ETV Bharat / bharat

সীমান্ত পৰিস্থিতিৰ বুজ ল'বলৈ জম্মুত CDS জেনেৰেল ৰাৱাট

জম্মু খণ্ডত পাকিস্তানৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমান্ত আৰু নিয়ন্ত্ৰণ ৰেখাৰ নিৰাপত্তা পৰিস্থিতি পৰ্যালোচনা কৰিবলৈ জম্মুত উপস্থিত ভাৰবৰ্ষৰ চীফ অফ ডিফেঞ্চ ষ্টাফ জেনেৰেল বিপিন ৰাৱাট । ভাৰতীয় সেনা প্ৰধান জেনেৰেল মনোজ মুকুন্দ নাৰাৱনেয়ে বৃহস্পতিবাৰে ৰাজস্থানৰ পোখৰাণ ভ্ৰমণ কৰি কৰ্পছ অৱ আৰ্টিলাৰীৰ কাৰ্যকৰী প্ৰস্তুতি পৰ্যালোচনা কৰে।

author img

By

Published : Jul 15, 2021, 9:25 PM IST

জম্মুত CDS জেনেৰেল ৰাৱাট আৰু পোখৰাণত সেনা প্ৰধান
CDS visits Jammu to review security

নেশ্যনেল ডেস্ক,১৫ জুলাই : পাকিস্তান আৰু চীনৰ সৈতে সীমান্ত বিবাদ অব্যাহত আছে ভাৰতৰ । বছৰ বছৰ ধৰি আন্তঃৰাষ্ট্ৰীয় সীমান্ত আৰু নিয়ন্ত্ৰণ ৰেখাকলৈ পাকিস্তানৰ সৈতে এক সংঘাতপূৰ্ণ পৰিস্থিতিৰ মুখা মুখি হৈ ভাৰত । যাৰ বাবে বহু সময়ত চীনৰ লগতে পাকিস্তানৰ সৈতে ভাৰতৰ প্ৰতিৰক্ষা বিভাগৰ আলোচনা অব্যাহত আছে ।

ইয়াৰ মাজতে বহু স্থানত ভাৰতীয় সেনা আৰু পাকিস্তানী সেনাৰ সংঘাত অব্যাহত আছে । কেৱল এয়াই নহয় জম্মুৰ বিমান ঘাটিত পাকিস্তানী সন্ত্ৰাসবাদীয়ে শেহতীয়াকৈ ড্ৰোনৰ জৰিয়তে আক্ৰমণ কৰিছে । লগতে সন্ত্ৰাসবাদীক শক্তিশালী কৰাৰ বাবে সীমান্তত ড্ৰোনৰ জৰিয়তে অস্ত্ৰ-শস্ত্ৰ সৰবৰাহ আদিও অব্যাহত ৰাখিছে ।

সন্ত্ৰাসবাদী তথা শত্ৰু পক্ষক কোনো কাৰণতে ৰেহাই দিয়া নহ'ব বুলি ইতিমধ্যে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে ধৰি সেনা শীৰ্ষ বিষয়াসকলে সকীয়নি প্ৰদান কৰিছে । আনকি সীমান্ত অঞ্চললৈ গৈ বিভিন্ন পৰিস্থিতিৰ বুজ লৈছে সেনা প্ৰধানসকলে । এইবাৰ জম্মু খণ্ডত পাকিস্তানৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমান্ত আৰু নিয়ন্ত্ৰণ ৰেখাৰ(LoC) নিৰাপত্তা পৰিস্থিতি পৰ্যালোচনা কৰিবলৈ জম্মুত উপস্থিত ভাৰবৰ্ষৰ চীফ অফ ডিফেঞ্চ ষ্টাফ (CDS) জেনেৰেল বিপিন ৰাৱাট (General Bipin Rawat) । বুধবাৰে সন্ধিয়া জেনেৰেল ৰাৱাট জম্মুত উপস্থিত হয় ।

জম্মুত উপস্থিত হৈ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা কৰে চিডিএছ জেনেৰেল ৰাৱাটে । ড্ৰোন আক্ৰমণৰ দৰে ঘটনাত গৰিহণা দিয়াৰ লগতে সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰে । ড্ৰোনৰ জৰিয়তে ভাৰতলৈ অস্ত্ৰ সৰবৰাহকলৈও তেওঁ উদ্বেগ প্ৰকাশ কৰে ।

ইয়াৰ পূৰ্বে জুন মাহত তেওঁ হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডৰ বিভিন্ন অঞ্চলৰ কেন্দ্ৰীয় খণ্ডত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ কাষৰ এলেকাসমূহ পৰিদৰ্শন কৰিছিল, য'ত তেওঁক সুমদহ (Sumdoh) উপখণ্ডত দেশৰ আঞ্চলিক অখণ্ডতা সুৰক্ষিত কৰাৰ দিশত বাহিনীৰ কাৰ্যকৰী প্ৰস্তুতিৰ বিষয়ে অৱগত কৰা হৈছিল । ইফালে, ভাৰতীয় সেনা প্ৰধান জেনেৰেল মনোজ মুকুন্দ নাৰাৱনেয়ে বৃহস্পতিবাৰে ৰাজস্থানৰ পোখৰাণ ভ্ৰমণ কৰি কৰ্পছ অৱ আৰ্টিলাৰীৰ (Corps of Artillery) কাৰ্যকৰী প্ৰস্তুতি পৰ্যালোচনা কৰে । তেওঁ বোফৰ্ছ আৰু পৰম্পৰাগত ধনুষকে (Dhanush) ধৰি হাউইটজাৰৰ (howitzers) ফায়াৰিং ড্ৰিল প্ৰত্যক্ষ কৰিব ।

লগতে পঢ়ক :দেশত চেঞ্চুৰী কোবালে পেট্ৰ'ল-ডিজেলৰ মূল্যই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.