ETV Bharat / bharat

মহাৰাষ্ট্ৰৰ প্ৰাক্তন গৃহমন্ত্ৰীৰ দুই সহায়কক চিবিআইৰ জেৰা - মুম্বাইৰ প্ৰাক্তন আৰক্ষী আয়ুক্ত পৰম বীৰ সিং

মহাৰাষ্ট্ৰৰ প্ৰাক্তন গৃহমন্ত্ৰী অনিল দেশমুখৰ দুই ব্যক্তিগত সহায়কক কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা (চিবিআই)ৰ জেৰা । মুম্বাইৰ প্ৰাক্তন আৰক্ষী আয়ুক্ত পৰম বীৰ সিঙৰ অভিযোগৰ ভিত্তিত দেওবাৰে চিবিআইয়ে দেশমুখৰ সহায়ক দুগৰাকীক সোধ-পোচ কৰে । একেটা দিনতে দুয়োগৰাকীক চিবিআইয়ে জেৰা কৰিছিল ।

চিবিআইৰ জেৰাত মহাৰাষ্ট্ৰৰ প্ৰাক্তন গৃহমন্ত্ৰীৰ দুই সহায়ক

author img

By

Published : Apr 12, 2021, 2:06 PM IST

নেশ্যনেল ডেস্ক, ১২ এপ্ৰিল : কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা (চিবিআই)য়ে জেৰা মহাৰাষ্ট্ৰৰ প্ৰাক্তন গৃহমন্ত্ৰী অনিল দেশমুখৰ দুই ব্যক্তিগত সহায়কক । মুম্বাইৰ প্ৰাক্তন আৰক্ষী আয়ুক্ত পৰম বীৰ সিঙৰ অভিযোগৰ ভিত্তিত দেওবাৰে চিবিআইয়ে দেশমুখৰ সহায়ক দুগৰাকীক সোধ-পোচ কৰে । একেটা দিনতে দুয়োগৰাকীক চিবিআইয়ে জেৰা চলায় । দেশমুখৰ ব্যক্তিগত সহায়কৰ উপৰিও নিলম্বিত সহকাৰী আৰক্ষী পৰিদৰ্শক শচীন ৱেজৰ দুজন চালকৰ বিৰুদ্ধেও পৰম বীৰ সিঙে কৰা অভিযোগৰ ভিত্তিত চিবিআইয়ে ৱেজৰ চালক দুগৰাকীক সোধ-পোচ কৰে ।

দেশমুখৰ বিৰুদ্ধে ধন দাবীৰ গোচৰৰ অভিযোগৰ ভিত্তিত চিবিআইয়ে তদন্ত অব্যাহত ৰাখিছে । যোৱা ৮ এপ্ৰিলত উচ্চতম ন্যায়ালয়ে মহাৰাষ্ট্ৰ চৰকাৰৰ দ্বাৰা দাখিল কৰা এক আবেদন খাৰিজ কৰিছিল আৰু পৰম বীৰ সিঙে দেশমুখৰ বিৰুদ্ধে উত্থাপন কৰা দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ অভিযোগৰ বাবে বোম্বে উচ্চ ন্যায়ালয়ৰ আদেশক প্ৰত্যাহ্বান জনাই চিবিআইৰ প্ৰাথমিক তদন্তৰ নিৰ্দেশ প্ৰদান কৰে । দেশমুখে বোম্বে উচ্চ ন্যায়ালয়ৰ ৫ এপ্ৰিলৰ আদেশক প্ৰত্যাহ্বান জনাই সৰ্বোচ্চ ন্যায়ালয়ত এক বিশেষ ছুটি আৱেদন (এছএলপি) দাখিল কৰিছিল । বোম্বে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাচতে দেশমুখে ৫ এপ্ৰিলত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰক পদত্যাগ পত্ৰ দাখিল কৰে ।

লগতে পঢ়ক:ত্ৰিপুৰাত ক’ৰণাত আক্ৰান্ত হৈ এজনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.