ETV Bharat / bharat

Health Insurance Policy : ভবা মতে সহজ নহয় Cashless claim, তাৰ বাবে কি কৰিব ? - TPA

'Cashless claim' (নদগবিহীন দাবী) হৈছে বীমা কোম্পানীবোৰে পলিচী হ'ল্ডাৰসকলৰ বাবে আগবঢ়োৱা এক অতি অনুকূল সুবিধা । ই চিকিৎসাজনিত জৰুৰীকালীন (medical emergencies) অৱস্থাৰ সময়ত ডাঙৰ সকাহ প্ৰদান কৰে । Cashless claim-ৰ অধীনত, সংশ্লিষ্ট বীমা কোম্পানীবোৰে চিকিৎসালয়ত ভৰ্তি হোৱাৰ বিল পোনপটীয়াকৈ পৰিশোধ কৰে । অৱশ্যে কেতিয়াবা ইয়াত অপ্ৰত্যাশিত সমস্যায়ো দেখা দিয়ে । তেনে ক্ষেত্ৰত আমি কি কৰা উচিত ?

Health Policy
Health Policy
author img

By

Published : Nov 14, 2022, 4:44 PM IST

নিউজ ডেস্ক, ১৪ নৱেম্বৰ : 'Cashless claim' (নদগবিহীন দাবী) হৈছে বীমা কোম্পানীবোৰে পলিচী হ'ল্ডাৰসকলৰ বাবে আগবঢ়োৱা এক অতি অনুকূল সুবিধা । ই চিকিৎসাজনিত জৰুৰীকালীন (medical emergencies) অৱস্থাৰ সময়ত ডাঙৰ সকাহ প্ৰদান কৰে । Cashless claim-ৰ অধীনত, সংশ্লিষ্ট বীমা কোম্পানীবোৰে চিকিৎসালয়ত ভৰ্তি হোৱাৰ বিল পোনপটীয়াকৈ পৰিশোধ কৰে । অৱশ্যে কেতিয়াবা ইয়াত অপ্ৰত্যাশিত সমস্যায়ো দেখা দিয়ে । তেনে ক্ষেত্ৰত আমি কি কৰা উচিত ?

নগদবিহীন পলিচীত (cashless policies) উদ্ভৱ হ'ব পৰা এটা মুখ্য সমস্যা হ'ল আংশিক দাবী নিষ্পত্তি । ইয়াত কোম্পানীয়ে চিকিৎসা ব্যয়ৰ বাবে এক নিৰ্ধাৰিত পৰিমাণ পৰিশোধ কৰে । পলিচী হ'ল্ডাৰে অতিৰিক্ত চিকিৎসাৰ বাবে অৱশিষ্ট পৰিমাণ পৰিশোধ কৰিব লাগিব আৰু তাৰ পিছত দাবী কৰিব লাগিব । উদাহৰণ স্বৰূপে, এটা কোম্পানীয়ে নগদবিহীন দাবীৰ বাবে 30,000 টকা পৰিশোধ কৰিছিল (Health Insurance) । কিন্তু পিছত পলিচী হ'ল্ডাৰজনক পুনৰ এবাৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু অতিৰিক্তভাৱে 10,000 টকা চিকিৎসা ব্যয় হয় । এই পৰিমাণটো প্ৰথমে পলিচী হ'ল্ডাৰে পৰিশোধ কৰিব লাগিব আৰু তাৰ পিছত তাৰ দাবীৰ বাবে কোম্পানীৰ কাষ চাপিব লাগিব (Health Policy) ।

পলিচী হ'ল্ডাৰসকলৰ ফালৰ পৰা প্ৰয়োজনীয় আন এটা সাৱধানতা হ'ল সংশ্লিষ্ট বীমা কোম্পানীৰ দ্বাৰা অনুমোদিত নেটৱৰ্ক চিকিৎসালয়ত ভৰ্তি হোৱাটো (network hospital approved by insurance company) । যদি যিকোনো জৰুৰীকালীন অৱস্থাত ৰোগী এজনক অনা-নেটৱৰ্ক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় তেতিয়া বীমা কোম্পানীয়ে নগদবিহীন দাবীৰ প্ৰক্ৰিয়াটো আগনবঢ়ায় (policyholder claims for treatment costs) । এনে পৰিস্থিতিত পলিচী হ'ল্ডাৰে তেওঁলোকৰ ফালৰ পৰা চিকিৎসাৰ ব্যয় পৰিশোধ কৰিব লাগিব আৰু তাৰ পিছত সকলো প্ৰয়োজনীয় মেডিকেল নথিপত্ৰ আৰু বিলৰ সৈতে দাবীৰ আবেদন দাখিল কৰিব লাগিব । সেয়েহে আপোনাৰ বীমা কোম্পানীটো যিটো নেটৱৰ্ক চিকিৎসালয়ৰ সৈতে সংযুক্ত হৈ আছে আৰম্ভণিতে তাৰ তালিকা পৰীক্ষা কৰিব লাগে ।

নগদবিহীন চিকিৎসাৰ অধীনত পলিচী হ'ল্ডাৰে বিল প্ৰক্ৰিয়াকৰণত ভৱিষ্যতৰ সমস্যা পৰিহাৰ কৰিবলৈ কোম্পানীক প্ৰয়োজনীয় নথিপত্ৰ প্ৰদান কৰাটো নিশ্চিত কৰিব লাগে । বিশেষকৈ পলিচী হ'ল্ডাৰে তৃতীয় পক্ষৰ প্ৰশাসকৰ (third party administrator) ওচৰত প্ৰাক-অনুমোদন প্ৰ-পত্ৰ দাখিল কৰিব লাগে । টিপিএৰ (TPA) দ্বাৰা জাৰি কৰা স্বাস্থ্য কাৰ্ডবোৰ সকলো সময়তে হাতত ৰখাটো ভাল । স্বাভাৱিক চিকিৎসালয়ত ভৰ্তি হোৱাৰ ক্ষেত্ৰত নগদবিহীন দাবী প্ৰক্ৰিয়াকৰণৰ অধীনত লাভালাভ পাবলৈ অনুমোদন প্ৰ-পত্ৰ আৰু অন্যান্য নথিপত্ৰ দাখিল কৰিব লাগে ।

নগদবিহীন দাবী প্ৰক্ৰিয়াকৰণে চিকিৎসাজনিত জৰুৰীকালীন অৱস্থাত এক প্ৰত্যাহ্বানৰ সৃষ্টি কৰে । কিছুমান অস্ত্ৰোপচাৰ জৰুৰীভাৱে কৰিবলগীয়া হয় । সেয়ে বিলম্ব পৰিহাৰ কৰিবলৈ চিকিৎসকসকলে তাৎক্ষণিকভাৱে বিল পৰিশোধ কৰিবলৈ ক'ব পাৰে । তাৰ পিছত পলিচী হ'ল্ডাৰে পোনপটীয়াকৈ বিল পৰিশোধ কৰিব পাৰে আৰু পিছত বীমা কোম্পানীবোৰৰ পৰা তাৰ পৰিমাণ দাবী কৰিব পাৰে । ইয়াৰ বাবে অনলাইন বিল নিষ্পত্তি কৰিবলৈ শক্তিশালী নেটৱৰ্ক থকা কোম্পানী এটা বাছনি কৰা ভাল ।

কিছুমান চিকিৎসা নগদবিহীন স্বাস্থ্য দাবীৰ অধীনত সামৰি লোৱা নহয় (treatments covered under cashless health claims) । ভিন্ন পলিচীয়ে ইয়াত ভিন্ন নিয়ম অনুসৰণ কৰে । সাধাৰণতে নথিপত্ৰ, মাচুল, নিয়মীয়া পৰীক্ষা আৰু বিশেষ চিকিৎসা পৰীক্ষাবোৰ নগদবিহীন দাবীৰ অধীনত সামৰি লোৱা নহয় । সেয়েহে যদি কোনো কোম্পানীয়ে এই ক্ষেত্ৰত ৰেহাই আগবঢ়ায় তেন্তে পলিচী হ'ল্ডাৰসকলে ৰেহাইৰ বিষয়ে আগতীয়াকৈ জানিব লাগিব ।

আমি এই সত্যটো পাহৰিব নালাগে যে যদি বীমা কোম্পানী বা টিপিএ বা পলিচী হ'ল্ডাৰে নগদবিহীন দাবীত ভুল কৰে তেন্তে পলিচা হ'ল্ডাৰ অন্তিম সময়ত ক্ষতিগ্ৰস্ত হ'ব । সেই কাৰণে স্বাস্থ্য পলিচী গ্ৰহণ কৰাৰ আগতে সকলো তথ্য পৰীক্ষা কৰিবলৈ যথাযথ প্ৰক্ৰিয়া ব্যৱহাৰ কৰিব লাগে । নেটৱৰ্ক চিকিৎসালয়, আঁচনিৰ দ্বাৰা সামৰি লোৱা ৰোগৰ তালিকা আৰু কোম্পানীবোৰে আগবঢ়োৱা ৰেহাইৰ বিষয়ে অনুসন্ধান কৰা উচিত । একে সময়তে, দাবী প্ৰক্ৰিয়াকৰণৰ সময়ত বীমা কোম্পানীয়ে নিৰ্ধাৰণ কৰা প্ৰটোকল অনুসৰণ কৰাটো গুৰুত্বপূৰ্ণ ।

লগতে পঢ়ক :NE States Insurgency Condition : দুটা দশকত উত্তৰ পূৰ্বাঞ্চলত উন্নত হৈছে নিৰাপত্তা পৰিস্থিতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.