ETV Bharat / bharat

জাতিগত তথ্যক গাপ দি প্ৰকাশিত হৈছিল ২০১১ৰ লোকপিয়ল

author img

By

Published : Feb 10, 2021, 10:28 PM IST

ৰাজ্য়সভাত কেন্দ্ৰীয় মন্ত্ৰীয়ে স্বীকাৰ কৰিলে যে জাতিগত তথ্য় অবিহনে প্ৰকাশিত হৈছিল ২০১১ চনৰ লোকপিয়ল ।

জাতিগত তথ্যক গাপ দি প্ৰকাশিত হৈছিল ২০১১ৰ লোকপিয়ল
জাতিগত তথ্যক গাপ দি প্ৰকাশিত হৈছিল ২০১১ৰ লোকপিয়ল

নিউজ ডেস্ক, ১০ জানুৱাৰী: বুধবাৰে ৰাজ্য়সভাৰ মজিয়াত এক আপত্তিজনক তথ্য় পোহৰলৈ আহে । জাতিগত তথ্য়ক গাপ দি প্ৰকাশিত হৈছিল ২০১১ চনৰ লোকপিয়ল । সদনত এই কথা স্বীকাৰ কৰিলে কেন্দ্ৰীয় মন্ত্ৰী নিত্য়ানন্দ ৰায়ে । তামিলনাডুৰ সাংসদ আনবুমানি ৰামাডোচে চৰকাৰৰ প্ৰতিনিধিক প্ৰশ্ন কৰিছিল যে চৰকাৰে কেতিয়া প্ৰকাশ কৰিব ২০১১ চনৰ সামাজিক-অৰ্থনৈতিক আৰু জাতিগত লোকপিয়ল (এছইচিচি) ।

তেওঁৰ প্ৰশ্নৰ উত্তৰত গৃহ ৰাজ্যিক মন্ত্ৰী নিত্য়ানন্দ ৰায়ে কয় যে, গ্ৰাম্য উন্নয়ন মন্ত্ৰালয় (এমঅ'আৰডি) আৰু গাওঁ আৰু নগৰ অঞ্চলত গৃহ আৰু নগৰ দৰিদ্ৰতা নিবাৰণ মন্ত্ৰালয়ে(এইছইউপিএ) এছইচিচি পৰিচালনা কৰিছিল । লগতে তেওঁ উল্লেখ কৰে যে জাতিগত তথ্য় বাদ দি দুয়োটা বিভাগৰ দ্বাৰা সামাজিক-অৰ্থনৈতিক আৰু জাতি গণনাৰ তথ্য চূড়ান্ত আৰু প্ৰকাশ কৰা হৈছে ।

উল্লেখ যে জাতিগত গণনাৰ বাবে লোকসভাত ইতিমধ্য়ে তীব্ৰ দাবী জনাই আহিছে বিভিন্ন ৰাজনৈতিক দলে । কিন্তু ইয়াৰ মজতে ৰাজ্য়সভাত এই তথ্য় পোহৰলৈ অহাৰ লগে লগে এতিয়া দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক:চাইকেলেৰে দেশ জয় কৰিব মহাৰাষ্ট্ৰৰ সুনীলে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.