নেশ্যনেল ডেস্ক,৩১ অক্টোবৰ : শেহতীয়াকৈ একাংশ বিৰোধী নেতাৰ আইফোনলৈ চাঞ্চল্যকৰ মেছেজ আৰু ইমেইল অহাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিৰোধী নেতাসকলে অভিযোগ কৰা মতে ৰাষ্ট্ৰৰ পৃষ্ঠপোষকতাত একাংশ আক্ৰমণকাৰীয়ে বিৰোধী নেতাৰ ফোন হেক কৰাৰ চেষ্টা চলাইছে আৰু সেই সম্পৰ্কীয় সতৰ্কবাণী এপলৰ তৰফৰ পৰা নেতাসমূহৰ ফোনলৈ প্ৰেৰণ কৰা হৈছে । ইয়াৰ আঁৰত চৰকাৰ জড়িত থকাৰ অভিযোগ কৰিছে বিৰোধী নেতাসকলে ।
এনে বিতৰ্ক চলি থকাৰ মাজতে এপল প্ৰতিষ্ঠানে বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । এপলে জাৰী কৰা এক বিবৃতিত কোৱা হৈছে যে এপলে এনে কোনো নটিফিকেচন বা অধিসূচনা জাৰী নকৰে । এপলে কোনো নিৰ্দিষ্ট ৰাষ্ট্ৰ পৃষ্ঠপোষকতা কৰা হেকাৰৰ বিষয়ে তথ্য প্ৰকাশ নকৰে । অৱশ্যে এপলৰ কিছুমান অধিসূচনা মিছা সতৰ্কবাণী হ'ব পাৰে । এনে তথ্য জাৰী কৰাৰ কাৰণ ব্যাখ্যা কৰিবলৈ এপল অক্ষম বুলিও উল্লেখ কৰা হৈছে ।
ইফালে গোপন সূত্ৰই জনোৱা মতে এপলে প্ৰায় ১৫০ খন দেশত থকা ব্যক্তিসকললৈ ভাবুকি সম্পৰ্কীয় জাননী প্ৰেৰণ কৰিছে । কেইবাজনো বিৰোধী নেতাই মঙলবাৰে দাবী কৰিছে যে তেওঁলোকে এপলৰ পৰা সতৰ্কবাণী লাভ কৰিছে । শিৱসেনাৰ (ইউবিটি) সাংসদ প্ৰিয়ংকা চতুৰ্বেদী, তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰ, আম আদমী পাৰ্টিৰ ৰাঘৱ চাদ্দা, কংগ্ৰেছৰ শশী থাৰুৰ আৰু পৱন খেৰা, চিপিআই(এম)ৰ নেত্ৰী সীতাৰাম য়েচুৰীয়েও একে ধৰণৰ বাৰ্তা লাভ কৰিছে বুলি দলীয় সূত্ৰই জনাইছে ।
ইতিমধ্যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এই বিষয়টোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰিছে । আদানিৰ প্ৰসংগ উলিয়ালে চৰকাৰে চোৰাংচোৱা সংস্থাক বিৰোধী নেতাৰ বিৰুদ্ধে ব্যৱহাৰ কৰে বুলিও তেওঁ অভিযোগ কৰে ।
লগতে পঢ়ক :Oppositions leader phone hack : 'আদানিৰ প্ৰসংগ আনিলেই চৰকাৰে চোৰাংচোৱাগিৰি আৰম্ভ কৰে'-ৰাহুল গান্ধী