ কমেও 13 খন ৰাজ্যত ক'ভিড ৰোগীৰ মৃত্যুৰ সংখ্যা 1 লাখতকৈ অধিক । আমাৰ দেশত এতিয়া থকা 2.37 কোটি ক'ভিড পজিটিভ ৰোগী আৰু 2.6 লাখ লোকৰ মৃত্যুৰ সংখ্যাই প্ৰমাণ কৰে যে, ক'ভিড জৰিত মৃত্যুৰ হাৰ এতিয়াও 4000 ৰ তললৈ যোৱা নাই । এই পৰিস্থিতিত ইণ্ডিয়ান কাউঞ্চিল অৱ মেডিকেল ৰিচাৰ্ছে 8 সপ্তাহৰ লক ডাউন ঘোষণা কৰাৰ পোষকতা কৰিছে, য'ত 10 শতাংশতকৈ বেছি পজিটিভ ৰোগী আছে ( প্ৰায়য় 500 খন জিলাত) ।
যদি সঁচাকৈয়ে 2 মাহৰ বাবে লক ডাউন ঘোষণা কৰা হয়, তেন্তে যোৱা বছৰৰ লক ডাউনৰ ফলত আৰ্থিক সংকটত ভোগা লোকসকলৰ কি অৱস্থা হ'ব সেইয়া ভাবিব লগীয়া বিষয় । প্ৰখ্যাত অৰ্থনীতিবিদ জিন ডেৰেজে ইতিমধ্যেই সকিয়নী দিছে যে, ভাৰত বৰ্ষত সাংঘাটিক জীৱিকাৰ সংকট আহি পৰিছে । বেছি সংখ্যক লোকেই নিজৰ সাচতীয়া ধন ক'ভিডৰ নামত শেষ কৰা বুলি উল্লেখ কৰি জিন ডেৰেজে এই সমস্যাৰ বাবে কিছু পৰামৰ্শ আগবঢাইছে । ভুক্তভোগী সকলক সাহাৰ্য্য সামগ্ৰী প্ৰদানৰ বাহিৰেও ডেৰেজে টকা পইচাও দিয়াৰ বাবে পৰামৰ্শ আগবঢ়াইছে, যাতে দুখীয়া লোক সকলে ইয়াৰ দ্বাৰা লভান্বিত হ'ব পাৰে ।
উল্লেখনীয় যে, আমেৰিকাৰ জ' বাইডেন চৰকাৰে 138 লাখ কোটি টকাৰ অনুদান নিজৰ দেশৰ নাগৰিকৰ বাবে আগবঢ়াইছে যাৰ জৰিয়তে প্ৰত্যক্ষ ভাৱে টকা পইছা পোৱাৰ উপৰিও লোকসকলক নিবনুৱা ভাট্টা আৰু সৰু ব্যৱসায়ী সকল লাভাম্বিত হ’ব পাৰে । সৰ্বোচ্চ ন্যায়ালয়ে আমাৰ দেশত ইতিমধ্যেই কেন্দ্ৰীয় চৰকাৰক আদেশ দিছে যাতে বিভিন্ন ৰাজ্যত ৰৈ যোৱা প্ৰব্ৰজিত শ্ৰমিক সকলক ৰেচন দিয়াৰ ব্যৱস্থা কৰা হয় ।
চৰকাৰে নিজেই দ্বায়িত্ব লৈ বিনামূলীয়া ৰেচন যোগানৰ ব্যৱস্থা কৰিব পাৰে, যাতে দুখীয়া আৰু কম আয়ৰ লোকসকল অনাহাৰে মৰিব লগীয়া নহয় । দেশত মজুত থকা খাদ্য সামগ্ৰী সমূহৰ শ্ৰেষ্ঠ ব্যৱহাৰ সুনিশ্চিত কৰিব লাগে যাতে, কোটি কোটি জনসাধাৰণৰ এজনো অনাহাৰে মৰিব লগীয়া অৱস্থা নহয় ।
লগতে পঢ়ক: টাউতেৰ সংহাৰ: গুজৰাটত প্ৰথমজনৰ মৃত্যু