ETV Bharat / bharat

Luxurious habits of a thief: এটা বিলাসী চোৰৰ জীৱন বুৰঞ্জী

author img

By

Published : Apr 9, 2022, 9:29 PM IST

এটা চোৰৰ বিলাসিতাত স্তম্ভিত হৈ পৰিছে আৰক্ষী ৷ অহা-যোৱা কৰে বিমানেৰে ৷ জিৰণি লয় পঞ্চতাৰকা হোটেলত (Luxurious habits of a thief) ৷ চোৰটোৰ বাবেই এই পৰ্যন্ত নিলম্বিত হৈছে 24 জন আৰক্ষী ৷

Luxurious habits of a thief
এটা বিলাসী চোৰৰ জীৱন বুৰঞ্জী

উজ্জয়িনী, 9 এপ্ৰিলঃ এটা হাইপ্ৰফাইল চোৰ ৷ কৰ্মস্থানলৈ অহা-যোৱা কৰে বিমানেৰে ৷ জিৰণি লয় পঞ্চতাৰকা হোটেলত (Luxurious habits of a thief) ৷ চোৰৰ বিলাসিতাত চকু কপালত উঠিছে আৰক্ষীৰো ৷ দুমাহ পূৰ্বে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এই হাইটেক গাড়ী চোৰটোক ৷ চিচিটিভিৰ ফুটেজ আৰু আন বহু প্ৰমাণৰ ভিত্তিত চিনাক্ত কৰা চোৰটোৱে জেৰাত স্বীকাৰ কৰা জীৱন বুৰঞ্জী শুনি আচৰিত হৈ পৰিল আৰক্ষী ৷

এসময়ত এটা কাৰ ৱাছ চেন্টাৰত কাম কৰিছিল আজিৰ একক আৰু অনন্য চোৰটোৱে ৷ প্ৰত্যক দিনাই গাড়ী পৰিস্কাৰ কৰোঁতে কৰোঁতে গাড়ীৰ প্ৰতি মোহ বাঢ়িল উচ্চাকাংক্ষী যুৱকজনৰ ৷ ফলত পদবী সলনি কৰি হৈ পৰিল চোৰ ৷ নিষ্ঠাৰ বলত আৰু নিজৰ পেচাটোৰ প্ৰতি থকা টানৰ ফলত ইখনৰ পিছত সিখনকৈ এতিয়ালৈকে বহু বিলাসী গাড়ী চুৰি কৰিবলৈ সক্ষম হৈছে চোৰটোৱে ৷

অতি সতৰ্কতাৰে কৰ্তব্য সম্পাদনা কৰি অহাৰ পিছতো চোৰটোৰ বেয়া দিনৰ আৰম্ভনি হ’ল যোৱা 9 ফেব্ৰুৱাৰীত ৷ দিনেশ খাণ্ডেলৱাল নামৰ এজন লোকৰ বেলেনো গাড়ীখনেই বেয়া দিন লৈ আনিলে শ্বেৰ সিং ৰাণা ওৰফে শ্বেৰা নামৰ চোৰটোৰ জীৱনলৈ ৷

এই বিশেষ গাড়ীখনত চলোৱা অপাৰেশ্যনৰ সমগ্ৰ দৃশ্য বন্দী হ’ল চিচিটিভি কেমেৰাত ৷ ফলত শ্বেৰাৰ বিৰুদ্ধে মধ্যপ্ৰদেশৰ নানাখেদা আৰক্ষী থানাত ৰুজু কৰা হ’ল গোচৰ । চোৰৰ সন্ধানত আৰক্ষীয়ে ৰাজস্থানৰ ভৰতপুৰ পৰ্যন্ত চলালে অভিযান ৷ কিন্তু বিফল হ’ল আৰক্ষী, সফল শ্বেৰা চোৰ ৷ চোৰ শ্বেৰাক সাক্ষাৎ কৰাৰ পৰা বঞ্চিত হ’ল আৰক্ষী ৷

শ্বেৰা চোৰৰ সন্ধানত আৰক্ষী প্ৰথমটো অভিযান বিফল হৈছিল যদিও ভালদিনে লগ এৰিবলৈ ল’লে শ্বেৰাক ৷ মধ্যপ্ৰদেশৰে লাচুদিয়া আৰক্ষী থানা অন্তৰ্গত এক অঞ্চলৰ পৰা এখন বিলাসী গাড়ী চুৰি কৰাৰ পিছতে অপ্ৰত্যাশিত সময়ে লগ দিলে শ্বেৰাক ৷ লাচুদিয়াত কৰা চুৰিৰ সন্দৰ্ভত শ্বেৰাক নয়ডাৰ পৰা ইন্দোৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ল (Car thief Sher Singh arrested)।

লাচুদিয়াৰ ঘটনাটোৰ সৈতে উজ্জয়িনীৰ ঘটনাৰ সাদৃশ্যতাৰ বাবে নানাখেদা আৰক্ষীয়ে শ্বেৰাক লৈ আনিলে উজ্জয়িনীলৈ ৷ শ্বেৰাৰ ওপৰত চলিল আৰক্ষীৰ মাৰাথন জেৰা ৷ আৰক্ষীৰ জেৰাত প্ৰকাশ পালে শ্বেৰা চোৰৰ মাষ্টাৰ মাইণ্ড ৷ মাষ্টাৰ ডিভাইচেৰে লক খুলি গাড়ী বিক্ৰী কৰে ক্ৰেতাক ৷ চোৰ ধৰাৰ পিছত আৰক্ষীয়ে এতিয়া চুৰি গাড়ীৰ ক্ৰেতাক বিচাৰি চলাইছে অভিযান ৷

সেয়া আছিল শ্বেৰা নামৰ চোৰটোৰ সফলতা-বিফলতাৰ কাহিনী ৷ আনহাতে দুধৰ্ষ শ্বেৰা চোৰৰ বাবে নাকনি-কাকনিও হৈছে বহু আৰক্ষীৰ ৷ শ্বেৰাৰ বাবেই নিলম্বিত হ’বলগীয়া হ’ল দুই ডজন আৰক্ষী ৷ শ্বেৰাই এই পৰ্যন্ত সমগ্ৰ দেশৰ কেইবাখনো গাড়ী চুৰি কৰাত সফল হৈছে। কেইবাখনো ৰাজ্যৰ আৰক্ষী ব্যস্ত হৈ পৰিবলীয়া হৈছিল শ্বেৰাৰ সন্ধানত ৷ আৰক্ষীৰ জিম্মাৰ পৰা শ্বেৰাৰ পলায়নৰ বাবে এতিয়ালৈকে দুই ডজনতকৈও অধিক আৰক্ষীক নিলম্বিত কৰা হৈছে ।

লগতে পঢ়ক: মহানগৰ আৰক্ষীৰ জালত বৃহৎ গাড়ী চুৰি চক্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.