ETV Bharat / bharat

আজি মমতা বেৰ্নাজীৰ নিৰ্বাচনী আবেদনৰ শুনানি গ্ৰহণ কৰিব কলকাতা উচ্চ ন্যায়ালয়ে - ভোট গণনা প্ৰক্ৰিয়া

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে নন্দীগ্ৰামৰ বিধানসভা নিৰ্বাচনৰ ফলাফলক প্ৰত্যাহ্বান জনাই কলিকতা উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল ৷ তেওঁৰ আবেদনত পশ্চিম বংগ বিধানসভাৰ বিৰোধী দলৰ নেতা শুভেন্দু অধিকাৰীক জনপ্ৰতিনিধিত্ব আইন, ১৯৫১ৰ ধাৰা ১২৩ ৰ অধীনত দুৰ্নীতিমূলক কাম কৰাৰ অভিযোগ উত্থাপন কৰিছে । ইয়াৰ শুনানিৰ বাবে শুকুৰবাৰৰ দিনটো তালিকাভুক্ত কৰা হৈছে ৷

Calcutta HC to hear Mamata's plea challenging Nandigram Assembly poll result on friday
কলিকতা উচ্চ ন্যায়ালয়ে শুকুৰবাৰে মমতা বেৰ্নাজীৰ নিৰ্বাচনী আবেদনৰ শুনানি গ্ৰহণ কৰিব
author img

By

Published : Jun 18, 2021, 9:16 AM IST

Updated : Jun 18, 2021, 2:21 PM IST

নেশ্যনেল ডেস্ক, 18 জুন : পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে নন্দীগ্ৰামত বিধানসভা নিৰ্বাচনৰ ফলাফলক প্ৰত্যাহ্বান জনাই কলিকতা উচ্চ ন্যায়ালয়ত এখন নিৰ্বাচনী আবেদন দাখিল কৰিছিল যাৰ শুনানিৰ বাবে শুকুৰবাৰ দিনটো তালিকাভুক্ত কৰা হৈছে ৷ এই কথা বৃহস্পতিবাৰে কলকাতা উচ্চ ন্যায়ালৰ ৱেবছাইটত প্ৰকাশ কৰাৰ লগতে ন্যায়াধীশ কৌশিক চান্দাৰৰ উপস্থিতিত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে হোৱাৰ কথা উল্লেখ কৰে ৷

উল্লেখ্য যে, 2021 চনৰ পশ্চিমবংগ বিধানসভা নিৰ্বাচনত মমতা বেনাৰ্জীয়ে বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী তথা প্ৰাক্তন মন্ত্ৰী শুভেন্দু অধিকাৰীৰ বিৰুদ্ধে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল ৷ কিন্তু নিৰ্বাচনৰ ফলাফলত বেনাৰ্জীয়ে তেওঁৰ সহায়ক-প্ৰতিদ্বন্দী শুভেন্দু অধিকাৰীৰ হাতত পৰাজিত হৈছিল ৷

নন্দীগ্ৰামত পৰাজয়ৰ পিছত, বেনাৰ্জীয়ে নিৰ্বাচনৰ ফলাফলক লৈ সন্তুষ্ট নহয় আৰু সংবাদ মাধ্যমৰ আগত কয় যে; "মই কাৰোবাৰ পৰা এছএমএছ(SMS) পাইছিলো য'ত নন্দীগ্ৰামৰ ৰিটাৰ্ণিং বিষয়াই কাৰোবাক চিঠি লিখিছে, যদিহে তেওঁ পুনৰ গণনা কৰিবলৈ অনুমতি দিয়ে তেন্তে তেওঁৰ জীৱন বিপদৰ সন্মুখীন হ'ব । ইয়াৰ পাচত চাৰি ঘণ্টাৰ বাবে চাৰ্ভাৰটো ডাউন হৈ আছিল । আনকি ৰাজ্যপালেও মোক অভিনন্দন জনাইছিল । কিন্তু হঠাতে সকলো সলনি হ'ল । মই আদালতলৈ যাম ।"

সেয়েহে এই সন্দৰ্ভত মমতা বেনাৰ্জীয়ে কলকাতা উচ্চ ন্যায়ালয়ত এখন নিৰ্বাচনী আবেদন দাখিল কৰে ৷ তেওঁৰ আবেদনত শুভেন্দু অধিকাৰীক জনপ্ৰতিনিধিত্ব আইন, ১৯৫১ৰ ধাৰা ১২৩ ৰ অধীনত দুৰ্নীতিমূলক কাম কৰাৰ অভিযোগ উত্থাপন কৰিছে । তেওঁৰ আৱেদন অনুসৰি দুৰ্নীতিত 'উৎকোচ, অযথা প্ৰভাৱ, শত্ৰুতা বিয়পোৱা' বিষয় উল্লেখিত ৷ ইয়াৰ উপৰিও মমতা বেনাৰ্জীয়ে তেওঁৰ আবেদনত নিৰ্বাচনৰ গণনা প্ৰক্ৰিয়াত বিসংগতি সংঘটিত হৈছিল বুলি দাবী কৰিছিল ।

ভোট গণনা প্ৰক্ৰিয়াত বিসংগতি আৰু অসদাচৰণ আৰু ৰিটাৰ্ণিং বিষয়াৰ দ্বাৰা ভোট পুনৰ গণনাৰ অনুৰোধ অস্বীকাৰ কৰাৰ অভিযোগ উত্থাপন কৰি মমতা বেনাৰ্জীয়ে ফলাফল ঘোষণাৰ পিচত এই বিষয় আদাললৈ নিয়া হ'ব বুলি কৈছিল । উল্লেখ্য যে, বিজেপিৰ বিধায়ক শুভেন্দু অধিকাৰী বৰ্তমান পশ্চিম বংগ বিধানসভাৰ বিৰোধী দলৰ নেতা ।

লগতে পঢ়ক : ভাৰত শান্তিৰ পূজাৰী যদিও অনুপ্ৰৱেশ সহ্য নকৰে: ৰাজনাথ সিং

Last Updated : Jun 18, 2021, 2:21 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.