ETV Bharat / bharat

Birbhum killings : গ্ৰেপ্তাৰ হোৱা 9 জনৰ ফৰেনচিক মনস্তাত্ত্বিক মূল্যায়ন কৰিব চিবিআয়ে

author img

By

Published : Apr 3, 2022, 10:55 AM IST

পশ্চিমবংগৰ বীৰভূম হত্যাকাণ্ডৰ(Birbhum killings) তদন্ত অব্যাহত ৰাখিছে চিবিআয়ে ৷ চিবিআয়ে গ্ৰেপ্তাৰ কৰা 9 জন অভিযুক্তৰ ফৰেনচিক মনস্তাত্ত্বিক মূল্যায়ন(CBI to conduct forensic psychological assessment in Birbhum killings) কৰাৰ সিদ্ধান্ত লৈছে ৷ তদুপৰি নৰসংহাৰৰ সময়ত মৃত্যু হোৱা আন আঠজন লোকৰ নমুনাও DNA পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হ’ব ৷

CBI to conduct forensic psychological assessment of 9 arrested in Birbhum killings
ফৰেনচিক মনস্তাত্ত্বিক মূল্যায়ন কৰিব চিবিআইয়ে

নেশ্যনেল ডেস্ক, 3 এপ্ৰিল : পশ্চিমবংগৰ বীৰভূম হত্যাকাণ্ডৰ(Birbhum killings) সন্দৰ্ভত চিবিআয়ে গ্ৰেপ্তাৰ কৰা 9 জন ব্যক্তিৰ ফৰেনচিক মনস্তাত্ত্বিক মূল্যায়ন কৰাৰ সিদ্ধান্ত লৈছে(CBI to conduct forensic psychological assessment in Birbhum killings) ৷ মূল্যায়নৰ সময়ত এজন মনোবিজ্ঞানীয়ে তেওঁলোকৰ শাৰীৰিক আৰু মুখৰ অভিব্যক্তিবোৰ মন কৰিবলৈ উপস্থিত থাকিব ৷ যাক প্ৰমাণ হিচাপে গণ্য কৰা হ'ব, চিবিআইৰ এজন বিষয়াই সদৰি কৰে এই কথা ৷

চিবিআইৰ আন এজন বিষয়াই সদৰি কৰা অনুসৰি, ঘটনাৰ সন্দৰ্ভত অভিযুক্তসকলক সোধ-পোছ অব্যাহত ৰখাৰ সময়ত তেওঁলোকৰ বক্তব্য বিসংগতিপূৰ্ণ পোৱাত এই সিদ্ধান্ত লোৱা হৈছিল ৷ তদন্ত সংস্থাটোৱে স্থানীয় টিএমচি নেতা ভাদু শ্বেখৰ হত্যাৰ পিছত জ্বলাই দিয়া বগটুই গাঁৱৰ ১০ টা ঘৰত উদ্ধাৰ অভিযানত জড়িত অগ্নিনিৰ্বাপক বাহিনীৰ ভাৰপ্ৰাপ্ত বিষয়াজনক জেৰা কৰিছে বুলি বিষয়াজনে জানিবলৈ দিয়ে ৷

চিবিআয়ে নৰসংহাৰৰ সময়ত নিহত হোৱা আন আঠজন লোকৰ নমুনাও DNA পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে । ভুক্তভোগী পৰিয়ালকেইটাই তেওঁলোকে মৃতদেহবোৰ চিনাক্ত কৰিবলৈ সক্ষম হোৱা নাছিল । বিষয়াজনে সদৰি কৰা অনুসৰি DNA পৰীক্ষাই তেওঁলোকক চিনাক্ত কৰাত সহায় কৰিব বুলি উল্লেখ কৰে ৷

চিবিআইৰ অনুসন্ধানকাৰী দলে দুখন ই-ৰিক্সা আৰু এখন মটৰ চাইকেল জব্দ কৰে ৷ গাঁৱবাসীয়ে দাবী কৰা অনুসৰি ই-ৰিক্সা আৰু মটৰ চাইকেলখন বোমা আৰু পেট্ৰ'লভৰ্তি জাৰ অনাত ব্যৱহাৰ কৰা হৈছিল ৷ এই বাহনকেইখন চুবুৰীয়া কুমাড্ডা গাঁৱৰ পৰা জব্দ কৰা হৈছিল ।

উল্লেখ্য যে, 21 মাৰ্চত তৃণমূল তথা পঞ্চায়ত নেতা ভাদু শ্বেখৰ হত্যাৰ কেইঘণ্টামান পিছত জিলাখনৰ ৰামপুৰহাট আৰক্ষী থানা অঞ্চলৰ বগটুই গাঁৱৰ পৰা আঠজন লোকৰ জলন্ত মৃতদেহ উদ্ধাৰ কৰা হয় । এই ঘটনাই সমগ্ৰ দেশজুৰি শোকৰ ছাঁ পেলাইছিল আৰু কলকাতা উচ্চ ন্যায়ালয়ে চিবিআইক তদন্তৰ দায়িত্ব ল'বলৈ নিৰ্দেশ দিছিল ।

লগতে পঢ়ক : Birbhum Massacre: চিবিআইক পশ্চিমবংগৰ বীৰভূম গোচৰৰ তদন্তৰ নিৰ্দেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.