ETV Bharat / bharat

Plant Based Diet: এইসমূহ খাদ্যই সিৰাৰ পৰা পৰিষ্কাৰ কৰিব বেয়া কলেষ্টেৰল, হাৰ্ট এটেকৰ কোনো আশংকা নাথাকিব - উদ্ভিদ ভিত্তিক খাদ্য

যদি শৰীৰত কলেষ্টেৰলৰ পৰিমাণ বৃদ্ধি হয়, তেন্তে হৃদৰোগৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পায়, কিন্তু উদ্ভিদ ভিত্তিক খাদ্যই ইয়াৰ আশংকা হ্ৰাস কৰিব পাৰে ।

By eating such a diet, bad cholesterol will be cleared from the veins, there will be no risk of heart attack
এইসমূহ খাদ্যই সিৰাৰ পৰা পৰিষ্কাৰ কৰিব বেয়া কলেষ্টেৰল, হাৰ্ট এটেকৰ কোনো আশংকা নাথাকিব
author img

By

Published : May 30, 2023, 3:17 PM IST

আমি কলেষ্টেৰল হ্ৰাস কৰাৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰো যদিও সুফল নাপাওঁ, কিন্তু এতিয়া টেনচন লোৱাৰ প্ৰয়োজন নাই, শেহতীয়াকৈ কৰা এক গৱেষণাৰ পৰা দেখা গৈছে যে আলমণ্ড, চয়া, দালি, মাহজাতীয় শস্য আৰু ষ্টেৰলকে ধৰি উদ্ভিদভিত্তিক খাদ্য সামান্য পৰিমাণে সেৱন কৰিলে হৃদৰোগ, ৰক্তচাপ, ট্ৰাইগ্লিচাৰাইড আৰু প্ৰদাহকে ধৰি কেইবাটাও ৰোগৰ আশংকা কম কৰিব পাৰে । গৱেষকসকলৰ মতে, এই আৰ্হিটোক পৰ্টফলিঅ’ ডায়েট বুলি জনা যায় আৰু ইয়াৰ ভিত্তি হৈছে ২০০০ কেলৰিযুক্ত খাদ্য (Heart Disease Plant Based Diet Benefits)।

উদ্ভিদভিত্তিক খাদ্যৰ উপকাৰিতা

কম কলেষ্টেৰলযুক্ত খাদ্যৰ লগতে উদ্ভিদ ভিত্তিক খাদ্য গ্ৰহণ কৰিলে কম ঘনত্বৰ লিপ’প্ৰ’টিন কলেষ্টেৰল ৩০ শতাংশ হ্ৰাস পোৱা দেখা গৈছে । ইয়াৰ উপৰিও গৱেষকসকলে এই খাদ্য গ্ৰহণৰ ফলত হাৰ্ট এটেককে ধৰি হৃদৰোগৰ সামগ্ৰিক সম্ভাৱনা ১৩ শতাংশ হ্ৰাস পোৱা বুলি গৱেষকসকলে প্ৰকাশ কৰিছে ।

গৱেষণাত ডাঙৰ প্ৰকাশ

কানাডাৰ টৰন্টো বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক সহ-লেখক জন ছিভেনপাইপাৰে কয় যে, ‘আমি জানো যে পৰ্টফলিঅ’ ডায়েটে এল ডি এল কলেষ্টেৰল হ্ৰাস কৰে, কিন্তু ই আৰু কি কৰিব পাৰে তাৰ স্পষ্ট ছবি আমাৰ হাতত নাছিল (Plant Based Diet)।

বিশেষজ্ঞসকলে কি কয় ?

জন ছিভেনপাইপাৰে কয়, ‘এই অধ্যয়নে খাদ্যৰ প্ৰভাৱ আৰু ইয়াৰ স্বাস্থ্যজনিত সম্ভাৱনাৰ বিষয়ে অধিক স্পষ্ট আৰু প্ৰামাণ্যতাৰে ব্যাখ্যা কৰিছে ।’ কাৰ্ডিঅ’ভাস্কুলাৰ ডিজিজছ নামৰ আলোচনীখনত গৱেষকসকলে ৪০০ জন ৰোগীৰ সৈতে কৰা সাতটা নিয়ন্ত্ৰিত পৰীক্ষা বিশ্লেষণ কৰিছিল ।

এই ৰোগবোৰৰ আশংকা কম হ’ব

জন ছিভেনপাইপাৰে ৰক্তচাপৰ সম্ভাৱনা ২ শতাংশ আৰু প্ৰদাহৰ সম্ভাৱনা ৩২ শতাংশ হ্ৰাস পোৱা বুলি জানিবলৈ দিয়ে । গৱেষকসকলে কয় যে, খাদ্য আৰু জীৱনশৈলীৰ পৰিৱৰ্তন কৰি ৰোগীয়ে উচ্চ কলেষ্টেৰল আৰু হৃদযন্ত্ৰৰ ৰোগৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে আৰু বৰ্তমানৰ অধ্যয়নে এই দিশত অধিক যুক্তি প্ৰদান কৰিছে ।

লগতে পঢ়ক: World Multiple Sclerosis Day 2023: মগজু-মেৰুদণ্ডৰ পৰা আৰম্ভ কৰি স্নায়ুলৈকে প্ৰভাৱিত কৰে এই ৰোগে, লক্ষণসমূহ জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.