ETV Bharat / bharat

CBI to question Manish Sisodia: মনীষ চিছোদিয়াক পুনৰ CBIৰ জেৰা; গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা দিল্লীৰ উপ-মুখ্যমন্ত্ৰীগৰাকী

author img

By

Published : Feb 26, 2023, 12:08 PM IST

দেওবাৰে পুনৰ CBIৰ জেৰাৰ সন্মুখীন হ’ব মনীষ চিছোদিয়া ৷ ইতিমধ্যেই CBIৰ কাৰ্যালয়লৈ ৰাওনা হৈছে চিছোদিয়া (CBI to question Manish Sisodia) ৷ জেৰাৰ পাচতেই গ্ৰেপ্তাৰ হ’ব পাৰে বুলি টুইটযোগে নিজেই উল্লেখ কৰিছে দিল্লীৰ উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

CBI to question Manish Sisodia
মনীষ চিছোদিয়াক পুনৰ CBIৰ জেৰা

নেশ্যেনেল ডেস্ক, 26 ফেব্ৰুৱাৰী: দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াক আজি পুনৰ জেৰা চলাব কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই ৷ পূৰ্বৰ আবকাৰী নীতিৰ গোচৰ সন্দৰ্ভত জেৰাৰ সন্মুখীন হ’ব মনীষ চিছোদিয়া (Manish Sisodia) ৷ যাৰ বাবে দেওবাৰে পুৱাৰে পৰা মনীষ চিছোদিয়াৰ বাসগৃহৰ বাহিৰত মোতায়েন কৰা হৈছে বৃহৎ সংখ্যক নিৰাপত্তাৰক্ষী ৷ সমান্তৰালভাৱে চিছোদিয়াৰ বাসগৃহৰ সন্মুখত ভিৰ কৰিছে অসংখ্য আপৰ সমৰ্থকে (Delhi liquor policy case) ৷

পুনৰ চিবিআইৰ জেৰাৰ সন্মুখীন হ’ব লগা হোৱা সন্দৰ্ভত মনীষ চিছোদিয়াই টুইটযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘‘আজি মই পুনৰ চিবিআইৰ কাৰ্যালয়লৈ গৈছোঁ ৷ মই তদন্তত সম্পূৰ্ণৰূপে সহযোগিতা কৰিম । লাখ লাখ শিশুৰ মৰম আৰু কোটি কোটি দেশবাসীৰ আশীৰ্বাদ মোৰ সৈতে আছে । মই কেইমাহমান কাৰাগাৰত থাকিব লগা হ'লেও কোনো গুৰুত্ব নিদিওঁ । মই ভগত সিঙৰ অনুগামী, ভগত সিঙক দেশৰ বাবে ফাঁচী দিয়া হৈছিল । এনে মিছা অভিযোগৰ বাবে কাৰাগাৰলৈ যোৱাটো এটা সৰু কথা (Sisodia excise policy case) ৷’’

অৱশ্যে দিল্লীৰ প্ৰধানমন্ত্ৰী অৰবিন্দ কেজৰিৱালে মনীষ চিছোদিয়া গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনাক নস্যাৎ কৰিছে (Arvind Kejriwal on Manish Sisodia) ৷ মনীষ চিছোদিয়াক আবকাৰী নীতিৰ ভুৱা গোচৰত বিজেপি চৰকাৰে হাৰাশাস্তি কৰি থকা বুলি অভিযোগ উত্থাপন কৰিছে আম আদমী পাৰ্টীয়ে ৷ বিজেপি চৰকাৰে একনায়কত্ববাদী শাসন চলোৱাৰো অভিযোগ আপৰ কৰ্মীসকলৰ ৷

  • आज फिर CBI जा रहा हूँ, सारी जाँच में पूरा सहयोग करूँगा. लाखों बच्चो का प्यार व करोड़ो देशवासियो का आशीर्वाद साथ है
    कुछ महीने जेल में भी रहना पड़े तो परवाह नहीं. भगत सिंह के अनुयायी हैं, देश के लिए भगत सिंह फाँसी पर चढ़ गए थे. ऐसे झूठे आरोपों की वजह से जेल जाना तो छोटी सी चीज़ है

    — Manish Sisodia (@msisodia) February 26, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

আনহাতে, আপৰ নেতাই মনীষ চিছোদিয়াক কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই গ্ৰেপ্তাৰ কৰিবলৈ প্ৰেচেষ্টা চলাই থকা বুলিও অভিযোগ উত্থাপন কৰিছে ৷ লগতে ইয়াক বিজেপিৰ ৰাজনৈতিক প্ৰতিশোধ বুলি অভিহিত কৰিছে ৷ ইফালে, নতুন দিল্লীৰ কোনো সুৰা কেলেংকাৰী সংঘটিত হোৱা নাই বুলি দাবী কৰিছে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে (Delhi liquor scam) ৷ CBIৰ চাৰ্জশ্বীটত মনীষ চিছোদিয়াৰ নাম উল্লেখ নাই বুলিও মন্তব্য কেজৰিৱালৰ ৷ উল্লেখ্য যে, চাৰ্জশ্বীটত নাম থকা 7 গৰাকী লোকৰ ভিতৰত বিজয় নায়াৰ নামৰ এগৰাকী ব্যৱসায়ীক ইতিমধ্যেই গ্ৰেপ্তাৰ কৰিছে CBI য়ে ৷

লগতে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয় যে, সমাজৰ বাবে কাৰগাৰলৈ যোৱাটো কোনো অভিশাপ নহয়, বৰঞ্চ ই গৌৰৱৰ কথা ৷ লগতে কেজৰিৱালে টুইটযোগে কয়, ‘‘ মনীষ চিছোদিয়াৰ সৈতে ভগৱান আছে ৷ লাখ লাখ শিশু আৰু অভিভাৱকৰ আশীৰ্বাদ আপোনাৰ লগত আছে ৷ যেতিয়া আপুনি দেশৰ বাবে কাৰাগাৰলৈ যায়, ই অভিশাপ নহয়, গৌৰৱৰ বিষয় ৷ প্ৰাৰ্থনা কৰিছোঁ যে, আপুনি শীঘ্ৰেই কাৰাগৰৰ পৰা উভতি আহিব ৷ আমি সকলোৱে আপোনাৰ বাবে অপেক্ষা কৰিম (CBI summon to Sisodia) ৷’’

  • भगवान आपके साथ है मनीष। लाखों बच्चों और उनके पेरेंट्स की दुआयें आपके साथ हैं। जब आप देश और समाज के लिए जेल जाते हैं तो जेल जाना दूषण नहीं, भूषण होता है। प्रभू से कामना करता हूँ कि आप जल्द जेल से लौटें। दिल्ली के बच्चे, पैरेंट्स और हम सब आपका इंतज़ार करेंगे। https://t.co/h8VrIIYRTz

    — Arvind Kejriwal (@ArvindKejriwal) February 26, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে, CBIৰ কাৰ্যালয়লৈ যোৱাৰ প্ৰাকক্ষণত আমৰ কৰ্মীসকলক সম্বোধন কৰে উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াই ৷ ইয়াৰ পাচতেই ৰাজঘাটত উপস্থিত হৈ মহাত্মা গান্ধীৰ সমাধিত আগবঢ়াই সেৱা ৷ টুইটাৰযোগে, সেই ভিডিঅ’ শ্বেয়াৰ কৰিছে দিল্লীৰ উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক: CBI raids Delhi Deputy CM office: দিল্লীৰ উপ-মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত আকৌ চিবিআইৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.