নেশ্যনেল ডেস্ক,৮ ডিচেম্বৰ : তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰক লোকসভাত ধনৰ বিনিময়ত প্ৰশ্ন কৰাৰ বাবে বহিষ্কাৰৰ পৰামৰ্শ দিয়া সংসদৰ নৈতিকতা সমিতিৰ প্ৰতিবেদন শুকুৰবাৰে নিম্ন সদনত উত্থাপন কৰাৰ সম্ভাৱনা আছে । সংসদৰ সূত্ৰই এই কথা প্ৰকাশ কৰিছে । প্ৰতিবেদনখন পূৰ্বে ৪ ডিচেম্বৰত লোকসভাত তালিকাভুক্ত কৰা হৈছিল । একাংশ বিৰোধী সদস্যই জোৰ দিছিল যে মহুৱা মৈত্ৰৰ বহিষ্কাৰৰ সিদ্ধান্ত লোৱাৰ পূৰ্বে সমিতিৰ পৰামৰ্শসমূহ সদনত বিতংভাৱে আলোচনা কৰিব লাগে ।
বহুজন সমাজ পাৰ্টিৰ (বিএছপি) সাংসদ দানিশ আলীয়ে বৃহস্পতিবাৰে সাংবাদিকক এই সন্দৰ্ভত কয় যে যদি প্ৰতিবেদন দাখিল কৰা হয় তেওঁলোকে এক বিতং আলোচনাৰ ওপৰত জোৰ দিব । বিজেপি সাংসদ বিনোদ কুমাৰ সোনকাৰৰ নেতৃত্বত নৈতিকতা সমিতিয়ে ৯ নৱেম্বৰত এখন সভাত ধনৰ বিনিময়ত সদনত প্ৰশ্ন কৰাৰ অভিযোগত মৈত্ৰক লোকসভাৰ পৰা বহিষ্কাৰ কৰাৰ পৰামৰ্শ দিয়া প্ৰতিবেদনখন গ্ৰহণ কৰিছিল ।
সমিতিৰ ৬ গৰাকী সদস্যই প্ৰতিবেদনৰ সপক্ষে ভোট দিছিল । তেওঁলোকৰ ভিতৰত নিলম্বিত কংগ্ৰেছ সাংসদ প্ৰনীত কৌৰো আছিল । সমিতিৰ ৪ গৰাকী বিৰোধী সদস্যই প্ৰতিবেদনখনৰ ওপৰত ভিন্নমত আগবঢ়াইছিল । বিৰোধী সদস্যসকলে নৈতিকতা সমিতিৰ প্ৰতিবেদনখনক ফিক্সড মেচ বুলি অভিহিত কৰিছিল আৰু কৈছিল যে বিজেপি সাংসদ নিশিকান্ত দুবেৰ অভিযোগৰ সমৰ্থনত কোনো প্ৰমাণ নাই আৰু তাৰ পাছতো সমিতিয়ে ইয়াক বিবেচনা কৰিছিল । ইফালে সদনে যদি সমিতিৰ পৰামৰ্শৰ সপক্ষে ভোট দিয়ে তেনেহ'লে টিএমচিৰ সাংসদ মহুৱা মৈত্ৰক সদনৰ পৰা বৰ্খাস্ত কৰিব পাৰে ।
ইয়াৰ মাজতে বিজেপিয়ে দলৰ সকলো সাংসদক এই গুৰুত্বপূৰ্ণ আলোচনাত ভাগ লোৱাৰ আহ্বান জনাইছে । যাৰ বাবে সাংসদসকলক হুইপ জাৰি কৰা বুলিও জানিব পৰা গৈছে ।
লগতে পঢ়ক :শীতকালীন অধিবেশন, ৰাজ্যসভাত দেশৰ অৰ্থনৈতিক পৰিস্থিতিকলৈ হ'ব আলোচনা