নেশ্যনেল ডেস্ক, ৬ জুলাই : কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ (CBSE) বিশেষ ঘোষণা । কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে(CBSE) সোমবাৰে ঘোষণা কৰে যে দশম আৰু দ্বাদশ শ্ৰেণীৰ ২০২১-২২ শিক্ষা বৰ্ষক দুটা ভাগত বিভক্ত কৰা হ'ব ৷ প্ৰতিটো ভাগতে প্ৰায় ৫০ শতাংশ পাঠ্যক্ৰম থাকিব আৰু প্ৰতিটোৰ শেষত বিভাজিত পাঠ্যক্ৰমৰ আধাৰত পৰীক্ষা অনুষ্ঠিত কৰা হ'ব । ২০২১-২২ বৰ্ষৰ ব'ৰ্ড পৰীক্ষাৰ পাঠ্যক্ৰমটো ২০২১ চনৰ জুলাইত প্ৰকাশিত জাননী অনুসৰি একে থাকিব ।
লগতে কোৱা হৈছে যে ক'ভিড মহামাৰীৰ ফলত প্ৰায় সকলো চিবিএছই(CBSE) বিদ্যালয়ে ২০২০-২১ শিক্ষা বৰ্ষৰ বেছিভাগ সময় ভাৰ্চুৱেল প্ৰক্ৰিয়াৰে কাম কৰে । চিবিএছই(CBSE)ৰ বিজ্ঞপ্তি অনুসৰি দশম আৰু দ্বাদশ শ্ৰেণীৰ ২০২১-২২ শিক্ষা বৰ্ষক দুটা ভাগত বিভক্ত কৰা প্ৰক্ৰিয়া বিশেষজ্ঞসকলৰ দ্বাৰা কৰা হৈছে । পৰিষদে লগতে উল্লেখ কৰে যে শিক্ষা বৰ্ষৰ শেষত ব'ৰ্ডে দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে ইতিমধ্যে পদক্ষেপ লোৱা হৈছে । শৈক্ষিক লেনদেনৰ বাবে বিদ্যালয়বোৰে ব'ৰ্ডৰ দ্বাৰা ৩১ মাৰ্চত মুকলি কৰা F.1001/CBSE Acad/Curriculum/2021 চাৰ্কুলাৰ অনুসৰণ কৰিব ।
ইফালে বিদ্যালয়সমূহে পাঠ্যক্ৰমৰ লেনদেনৰ ক্ষেত্ৰত এনচিইআৰটিৰ(NCERT)ৰ বৈকল্পিক শৈক্ষিক কেলেণ্ডাৰ আৰু ইনপুট ব্যৱহাৰ কৰিব লাগিব । পাঠ্যক্ৰমৰ শিক্ষাদানৰ ক্ষেত্ৰত চিবিএছই কৰ্তৃপক্ষই কয় যে ব্যক্তিগতভাৱে অনুমতি নিদিয়ালৈকে বিদ্যালয়সমূহে ভাৰ্চুৱেল প্ৰক্ৰিয়াৰে শিক্ষাদান অব্যাহত ৰাখিব লাগিব ।
নৱম আৰু দশম শ্ৰেণীৰ কথা উল্লেখ কৰি চিবিএছই(CBSE) কৰ্তৃপক্ষই কয় যে, আভ্যন্তৰীণ মূল্যায়নত তিনিটা পেৰিঅ'ডিক পৰীক্ষা (three periodic tests), শিক্ষাৰ্থী সমৃদ্ধি পৰ্টফলিঅ' আৰু ব্যৱহাৰিক কৰ্ম বা স্পিকিং লিচনিং এক্টিভিটিছ প্ৰজেক্ট অন্তৰ্ভুক্ত থাকিব । একাদশ আৰু দ্বাদশ শ্ৰেণীৰ কথা উল্লেখ কৰি চিবিএছইয়ে কয় যে, আভ্যন্তৰীণ মূল্যায়নত বিষয়টোৰ সমাপ্তি বা ইউনিট টেষ্ট অন্বেষণমূলক এক্টিভিটিছ/ ব্যৱহাৰিক/প্ৰজেক্ট অন্তৰ্ভুক্ত থাকিব । বিজ্ঞপ্তিত উল্লেখ থকা মতে, বিদ্যালয়সমূহে বছৰটোত কৰা সকলো মূল্যায়নৰ বাবে এক শিক্ষাৰ্থী প্ৰ'ফাইল বনাব আৰু ডিজিটেল ফৰ্মেটত প্ৰমাণ হিচাপে ৰাখিব ।
চিবিএছই(CBSE)য়ে বিদ্যালয়সমূহক চিবিএছই আইটি প্লেটফৰ্মত (CBSE IT platform) আভ্যন্তৰীণ মূল্যায়নৰ নম্বৰ আপলোড কৰাত সহায় কৰিব । সকলো বিষয়ৰ বাবে আভ্যন্তৰীণ মূল্যায়নৰ নিৰ্দেশনাবোৰ ২০২১-২২ বৰ্ষৰ বাবে যুক্তিসংগত ম্যাদ-অনুসৰি বিভক্ত পাঠ্যক্ৰমৰ সৈতে মুকলি কৰা হ'ব । ব'ৰ্ডে অধিক নিৰ্ভৰযোগ্য আৰু বৈধ আভ্যন্তৰীণ মূল্যায়নৰ বাবে নমুনা মূল্যায়ন প্ৰশ্ন বেংক (sample assessments question banks), শিক্ষক প্ৰশিক্ষণ আদিৰ দৰে কিছুমান পদক্ষেপো গ্ৰহণ কৰিব ।
উল্লেখ্য যে, দেশৰ ক'ভিড পৰিস্থিতিৰ বাবে ব'ৰ্ডে দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল কৰিছিল । চিবিএছই(CBSE)য়ে শেহতীয়াকৈ কৈছিল যে, ই ক্ৰমান্বয়ে দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ফলাফলৰ ওপৰত আধাৰিত কৰি দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীৰ নম্বৰ মূল্যায়নৰ বাবে ৩০:৩০:৪০ ফৰ্মূলা গ্ৰহণ কৰিব । লগতে কোৱা হৈছে যে মূল্যাংকন সূত্ৰত সন্তুষ্ট নোহোৱা শিক্ষাৰ্থীসকলক মহামাৰীৰ পৰিস্থিতি সুস্থিৰ হ'লে দ্বাদশ শ্ৰেণীৰ পৰীক্ষা দিয়াৰ সুযোগ দিয়া হ'ব ।
লগতে পঢ়ক :86 বৰ্ষীয় হ’ল দালাই লামা: ক্ৰমাৎ তীব্ৰ হৈ পৰিছে পুনৰ জনমৰ বিতৰ্ক