ETV Bharat / bharat

Triple talaq: পুত্ৰ সন্তান জন্ম দিব নোৱাৰাৰ বাবে পত্নীৰে বিবাহ বিচ্ছেদ স্বামীৰ

author img

By

Published : Nov 19, 2021, 4:39 PM IST

পুত্ৰ সন্তানৰ মোহ ! পত্নীয়ে পুত্ৰ সন্তান জন্ম দিব নোৱাৰাৰ বাবেই বিবাহ বিচ্ছেদ(Divorce) কৰিলে স্বামীয়ে । কেৱল এয়াই নহয় পত্নীৰ পৰা স্বামীয়ে দাবী কৰিলে ডেৰ লাখ টকা । আৰক্ষীৰ কাষ চাপিল অসহায় পত্নী ।

Violation of tripple talaq act
পুত্ৰ সন্তান জন্ম দিব নোৱাৰাৰ বাবে পত্নীৰে বিবাহ বিচ্ছেদ স্বামীৰ

নেশ্যনেল ডেস্ক, ১৯ নৱেম্বৰ: ঝাৰখণ্ড(Jharkhand)ৰ শিকাৰীপদৰ শিৱটাল্লা(Shivtalla) গাঁৱত পত্নীয়ে পুত্ৰ সন্তান জন্ম দিব নোৱাৰাৰ বাবেই বিবাহ বিচ্ছেদ(Divorce) কৰিলে এজন লোকে । হাছিনা বিৱি নামৰ মহিলাগৰাকীয়ে অভিযোগ উত্থাপন কৰিছে যে, পুত্ৰ সন্তান জন্ম দিব নোৱাৰাৰ বাবে স্বামী চেলিম আনছাৰীয়ে তেওঁক তিনি তালাক দিছে । মহিলাগৰাকীৰ অভিযোগ অনুসৰি, চেলিম আনছাৰীয়ে তেওঁৰ পৰা দাবী কৰিছে ডেৰ লাখ টকা । উপায়হীন হৈ স্বামীৰ বিৰুদ্ধে আৰক্ষী থানাত অভিযোগ উত্থাপন কৰিলে হাছিনা বিৱিয়ে ।

ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত, আৰক্ষীয়ে তিনি তালাক আইন(Triple Talaq Act)ৰ অধীনত অভিযুক্ত চেলিম আনছাৰীৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে । যৌতকৰ বাবে নিৰ্যাতন(Dowry harassment) চলোৱাৰো অভিযোগ উত্থাপিত হৈছে চেলিমৰ বিৰুদ্ধে । জানিব পৰা মতে, ২০১১ চনত মুছলমানৰ ৰীতি-নীতি অনুসৰি হাছিনা বিৱি পাহাৰী গাঁৱৰ বাসিন্দা চেলিম আনছাৰীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল । হাছিনাৰ অভিযোগ মতে, তিনিজনী কন্যা সন্তান জন্ম দিয়াৰ পিছত হাছিনাক স্বামীয়ে শাৰীৰিক অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰে আৰু কেৱল কন্যা সন্তান জন্ম দিয়াৰ বাবে ককৰ্থনা কৰে ।

কেৱল এয়াই নহয় হাছিনাক পিতৃৰ পৰা ডেৰ লাখ টকা আনিবলৈ হেঁচা প্ৰয়োগ কৰে । আনচাৰীয়ে তেওঁক ভাবুকি দিছিল যে, যদি হাছিনাই ধন আনিব নোৱাৰে, তেন্তে তেওঁক ঘৰৰ পৰা বাহিৰ কৰি দিয়া হ'ব ।

দম্পতীটোৱে এই বিষয়টো সন্দৰ্ভত কেইবাবাৰো পঞ্চায়তৰ কাষ চাপিছিল । কিন্তু চেলিম আনছাৰী সন্মত হোৱা নাছিল আৰু পিছত হাছিনাক তিনি তালাক দিয়ে । সম্প্ৰতি আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে । তিনি তালাক আইনৰ অধীনত তিনি তালাকক এক গুৰুত্বপূৰ্ণ অপৰাধ হিচাপে গণ্য কৰা হৈছে । এই আইনৰ অধীনত আৰক্ষীয়ে ৱাৰেণ্ট অবিহনেই অভিযুক্তক গ্ৰেপ্তাৰ কৰিব পাৰে ।

এই আইনৰ অধীনত, দোষীয়ে তিনি বছৰৰ বাবে কাৰাবাস খাটিবলগীয়া হয় । দণ্ডাধীশে ভুক্তভোগী পক্ষৰ যুক্তি শুনি অভিযুক্তক জামিন প্ৰদান কৰিব পাৰে । একে সময়তে, ভুক্তভোগীয়ে স্বামীৰ পৰা ক্ষতিপূৰণো দাবী কৰিব পাৰে । ক্ষতিপূৰণৰ পৰিমাণ দণ্ডাধীশে নিৰ্ণয় কৰে । ভুক্তভোগীয়ে নাবালক শিশুক নিজৰ লগত ৰাখিব পাৰিব নে নাই সেই বিষয়ে দণ্ডাধীশে সিদ্ধান্ত লয় ।

লগতে পঢ়ক:Farm Laws Repeal : গাজিয়াবাদ সীমান্তত মিঠাই বিতৰণ কৃষকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.