ETV Bharat / bharat

CBSE Board Exams 2023: নতুন আৰ্হিত হ’ব CBSEৰ প্ৰশ্নকাকত - CBSE introduced new question pattern

2023 বৰ্ষৰ CBSEৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ প্ৰশ্নকাকতত হ’ব সাল-সলনি ৷ প্ৰতিযোগিতামূলক পৰীক্ষাত যাতে ছাত্ৰ-ছাত্ৰীসকল অৱতীৰ্ণ হ’ব তাৰ প্ৰতি লক্ষ্য ৰাখি নতুন শিক্ষা নীতিৰ আধাৰত সাল-সলনি কৰা হৈ প্ৰশ্নকাকতত ৷

CBSE Board Exams 2023
নতুন আৰ্হিত হ’ব CBSEৰ প্ৰশ্নকাকত
author img

By

Published : Jan 15, 2023, 8:19 AM IST

নেশ্যনেল ডেস্ক, 15 জানুৱাৰী: এমাহৰ পিচত অৰ্থাৎ 15 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ(CBSE) চূড়ান্ত পৰীক্ষা(CBSE Board Exams 2023) ৷ কিন্তু এই পৰীক্ষাৰ বাবে চূড়ান্ত বৰ্ষৰ প্ৰাৰ্থীসকল কিছু সতৰ্ক হোৱাৰ প্ৰয়োজন আহি পৰিছে ৷

কিয়নো, এই বৰ্ষত দশম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ প্ৰশ্নৰ আৰ্হি সলনি কৰা হৈছে(CBSE introduced new question pattern) ৷ এই প্ৰশ্নবোৰৰ ভিতৰত আছে বস্তুনিষ্ঠ প্ৰশ্ন, গঠনমূলক প্ৰশ্ন, যুক্তি নিষ্ঠ প্ৰশ্ন ইত্যাদি ৷ দশম শ্ৰেণীৰ ব'ৰ্ড পৰীক্ষাত প্ৰায় 40 শতাংশ প্ৰশ্ন আৰু দ্বাদশ শ্ৰেণীৰ প্ৰায় 30 শতাংশ প্ৰশ্ন যোগ্যতা-আধাৰিত ৰখা হৈছে । ইয়াৰ ভিতৰত দশম শ্ৰেণীৰ পৰীক্ষাত কমেও ৪০ শতাংশ আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত ৩০ শতাংশ প্ৰশ্ন দক্ষতাভিত্তিক হ’ব(competency based question in CBSE) ।

উল্লেখ্য যে, ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ লগত সংগতি ৰাখি CBSEৰ পৰীক্ষাত এই সমূহ সাল-সলনি কৰা হৈছে ৷ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে নিজকে প্ৰস্তুত কৰিব পাৰে সেই উদ্দেশ্যেই প্ৰশ্ন কাকতৰ সাল-সলনি ঘটাইছে CBSEয়ে ৷

দক্ষতাভিত্তিক প্ৰশ্নসমূহ কেছ ষ্টাডি অথবা ক্ষেত্ৰ অধ্যয়ন, যুক্তি আৰু তৰ্ক, বস্তুনিষ্ঠ প্ৰকাৰ আদিৰ ওপৰত ভিত্তি কৰি কৰা হয় । এই প্ৰশ্নবোৰে বিভিন্ন মাধ্যমৰ জৰিয়তে বাস্তৱ জীৱনৰ পৰিস্থিতিত শিক্ষণৰ প্ৰয়োগ পৰীক্ষা কৰে, যাৰ ফলত ছাত্ৰ-ছাত্ৰীৰ দক্ষতা সম্পৰ্কে আভাস পোৱা যায় ৷ মন কৰিবলগীয়া যে, ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০য়ে সৃষ্টিশীল শিক্ষণ আৰু পাঠদান পদ্ধতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল ।

ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি, ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত CBSEয়ে প্ৰশ্নকাকতৰ সাল-সলনি কৰিছে ৷ পৰম্পৰাগত শিক্ষাগত অৰ্হতাৰ বাহিৰেও যাতে ছাত্ৰ-ছাত্ৰীয়ে বিশ্লেষণাত্মকভাৱে চিন্তা কৰিব পাৰে তাৰ বাবেও গুৰুত্ব প্ৰদান কৰিছে CBSE য়ে ৷

লগতে পঢ়ক: Muslim man assaulted in Train: জয় শ্ৰীৰাম নোকোৱাৰ বাবেই চলন্ত ৰে’লত মুছলমান ব্যক্তিক অপদস্থ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.