নেশ্যনেল ডেস্ক,৬ অক্টোবৰ : শেহতীয়াকৈ ভাৰত আৰু কানাডাৰ কূটনৈতিক সম্পৰ্কৰ যথেষ্ট অৱনতি হৈছে । ইয়াৰ মাজতে কানাডাই নতুন দিল্লীৰ বাহিৰত ভাৰতত কৰ্মৰত বেছিভাগ কূটনীতিবিদক কুৱালালামপুৰ বা ছিংগাপুৰলৈ স্থানান্তৰিত কৰিছে । খালিস্তানী নেতা হৰদীপ সিং নিজ্জৰৰ হত্যাক লৈ হোৱা এক বিবাদৰ পাছত শক্তিৰ ক্ষেত্ৰত সমতা অৰ্জন কৰিবলৈ ভাৰতে কানাডাক কূটনৈতিক কৰ্মচাৰী হ্ৰাস কৰাৰ বাবে ১০ অক্টোবৰৰ সময়সীমা দিছিল । তাৰ পাছতে কানাডাই এই পদক্ষেপ লৈছে । কানাডিয়ান টেলিভিছন নেটৱৰ্কত প্ৰকাশিত প্ৰতিবেদন অনুসৰি এই সপ্তাহৰ আৰম্ভণিতে ভাৰতে কানাডাক কেইবা ডজন কূটনীতিবিদক প্ৰত্যাহাৰ কৰিবলৈ কৈছিল ।
নিজ্জৰৰ হত্যাত ভাৰত জড়িত থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল কানাডাৰ প্ৰধানমন্ত্ৰীয়ে । প্ৰধানমন্ত্ৰীগৰাকীৰ এই অভিযোগ নস্যাৎ কৰি ভাৰতে কানাডাৰ বিৰুদ্ধে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছিল । তাৰ অংশস্বৰূপে ভাৰত চৰকাৰে কানাডাৰ কূটনৈতিক কৰ্মচাৰীৰ সংখ্যা ভাৰতৰ সমান কৰিবলৈ ১০ অক্টোবৰলৈ সময়সীমা দিছিল ।
সূত্ৰৰ মতে দিল্লীৰ বাহিৰত ভাৰতত কাম কৰা বেছিভাগ কানাডিয়ান কূটনীতিবিদক কুৱালালামপুৰ বা ছিংগাপুৰলৈ স্থানান্তৰ কৰা হৈছে । দেশখনৰ কূটনৈতিক আৰু কনচুলাৰ সম্পৰ্ক পৰিচালনা কৰা বিভাগ গ্লোবেল এফেয়াৰ্ছ কানাডাই পূৰ্বে কৈছিল যে কিছুমান কূটনীতিবিদে বিভিন্ন সামাজিক মাধ্যমত ভাবুকি লাভ কৰাৰ পৰিপ্ৰেক্ষিতত ভাৰতত তেওঁলোকৰ কৰ্মচাৰীৰ পৰিপূৰক মূল্যাঙ্কন কৰি আছে ।
প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে ভাৰত চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰাৰ পাচতে বিভাগটোৱে কৈছিল যে যথেষ্ট সাৱধানতাৰ বাবে কানাডাই ভাৰতত কৰ্মচাৰীৰ উপস্থিতি অস্থায়ীভাৱে সলনি কৰাৰ সিদ্ধান্ত লৈছে । ইফালে ভাৰতেও বৃহস্পতিবাৰে দৃঢ়তাৰে কৈছিল যে শক্তিৰ সমতা অৰ্জন কৰিবলৈ কানাডাই দেশখনত কূটনৈতিক কৰ্মচাৰীৰ সংখ্যা হ্ৰাস কৰিব লাগিব । লগতে ভাৰত চৰকাৰে অভিযোগো কৰে যে কিছুমান কানাডিয়ান কূটনীতিবিদ নতুন দিল্লীৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰাত জড়িত । জানিব পৰা মতে ভাৰতত কানাডিয়ান কূটনীতিবিদৰ সংখ্যা প্ৰায় ৬০ আৰু নতুন দিল্লীয়ে বিচাৰে যে কানাডাই এই শক্তি কমেও তিনি ডজন হ্ৰাস কৰিব লাগে ।
লগতে পঢ়ক :Vladimir Putin On India: প্ৰধানমন্ত্ৰী মোদী সন্দৰ্ভত কি ক’লে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে