ETV Bharat / bharat

Bypolls: আজি ছয়খন ৰাজ্যৰ ৭ খন বিধানসভাৰ আসনৰ বাবে হ’ব উপ-নিৰ্বাচন

author img

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 7:02 AM IST

আজি অনুষ্ঠিত হ’ব ৭খন বিধানসভাৰ আসনত উপ-নিৰ্বাচন ৷ বিৰোধী মিত্ৰজোঁট I.N.D.I.A হ’ব বিজেপিৰ প্ৰথম নিৰ্বাচনী প্ৰত্যাহ্বান । ইতিমধ্যে এই উপ-নিৰ্বাচনৰ বাবে সকলো সাজু হৈছে ৷

Bypolls to seven assembly seats today
আজি ৭ খন বিধানসভাৰ আসনৰ বাবে হ’ব উপ-নিৰ্বাচন

নিউজ ডেস্ক, ৫ ছেপ্টেম্বৰ : আজি অৰ্থাৎ মঙলবাৰে অনুষ্ঠিত হ’ব ছয়খন ৰাজ্যৰ ৭ খন বিধানসভাৰ আসনৰ বাবে উপ-নিৰ্বাচন ৷ এই উপ-নিৰ্বাচনৰ বাবে ইতিমধ্যে সকলো সাজু হৈছে ৷ বিৰোধী মিত্ৰজোঁট I.N.D.I.A বিজেপিৰ প্ৰথম নিৰ্বাচনী প্ৰত্যাহ্বান । ঘোষী (উত্তৰ প্ৰদেশ), ডুমৰি (ঝাৰখণ্ড), ধনপুৰ আৰু বক্সানগৰ (ত্ৰিপুৰা), আৰু বাগেশ্বৰ (উত্তৰাখণ্ড)ত বিৰোধী ফৈদ একত্ৰিত হোৱাৰ বিপৰীতে ধুপগুৰি (পশ্চিম বংগ) আৰু পুঠুপল্লী (কেৰালা)ত I.N.D.I.A ৰ প্ৰতিযোগিতা আছে ।

অহা ৮ ছেপ্টেম্বৰত হ’ব ভোট গণনা ।

উত্তৰ প্ৰদেশৰ ঘোষী: পুনৰ বিজেপিলৈ যোৱা সমাজবাদী পাৰ্টীৰ দাৰা সিং চৌহানৰ পদত্যাগৰ ফলত উত্তৰ প্ৰদেশৰ ঘোষী আসনখন খালী হৈ পৰে । শাসকীয় বিজেপি নেতৃত্বাধীন এন ডি এৰ সমৰ্থিত চৌহানে কংগ্ৰেছ আৰু বাওঁপন্থীৰ সমৰ্থিত সমাজবাদী পাৰ্টীৰ সুধাকৰ সিং প্ৰতিদ্বন্দিতাৰ সন্মুখীন হৈছে ।

বিৰোধী দলৰ ঐক্য পৰীক্ষা কৰা আৰু সম্ভৱত অহা বছৰৰ লোকসভা নিৰ্বাচনৰ সুৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত এই উপ-নিৰ্বাচনৰ গুৰুত্বপূৰ্ণ তাৎপৰ্য আছে । ৫৪৩ জনীয়া লোকসভাত ৮০ জন সাংসদ থকা উত্তৰ প্ৰদেশ এই ৰাজনৈতিক সমীকৰণ অতি গুৰুত্বপূৰ্ণ । ইফালে নিৰ্বাচনী প্ৰচাৰত যোগী আদিত্যনাথ আৰু অখিলেশ যাদৱৰ দৰে নেতাই সক্ৰিয়ভাৱে অংশগ্ৰহণো কৰা পৰিলক্ষিত হৈছে ।

পশ্চিম বংগৰ ধুপগুৰি : পশ্চিম বংগৰ ধুপগুৰি টিএমচি, বিজেপি আৰু কংগ্ৰেছ সমৰ্থিত চিপিআই(এম)ৰ মাজত তিনিমুখীয়া যুদ্ধৰ সাক্ষী হৈ আছে ৷ যোৱা কিছু বছৰত টিএমচি আৰু বিজেপিৰ মাজত আসনখন হাত সলনি কৰি আহিছে ।

ত্ৰিপুৰাৰ ধনপুৰ আৰু বক্সানগৰ: ত্ৰিপুৰাৰ ধনপুৰ আৰু বক্সানগৰ আসনত মুখ্যমন্ত্ৰী মাণিক সাহাই বিজেপিৰ প্ৰচাৰৰ নেতৃত্ব দিয়ে ৷ আনহাতে, টিপ্ৰা মোথা আৰু কংগ্ৰেছে বিৰোধী I.N.D.I.A ব্লকক সমৰ্থন কৰে । বাংলাদেশ সীমান্তৰ ওচৰত থকাৰ বাবে নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।

ঝাৰখণ্ডৰ ডুমৰী: ঝাৰখণ্ডৰ ডুমৰীত I.N.D.I.A ব্লকৰ বেবি দেৱীৰ মুখামুখি হ’ব এন ডি এৰ যশোদা দেৱীৰ বিৰুদ্ধে ৷ যাৰ ফলত ই দুয়োটা মিত্ৰজোঁটৰ বাবে এক সন্মানীয় প্ৰতিদ্বন্দ্বিতা হিচাপে পৰিগণিত হৈছে । I.N.D.I.A ব্লকত কংগ্ৰেছ, এনচিপি, শিৱসেনা, টিএমচি, জেএমএম, আপ, ডিএমকে, এনচি, পিডিপি, চিপিআই(এম), চিপিআই, আৰজেডি, এছপি, আৰএলডিকে ধৰি ২৮ টা দল আছে । এই উপ-নিৰ্বাচন জেএমএমৰ বিধায়ক জগৰ্নাথ মহতোৰ মৃত্যুৰ পিচত অনুষ্ঠিত হৈছে ।

কেৰালাৰ পুঠুপল্লী: কেৰালাৰ পুঠুপল্লীত কংগ্ৰেছ আৰু শাসকীয় বাওঁপন্থী দলসমূহৰ মাজত প্ৰতিদ্বন্দিতা হৈছে ৷ য’ত কংগ্ৰেছে প্ৰাক্তন মুখ্যমন্ত্ৰী ওমমেন চাণ্ডীৰ মৃত্যুৰ পিচত সহানুভূতি লাভ কৰিবলৈ চাণ্ডী ওমমেনক প্ৰতিদ্বন্দিতা কৰাইছে ।

উত্তৰাখণ্ডৰ বাগেশ্বৰ: উত্তৰাখণ্ডৰ বাগেশ্বৰ আসনত বিজেপিৰ প্ৰাৰ্থী পাৰ্বতী দাস চন্দন দাসৰ মৃত্যুৰ পিচত বিজেপি আৰু কংগ্ৰেছৰ মাজত পোনপটীয়াকৈ নিৰ্বাচনী যুঁজৰ সাক্ষী হৈ পৰিছে । এই উপ-নিৰ্বাচনে এক বিশেষ তাৎপৰ্য বহন কৰিছে ৷ লগতে ভাৰতীয় ৰাষ্ট্ৰীয় উন্নয়ন অন্তৰ্ভুক্ত মিত্ৰজোঁট (I.N.D.I.A) নামেৰে পৰিচিত বিৰোধী মিত্ৰজোঁটে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত শাসকীয় বিজেপি নেতৃত্বাধীন এন ডি এক প্ৰত্যাহ্বান জনোৱাৰ দিশত প্ৰথম পদক্ষেপ গ্ৰহণ কৰিছে ৷

লগতে পঢ়ক : Chief Minister Mamata Banerjee: পশ্চিমবংগক কেন্দ্ৰীয় চৰকাৰে ৰাজনৈতিক প্ৰতিহিংসাৰ লক্ষ্য কৰি লৈছে- মমতা বেনাৰ্জী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.