ETV Bharat / bharat

উচ্চতম ন্যায়ালয়ত দ্বাদশ শ্ৰেণীৰ মূল্যায়ন প্ৰণালী দাখিল কৰিব CBSE য়ে - উচ্চতম ন্যায়ালয়ত দ্বাদশ শ্ৰেণীৰ মূল্যায়ন প্ৰণালী

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ (CBSE)য়ে বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ত দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীৰ মূল্যায়ণ প্ৰণালী (Assessment Formula) দাখিল কৰাৰ সম্ভাৱনা আছে ৷ বিশেষজ্ঞৰ 12 জনীয়া সমিতিৰ প্ৰতিবেদনৰ আধাৰত প্ৰস্তুত কৰা মূল্যাংকন চৰ্ত চলিত সপ্তাহত মুকলি কৰাৰ সম্ভাৱনা থকা বুলি CBSEৰ জ্যেষ্ঠ বিষয়াসকলে আশা প্ৰকাশ কৰে ৷

CBSE to submit Class 12 assessment formula
দ্বাদশ শ্ৰেণীৰ মূল্যায়ন প্ৰণালী দাখিল কৰিব CBSEয়ে
author img

By

Published : Jun 16, 2021, 10:51 PM IST

Updated : Jun 17, 2021, 1:16 PM IST

নেশ্যনেল ডেস্ক,16 জুন : বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ত দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীৰ মূল্যায়ণ প্ৰণালী (Assessment Formula) দাখিল কৰাৰ সম্ভাৱনা কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ (CBSEৰ । CBSEৰ জ্যেষ্ঠ বিষয়াসকলে আশা প্ৰকাশ কৰিছে যে, বিশেষজ্ঞৰ 12 জনীয়া সমিতিৰ প্ৰতিবেদনৰ আধাৰত প্ৰস্তুত কৰা মূল্যাংকন চৰ্ত চলিত সপ্তাহত মুকলি কৰাৰ সম্ভাৱনা আছে ।

উল্লেখ্য যে, দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে ফলাফল আৰু নম্বৰ দিয়াৰ সূত্ৰ প্ৰস্তুত কৰিবলৈ গঠন কৰা হৈছিল এই সমিতিখন । সমিতিখনত শিক্ষা মন্ত্ৰালয়ৰ যুটীয়া সচিব তথা জ্যেষ্ঠ আইএএছ (IAS) বিষয়া বিপিন কুমাৰ (Vipin Kumar)কে ধৰি 12 গৰাকী ব্যক্তি জড়িত হৈ আছে ৷ এই সন্দৰ্ভত 4 জুনত এখন জাননী জাৰি কৰিছিল CBSEয়ে ৷

জাননী জাৰি কৰাৰ সময়ত CBSEৰ পৰীক্ষা নিয়ন্ত্ৰক সান্যাম ভৰদ্বাজ (Sanyam Bhardwaj)য়ে কৈছিল যে, এই সমিতিত 12 গৰাকী সদস্য আছে । এই সমিতিয়ে শিক্ষাৰ্থীসকলক প্ৰচাৰ আৰু তেওঁলোকৰ মাৰ্কশ্বীট (Mark Sheet) প্ৰস্তুত কৰাৰ দায়িত্ব বহন কৰিব ।

সান্যাম ভৰদ্বাজে জাৰি কৰা জাননী অনুসৰি, সমিতিখনে দহ দিনৰ ভিতৰত ইয়াৰ প্ৰতিবেদন প্ৰস্তুত কৰিব লাগিছিল । কিন্তু এই প্ৰতিবেদন দহ দিনৰ ভিতৰত অৰ্থাৎ 14 জুনলৈকে দাখিল কৰা হোৱা নাছিল ৷ সেয়েহে মূল্যাংকনৰ চৰ্ত এতিয়ালৈকে প্ৰকাশ কৰা হোৱা নাই । ক’ভিড(Covid)ৰ সংক্ৰমণ বৃদ্ধিৰ বাবে চৰকাৰে বিগত 1 জুনত দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষা বাতিল কৰিছিল ৷

ইয়াৰোপৰি, উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তক আদৰণি জনাই শিক্ষাৰ্থীসকলৰ মূল্যাংকনৰ বাবে প্ৰয়োগ কৰিব লগা চৰ্তসমূহ জানিব বিচাৰিছিল । CBSEয়ে চাৰি সপ্তাহৰ সময় বিচাৰিছিল, কিন্তু আদালতে কৈছিল যে বিদেশত পঢ়িব বিচৰা শিক্ষাৰ্থীসকলৰ বাবে প্ৰক্ৰিয়াটো বিলম্বিত হ’ব আৰু শিক্ষাৰ্থীসকলক দুসপ্তাহ সময় দিয়া হ’ব । এতিয়া CBSE ব’ৰ্ডে দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলক নম্বৰ প্ৰদানৰ সূত্ৰ প্ৰদান কৰিব লাগিব ।

লগতে পঢ়ক : ত্ৰিপুৰাত বি এল সন্তোষৰ কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠক

Last Updated : Jun 17, 2021, 1:16 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.