ETV Bharat / bharat

CBI books Sisodia : চিছোদিয়াৰ বিৰুদ্ধে আন এক গোচৰ - CBI registered FIR against Manish Sisodia

দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াকে ধৰি ৭ গৰাকী লোকৰ বিৰুদ্ধে চিবিআইৰ গোচৰ (Misuse of Delhi Feedback unit)। চৰকাৰৰ ফীডবেক ইউনিটক অপব্যৱহাৰ কৰাৰ অভিযোগ । ২০১৫ চনত দিল্লীৰ আপ চৰকাৰে ফীডবেক ইউনিট গঠনৰ প্ৰস্তাৱ দিছিল ।

CBI books Sisodia
চিছোদিয়াৰ বিৰুদ্ধে আন এক গোচৰ
author img

By

Published : Mar 16, 2023, 8:28 PM IST

নেশ্যনেল ডেস্ক,১৬ মাৰ্চ : বিপদে লগ নেৰা হৈছে দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ । দিল্লীৰ নতুন আবকাৰী নীতি কেলেংকাৰীত গ্ৰেপ্তাৰ হোৱা চিছোদিয়াৰ বিৰুদ্ধে এইবাৰ আন এক গোচৰ (CBI case on Delhi feedback unit)। চিবিআই আৰু ইডিয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰা মনীষ চিছোদিয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে চিবিআইয়ে । দিল্লী চৰকাৰে গঠন কৰা ফীডবেক ইউনিটৰ "অপব্যৱহাৰ" আৰু এই গোটটোৰ জৰিয়তে বিৰোধী দলসমূহৰ নেতাসকলৰ ওপৰত চোৰাংচোৱাৰ অভিযোগত কেন্দ্ৰীয় অনুসন্ধান ব্যুৰ' (চিবিআই)য়ে মনীষ চিছোদিয়াকে ধৰি ৭ গৰাকী লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ।

চিছোদিয়াৰ উপৰিও আন অভিযুক্তসকল হৈছে ১৯৯২ বেচৰ আইআৰএছ বিষয়া সুকেশ কুমাৰ জৈন, যি সেই সময়ত ভিজিলেন্সৰ সচিব আছিল । অৱসৰপ্ৰাপ্ত চিআইএছএফ ডিআইজি ৰাকেশ কুমাৰ সিনহা, যি মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিশেষ উপদেষ্টা আৰু এফবিইউত যুটীয়া সঞ্চালক হিচাপে কাম কৰি আছিল (CBI case against 7 officials on feedback unit)।

ইয়াৰ উপৰিও, ফীডবেক ইউনিটৰ উপ-সঞ্চালক হিচাপে কাম কৰি থকা ইণ্টেলিজেঞ্চ ব্যুৰ'ৰ প্ৰাক্তন যুটীয়া উপ-সঞ্চালক প্ৰদীপ কুমাৰ পুঞ্জ, ফীডবেক বিষয়া হিচাপে কাম কৰি থকা চিআইএছএফৰ অৱসৰপ্ৰাপ্ত সহকাৰী কমাণ্ডেণ্ট সতীশ খেত্ৰপাল আৰু কেজৰিৱালৰ দুৰ্নীতি বিৰোধী উপদেষ্টা গোপাল মোহনকো গোচৰত অন্তৰ্ভুক্ত কৰা হৈছে ।চিবিআইৰ মতে, এই গোটটোৰ বাবে ১ কোটি টকাও আবণ্টন কৰা হৈছিল ।

চিছোদিয়াক পূৰ্বে চিবিআইয়ে দিল্লীৰ নতুন আবকাৰী নীতি কেলেংকাৰী গোচৰত গ্ৰেপ্তাৰ কৰিছিল আৰু সম্প্ৰতি কাৰাগাৰত আছে । চিবিআইয়ে কয় যে ২০১৫ চনত দিল্লীৰ আপ চৰকাৰে ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ (জিএনচিটিডি) অধিকাৰ ক্ষেত্ৰত পৰা বিভিন্ন বিভাগ আৰু স্বায়ত্ত্ব শাসিত সংস্থা, প্ৰতিষ্ঠান আৰু প্ৰতিষ্ঠানসমূহৰ কাম-কাজ সম্পৰ্কে প্ৰাসংগিক তথ্য আৰু কাৰ্যকৰী প্ৰতিক্ৰিয়া সংগ্ৰহ কৰিবলৈ আৰু লগতে "ফান্দৰ গোচৰ" কৰাৰ বাবে ফীডবেক ইউনিট গঠনৰ প্ৰস্তাৱ দিছিল (CBI registered FIR against Manish Sisodia)।

চিবিআইয়ে কোৱা মতে গোটটোৱে ২০১৬ চনত গোপন সেৱাৰ ব্যয়ৰ বাবে ১ কোটি টকাৰ ব্যৱস্থাৰে কাম কৰা আৰম্ভ কৰিছিল (CBI on Delhi Govt feedback unit issue)। চিবিআইয়ে অভিযোগ কৰিছে যে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ২০১৫ চনত কেবিনেট বৈঠকত প্ৰস্তাৱটো উত্থাপন কৰিছিল, কিন্তু কোনো কাৰ্যসূচী উল্লেখ কৰা হোৱা নাছিল । ফীডবেক ইউনিটত নিযুক্তিৰ বাবে উপ ৰাজ্যপালৰ পৰা কোনো অনুমোদন লোৱা হোৱা নাছিল বুলিও অভিযোগ কৰিছে চিবিআইয়ে ।

চিবিআইয়ে ইয়াৰ প্ৰাথমিক তদন্তৰ প্ৰতিবেদনত কয় যে ফীডবেক ইউনিটে বাধ্যতামূলক তথ্য সংগ্ৰহ কৰাৰ উপৰিও ৰাজনৈতিক ইণ্টেলিজেঞ্চ বিষয়বোৰো সংগ্ৰহ কৰিছিল । চিবিআইয়ে দিল্লী চৰকাৰৰ ভিজিলেন্স বিভাগৰ এটা প্ৰসংগৰ ওপৰত প্ৰাথমিক অনুসন্ধান চলাইছিল য'ত ফীডবেক ইউনিটত অনিয়ম ধৰা পেলাইছে ।

লগতে পঢ়ক :Kavitha to appear before ED today: আজি দ্বিতীয়বাৰৰ বাবে EDৰ জেৰাৰ সন্মুখীন হ’ব কে কবিতা

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.