নেশ্যনেল ডেস্ক,২ এপ্ৰিল: শেহতীয়াকৈ ভাৰতত বৃদ্ধি হৈছে কৰ'ণাত আক্ৰান্ত সংখ্যা । কৰ'ণা আক্ৰান্ত সংখ্যা বৃদ্ধিকলৈ চিন্তিত কেন্দ্ৰীয় চৰকাৰ । শুকুৰবাৰে কেবিনেট সচিব ৰাজীৱ গৌবাই এই বিষয়ে আলোচনাৰ বাবে ৰাজ্যসমূহৰ প্ৰতিনিধিসকলৰ সৈতে এক বিশেষ বৈঠকত মিলিত হ'ব ।
দেশত যোৱা ২৪ ঘণ্টাত ৮১,৪৬৬ টা নতুনকৈ কৰ'ণাত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে । যিটো যোৱা অক্টোবৰৰ পিছত আটাইতকৈ বেছি । সম্প্ৰতি আক্ৰান্তৰ সংখ্যা দেশত হ'লগৈ ১ কোটি ২৩ লাখ ৩ হাজাৰ ১৩১ টা ।
বিশেষকৈ মহাৰাষ্ট্ৰ, ছট্টিশগড়,কৰ্ণাটক,পঞ্জাৱ,কেৰালা,তামিলনাডু,গুজৰাট আৰু মধ্য প্ৰদেশত যথেষ্ট পৰিমাণে নতুনকৈ আক্ৰান্ত হৈছে কৰ'ণাত । যিবোৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত কৰ'ণাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈছে তাত কেন্দ্ৰীয় চৰকাৰে কঠোৰ নিয়ম প্ৰযোজ্য কৰিবলৈ ৰাজ্য চৰকাৰসমূহক নিৰ্দেশনা দিছে ।
শেহতীয়াকৈ নীতি আয়োগৰ সদস্য ভি কে পলে কৈছে যে দেশৰ বৰ্তমানৰ ক'ভিড পৰিস্থিতি "বেয়াৰ পৰা অতি বেয়ালৈ" গৈ আছে । তেওঁৰ মতে শেহতীয়া সংক্ৰমণে ভাইৰাছটো যে এতিয়াও অতি সক্ৰিয় হৈ আছে সেই কথা স্পষ্ট কৰে ।
লগতে পঢ়ক:নিৰ্বাচনী তৎপৰতাৰ মাজতে ত্ৰিপুৰাত পুনৰ ১৪ গৰাকী আক্ৰান্ত কৰ'ণাত