ETV Bharat / bharat

CBI arrests Railway Chief Engineer: চিবিআইয়ে গ্ৰেপ্তাৰ কৰিলে ৰেলৱেৰ মুখ্য অভিযন্তাক

author img

By

Published : Jul 1, 2022, 7:14 AM IST

ঠিকা আৱণ্টনৰ বিপৰীতে লক্ষাধিক টকা উৎকোচ গ্ৰহণ কৰাৰ অভিযোগত কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো অৰ্থাৎ চিবিআই-য়ে ছেকেন্দ্ৰাবাদৰ দক্ষিণ মধ্য ৰে'লৱেৰ এজন মুখ্য অভিযন্তাক গ্ৰেপ্তাৰ কৰে (CBI arrests Railway Chief Engineer) ৷ অভিযোগকাৰীৰ পৰা ৫,০০,০০০ টকা উৎকোচ দাবী কৰি সেই ধনৰাশি লোৱাৰ সময়তে চিবিআইয়ে ফান্দত পেলাই অভিযুক্তক হাতে-লোটে ধৰা পেলায় ৷

CBI arrests Railway Chief Engineer
চিবিআইয়ে গ্ৰেপ্তাৰ কৰিলে ৰেলৱেৰ মুখ্য অভিযন্তাক

নিউজ ডেস্ক, 1 জুলাই: উপ্পল-জম্মিকুন্ত ৰে’লৱে ষ্টেচনৰ মাজত আৰ অ’ বি নিৰ্মাণৰ ঠিকা আৱণ্টনৰ বিপৰীতে ৫ লাখ টকা উৎকোচ গ্ৰহণ কৰাৰ অভিযোগত কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো অৰ্থাৎ চিবিআই-য়ে ছেকেন্দ্ৰাবাদৰ দক্ষিণ মধ্য ৰে'লৱেৰ এজন মুখ্য অভিযন্তাক গ্ৰেপ্তাৰ কৰিছে (Central Bureau of Investigation arrested Chief Engineer) । অভিযুক্তই ৫,০০,০০০ টকা দাবী কৰা বুলি এজন ঠিকাদাৰে পঞ্জীয়ন কৰা এজাহাৰৰ ভিত্তিত ২৯ জুনত দক্ষিণ মধ্য ৰে’লৱেৰ মুখ্য অভিযন্তা/কন-VI/SC, ৰে’ল নিৰ্মাণ নিলায়ম, ছেকেন্দ্ৰাবাদৰ পি আৰ সুৰেশক গ্ৰেপ্তাৰ কৰা হয় (Rail Nirman Nilayam) ৷

অভিযোগকাৰীৰ পৰা ৫,০০,০০০ টকা উৎকোচ দাবী কৰি সেই ধনৰাশি লোৱাৰ সময়তে চিবিআইয়ে ফান্দত পেলাই অভিযুক্তক হাতে-লোটে ধৰা পেলায় (CBI laid a trap and caught) । শুকুৰবাৰে অভিযুক্ত পি.আৰ সুৰেশক হায়দৰাবাদৰ বিশেষ চিবিআইৰ আদালতত হাজিৰ কৰা হ’ব বুলি চিবিআইৰ এক সূত্ৰই জানিবলৈ দিয়ে ।

লগতে পঢ়ক: Agnipath scheme: অগ্নিপথ আঁচনিৰ অধীনত ৭ দিনত বায়ুসেনাত ২.৭২ লাখ আবেদন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.