ETV Bharat / bharat

তেলেংগানা বিধানসভা নিৰ্বাচন ২০২৩; ৩ কোটিৰো অধিক ভোটাৰে নিৰ্ধাৰণ কৰিব ২২৯০ প্ৰাৰ্থীৰ ভাগ্য - Telangana Assembly election 2023 total candidates

ৰাজ্যখনত মুঠ ভোটাৰৰ সংখ্যা হৈছে 3,26,02,799 গৰাকী । ইয়াৰে ভিতৰত 1,62,98,418 গৰাকী পুৰুষ ভোটাৰ আৰু 1,63,01,705 গৰাকী মহিলা ভোটাৰ ।

elangana Assembly election 2023
তেলেংগানা বিধানসভা নিৰ্বাচন ২০২৩
author img

By ETV Bharat Assamese Team

Published : Nov 29, 2023, 1:35 PM IST

নিউজ ডেস্ক, ২৯ নৱেম্বৰ : তেলেংগানা বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ কাৰ্যৰ মঙলবাৰে অন্ত পৰে । আনহাতে, ৩০ নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া ভোটগ্ৰহণৰ বাবে নিৰ্বাচন আয়োগে সকলো ব্যৱস্থা সম্পূৰ্ণ কৰিছে । নিৰ্বাচনত যাতে ৰাজনৈতিক দলবোৰে কাকো প্ৰলোভিত কৰিব নোৱাৰে তাৰ বাবে ৰাজ্যৰ সকলো ঠাইতে তালাচীচকী স্থাপন কৰা হৈছে । ইয়াৰ মাজতে চোৰাংকৈ সৰবৰাহ কৰা নগদ ধন, সুৰা, গহনা আৰু অন্যান্য সামগ্ৰী জব্দ কৰা হৈছে । এইবাৰৰ নিৰ্বাচনত ৮০ ঊৰ্ধ্বৰ জ্যেষ্ঠ নাগৰিকসকলক আবেদন কৰিলে ঘৰতে ভোট দিবলৈ অনুমতি দিয়া হৈছে । ৰাজ্যখনত নিৰ্বাচন আয়োজনৰ বাবে সম্ভাৱ্য ব্যয় হৈছে ১৫০ কোটি টকা ।

তেলেংগানা বিধানসভা নিৰ্বাচন সম্পৰ্কীয় কিছু তথ্য :

* ৰাজ্যখনত মুঠ ভোটাৰৰ সংখ্যা হৈছে 3,26,02,799

* 1,62,98,418 গৰাকী পুৰুষ ভোটাৰৰ বিপৰীতে মহিলা ভোটাৰ 1,63,01,705 গৰাকী

* তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা হৈছে 2,676 গৰাকী, ৰাজ্যখনত চাকৰিয়াল ভোটাৰৰ সংখ্যা হৈছে 15,406 । আনহাতে, অনাবাসী ভোটাৰৰ সংখ্যা হৈছে 2,944 গৰাকী

* 18-19 বছৰ বয়সৰ ভোটাৰৰ সংখ্যা হৈছে 9,99,667

* ৰাজ্যজুৰি ১১৯ খন বিধানসভা আসনৰ বাবে ২,২৯০ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে । তেওঁলোকৰ ভিতৰত 221 গৰাকী মহিলা, 2,068 গৰাকী পুৰুষ আৰু এগৰাকী তৃতীয় লিংগৰ

* নৱেম্বৰৰ 30 তাৰিখে সন্ধিয়া 5 বজালৈকে সুৰা বিপণী বন্ধ থাকিব

* ৩.২৬ কোটিতকৈও অধিক ভোটাৰে প্ৰাৰ্থীসকলৰ ভাগ্য নিৰ্ণয় কৰিব

* ভোটদানৰ বাবে ৰাজ্যজুৰি 35,655 টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে

* প্ৰতিবন্ধীসকলৰ বাবে ভোটকেন্দ্ৰত বিশেষ ব্যৱস্থা । বিষয়াসকলৰ দ্বাৰা প্ৰস্তুত কৰা হৈছে 21,686 খন হুইলচেয়াৰ

* 80 বছৰৰ ঊৰ্ধ্বৰ ব্যক্তিৰ বাবে বিনামূলীয়া পৰিবহণৰ সুবিধা

* ব্ৰেইল পদ্ধতিত ভোটাৰ শ্লিপ আৰু বেলটৰ নমুনা

* ভোটাৰৰ সংখ্যা বৃদ্ধিৰ বাবে 644 টা আৰ্হি ভোটকেন্দ্ৰ

* 120 টা ভোটকেন্দ্ৰ বিকলাঙ্গ ব্যক্তিৰ দ্বাৰা পৰিচালিত হ'ব

* 597 টা ভোটকেন্দ্ৰ মহিলাৰ দ্বাৰা পৰিচালিত হ'ব

* ভোটগ্ৰহণ প্ৰক্ৰিয়াত 1,85,000 গৰাকী কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰিব । 22,000 গৰাকী মাইক্ৰ' পৰ্যবেক্ষক থাকিব

* সন্ত্ৰাসবাদ প্ৰভাৱিত অঞ্চলৰ ১৩ টা সমষ্টিত পুৱা ৭ বজাৰ পৰা আবেলি ৪ বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব

* সন্ধিয়া ৫ বজালৈকে ১০৬ টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব

* কেন্দ্ৰীয় নিৰ্বাচন আয়োগে সশস্ত্ৰ কেন্দ্ৰীয় বাহিনীৰ ৩৭৫ টা কোম্পানী আৱণ্টন কৰিছে আৰু ৰাজ্য চৰকাৰে বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বাবে ৫০,০০০ আৰক্ষী আৱণ্টন কৰিছে

* বৃহস্পতিবাৰে ভোটগ্ৰহণ আৰু 3 ডিচেম্বৰত নিৰ্বাচনৰ ফলাফল

লগতে পঢ়ক :মোৰ বিৰুদ্ধে বিজেপি চৰকাৰৰ ২৪ টা গোচৰ; তেলেংগানাৰ নিৰ্বাচনী সভাত ৰাহুল গান্ধী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.