ETV Bharat / bharat

Karnataka poll 2023: কৰ্ণাটকত নিৰ্বাচন আচৰণ বিধি বলবৎ

author img

By

Published : May 8, 2023, 10:38 PM IST

কৰ্ণাটকত সোমবাৰে সন্ধিয়া 6 বজাৰ লগে লগেই অন্ত পৰিল মুকলি প্ৰচাৰৰ ৷ 10 মে’লৈকে ৰাজ্যখনত সুৰা বিক্ৰীত নিষেধাজ্ঞা ৷ চুবুৰী ৰাজ্যৰ 26খন জিলাতো সুৰা বিক্ৰী নিষিদ্ধ (Model Code of Conduct) ৷

Karnataka poll 2023
Karnataka poll 2023

নিউজ ডেস্ক, 8 মে’: 10 মে’ত কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ ৷ ইয়াকে লৈ এতিয়া বৃদ্ধি পাইছে উৎকণ্ঠা ৷ সোমবাৰে সন্ধিয়া 6 বজাৰ লগে লগেই ৰাজ্যখনত অন্ত পৰিল বিভিন্ন ৰাজনৈতিক দলৰ 40 দিনীয়া প্ৰচাৰ অভিযান ৷ অৱশ্যে সমষ্টিসমূহৰ প্ৰাৰ্থীয়ে ভোটাৰৰ ঘৰে ঘৰে গৈ প্ৰচাৰ চলাব পাৰিব ৷ প্ৰচাৰ অভিযানত অন্তিম দিনা সকলো দলেই ব্যাপক মুকলি প্ৰচাৰ চলোৱা দেখা পোৱা গ’ল ৷ ঠায়ে ঠায়ে ৰাজ্যখনত দেখা পোৱা গ’ল বৃহৎ ৰেলী (Karnataka assembly election 2023) ৷

ৰাজ্যখনত ভোটগ্ৰহণ অনুষ্ঠিত হ’বলৈ মাজত মাত্ৰ বাকী আছে দুটা ৷ এই সময়ছোৱাত ৰাজহুৱা সভা, মুকলি প্ৰচাৰ নিষিদ্ধ ৷ লগতে এতিয়াৰে পৰা বলবৎ হ’ব কঠোৰ নিৰ্বাচনী আচৰণ বিধি ৷ লগতে সমষ্টিসমূহত জাৰি কৰা হৈছে 144 ধাৰা ৷ 144 ধাৰা জাৰি কৰাৰ পৰিপ্ৰেক্ষিটত পাঁচজনতকৈ অধিক লোক একেটা স্থানত সমবেত হ’ব নোৱাৰিব (Karnataka election) ৷

উল্লেখ্য যে, মুকলি প্ৰচাৰৰ ম্যান শেষ হোৱাৰ পাচত সমষ্টিৰ বাহিৰৰ ভোটাৰ নোহোৱা কোনো ৰাজনৈতিক ব্যক্তিয়ে থাকিব নোৱাৰে সেই সমষ্টিত ৷

মুকলি প্ৰচাৰৰ ম্যাদ 48 ঘণ্টা সমাপ্ত হোৱাৰ পিছত, বাহিৰৰ ব্যক্তি আৰু সমষ্টিটোৰ ভোটাৰ নোহোৱা ৰাজনৈতিক ব্যক্তিসকলে সমষ্টিটোত থাকিব নালাগে। এনে ব্যক্তিসকলে প্ৰচাৰৰ ম্যাদ শেষ হোৱাৰ লগে লগে সমষ্টিটো খালী কৰিব লাগে ৷ কিন্তু প্ৰতিদ্বন্দিতা কৰা প্ৰাৰ্থী বা তেওঁৰ এজেণ্ট সেই সমষ্টিৰ ভোটাৰ নহ’লেও এই নিষেধাজ্ঞা প্ৰযোজ্য নহয় ৷

ইফালে, আজি সন্ধিয়া 6 বজাৰ পৰা 10 মে’লৈকে ৰাজ্যখনত সুৰা বিক্ৰী নিষিদ্ধ (Alcohol prohibited in Karnataka) ৷ চুবুৰীয়া ৰাজ্যসমূহৰ 26 খন সীমান্ত জিলালৈয়ো সুৰা বিক্ৰী নিষিদ্ধ কৰিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে ৷ ইয়াৰ সমান্তৰালভাৱে সংবাদমাধ্যমতো কোনো নিৰ্বাচন কেন্দ্ৰিক বিজ্ঞাপন প্ৰচাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৷ কোনো ৰাজনৈতিক দল, প্ৰাৰ্থী বা আন কোনো সংগঠনে নিৰ্বাচন কেন্দ্ৰিক বিজ্ঞাপন প্ৰকাশ কৰিব নোৱাৰিব ৷

উল্লেখ্য যে, নিৰ্বাচনী আচৰণ বিধিৰ অংশ হিচাবে দেশত অনুষ্ঠিত হোৱা প্ৰতিটো নিৰ্বাচনতে এইসমূহ নিষেধাজ্ঞা জাৰি কৰা হয় ৷ 13 মে’ত ঘোষণা কৰা হ’ব কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ফলাফল (Model Code of Conduct) ৷

লগতে পঢ়ক: Karnataka poll 2023: ছোনীয়া গান্ধীৰ বিৰুদ্ধে নিৰ্বাচন আয়োগত অভিযোগ দাখিল বিজেপিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.