ETV Bharat / bharat

West Bengal Ram Navami violence : NIAয়ে কৰিব ৰাম নৱমীৰ হিংসাত্মক ঘটনাৰ তদন্ত - West Bengal Ram Navami violence

পশ্চিমবংগৰ ৰাম নৱমীৰ হিংসাত্মক ঘটনাক লৈ গুৰুত্বপূৰ্ণ ৰায়দান আদালতৰ (Calcutta HC order on Ram Navami violence)। NIAক উক্ত ঘটনাৰ তদন্তৰ দায়িত্ব দিলে কলকাতা উচ্চ ন্যায়ালয়ে । বিৰোধী নেতা সুভেন্দু অধিকাৰীয়ে কেন্দ্ৰীয় সংস্থাৰ দ্বাৰা ঘটনাটোৰ তদন্তৰ দাবী জনাই আবেদন কৰিছিল ।

West Bengal Ram Navami violence
NIAয়ে কৰিব ৰাম নৱমীৰ হিংসাত্মক ঘটনাৰ তদন্ত
author img

By

Published : Apr 27, 2023, 8:54 PM IST

নেশ্যনেল ডেস্ক,২৭ এপ্ৰিল : পশ্চিমবংগত ৰাম নৱমীৰ শোভাযাত্ৰাৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ তদন্ত কৰিব ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা চমুকৈ এনআইএয়ে । কলকাতা উচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে এই ঘটনাৰ NIAৰ তদন্তৰ নিৰ্দেশ দিয়ে (NIA to probe Ram Navami violence)। আৰক্ষীক সকলো প্ৰাসংগিক তথ্য আৰু চিচিটিভি ফুটেজ দুসপ্তাহৰ ভিতৰত কেন্দ্ৰীয় অনুসন্ধান সংস্থাক হস্তান্তৰ কৰিবলৈও নিৰ্দেশ দিয়া হৈছে ।

কাৰ্যকৰী মুখ্য ন্যায়াধীশ টি এছ শিৱাগনম আৰু ন্যায়াধীশ হিৰময় ভট্টাচাৰ্যৰ এক খণ্ড বিচাৰপীঠে বিৰোধী নেতা সুভেন্দু অধিকাৰীৰ দ্বাৰা দাখিল কৰা ৰাজহুৱা স্বাৰ্থজনিত গোচৰৰ শুনানিৰ পাছতে এই নিৰ্দেশ জাৰি কৰে (Calcutta HC order on Ram Navami violence)।

অধিকাৰীয়ে তেওঁৰ আবেদনত দাবী কৰিছিল যে, ৰাজ্যখনৰ ৰিশ্ৰা, হাওৰা আৰু ইছলামপুৰত ৰাম নৱমীৰ শোভাযাত্ৰাক লৈ উত্তেজনাৰ সৃষ্টি হৈছিল । সেয়ে এই ঘটনাৰ তদন্তৰ দায়িত্ব NIAক দিব লাগে বুলি তেওঁ অনুৰোধ জনাইছিল । বুধবাৰে আদেশটো সংৰক্ষিত ৰখা আদালতে লক্ষ্য কৰিছিল যে, যদি কোনো তৃতীয় পক্ষই এনে অস্থিৰতাৰ সুযোগ ল'বলৈ চেষ্টা কৰি আছে আৰু দুটা গোটৰ মাজত সংঘৰ্ষ লগোৱাত উদগনি যোগাইছে তেন্তে এটা কেন্দ্ৰীয় সংস্থাৰ দ্বাৰা ইয়াৰ তদন্তৰ প্ৰয়োজন ।

ন্যায়ালয়ে এনে ঘটনাৰ পুনৰাবৃত্তিৰ ওপৰতো উদ্বেগ প্ৰকাশ কৰে আৰু ভৱিষ্যতে এনে ধৰণৰ ঘটনাৰ মোকাবিলা কৰিবলৈ ৰাজ্যৰ প্ৰশাসনৰ প্ৰস্তুতিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে । ন্যায়ালয়ে ধৰ্মীয় অনুষ্ঠানৰ সময়ত হিংসা বন্ধ কৰিবলৈ আৰু এনে কাৰ্যত লিপ্ত লোকসকলৰ মাজত ভয় সৃষ্টি কৰাৰ বাবে এক প্ৰণালীৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (এনআইএ)ক প্ৰতিনিধিত্ব কৰা অতিৰিক্ত ছলিচিটৰ জেনেৰেল অশোক চক্ৰৱৰ্তীয়ে কয় যে, যদি আদালতৰ দ্বাৰা নিৰ্দেশ দিয়া হয় তেন্তে সংস্থাটোৱে ৰাম নৱমী শোভাযাত্ৰাৰ সময়ত সংঘটিত ঘটনাৰ তদন্ত কৰিবলৈ সাজু ।

বিজেপিৰ জ্যেষ্ঠ নেতা অধিকাৰীৰ অধিবক্তাই বুধবাৰে আদালতক কৈছিল যে, হিংসাত্মক ঘটনা সন্দৰ্ভত ৰাজ্য চৰকাৰে দাখিল কৰা প্ৰতিবেদনত কোনো বিস্ফোৰণৰ কথা উল্লেখ কৰা নাই । প্ৰতিবেদনবোৰত তদন্তৰ অগ্ৰগতিৰ বিৱৰণ দিয়া হৈছে, যাৰ ভিতৰত আছে সাক্ষী আৰু অভিযুক্ত ব্যক্তিসকলৰ গ্ৰেপ্তাৰ আৰু বিবৃতি লিপিবদ্ধ কৰা ।

প্ৰতিবেদনত কোৱা হৈছে যে, সংঘৰ্ষৰ সময়ত তৰোৱাল, আগ্নেয়াস্ত্ৰ, এচিড, কাঁচৰ বটল আৰু হকী ষ্টিক ব্যৱহাৰ কৰা হৈছিল আৰু কিছুমান অঞ্চলত ইণ্টাৰনেট বন্ধ কৰা হৈছিল (West Bengal Ram Navami violence)। অধিবক্তাই এইটোও দাবী কৰিছিল যে, হাওৰা জিলাৰ শিবপুৰত সংঘৰ্ষৰ সময়ত পেট্ৰ'ল বোমা নিক্ষেপ কৰা হৈছিল ।

লগতে পঢ়ক :Karnataka Election 2023 : গৃহমন্ত্ৰীৰ বিৰুদ্ধে কংগ্ৰেছে কিয় দিলে এজাহাৰ ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.