ETV Bharat / bharat

পেট্ৰ’ল বিচৰাৰ বাবেই ব্যৱসায়ীক গুলীয়াই হত্যা পেট্ৰ’ল পাম্পৰ বিক্ৰেতাৰ

author img

By

Published : Oct 10, 2022, 10:31 AM IST

পেট্ৰ’লেই কাল হ’ল এজন ব্যৱসায়ীৰ বাবে ৷ পেট্ৰ’ল বিচৰাৰ বাবেই ব্যৱসায়ীজনক গুলীয়াই হত্যা কৰিলে এটা পেট্ৰল পাম্পৰ বিক্ৰেতাই (Businessman shot dead at petrol pump in UP) ৷ উত্তৰ প্ৰদেশৰ বৰেইলী জিলাত সংঘটিত হৈছে এই ঘটনা ৷

Businessman shot dead at petrol pump in UP
পেট্ৰ’ল বিচৰাৰ বাবেই ব্যৱসায়ীক গুলীয়াই হত্যা পেট্ৰল পাম্পৰ বিক্ৰেতাৰ

নেশ্যনেল ডেস্ক, 10 অক্টোবৰ: দেওবাৰে নিশা উত্তৰ প্ৰদেশৰ বৰেইলী জিলাৰ পেট্ৰ’ল পাম্পত লক্ষ্ণৌৰ এজন ব্যৱসায়ীক পেট্ৰ’ল পাম্পৰ এজন বিক্ৰেতাই গুলীয়াই হত্যা কৰে । ব্যৱসায়ীজনৰ অৰবিন্দ দ্বীৱেদী (৪২) বুলি জানিব পৰা গৈছে ৷ তথ্য অনুসৰি জানিব পৰা মতে, বন্ধুৰ সৈতে মোৰাদাবাদৰ পৰা লক্ষ্ণৌলৈ উভতি অহাৰ সময়তে পেট্ৰ’ল ভৰাবলৈ কেছাৰপুৰৰ পেট্ৰ’ল পাম্পত ৰখাইছিল তেওঁলোকৰ বাহন । কিন্তু পেট্ৰ’ল পাম্পৰ বিক্ৰেতাজনে নিশা ১১ বজাৰ পিছত পেট্ৰ’ল দিবলৈ অস্বীকাৰ কৰে (Businessman shot dead at petrol pump in UP)।

ইয়াকে লৈ দুয়োৰ মাজত সৃষ্টি হয় বাক বিতণ্ডা ৷ বাক বিতণ্ডাৰ পৰিণতিত পেট্ৰ’ল পাম্পৰ বিক্ৰেতাজনে ব্যৱসায়ীজনক বন্দুকৰে গুলীয়াই সেই স্থানৰ পৰা পলায়ন কৰে । ততাতৈয়াকৈ দ্বিৱেদীক চি এইচ চি হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে । ব্যৱসায়ীজনৰ লগত সেই সময়ত উপস্থিত থকা তেওঁৰ বন্ধু শুভম বাজপেয়ীয়ে ততাতৈয়াকৈ ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰে ৷

ঘটনা সন্দৰ্ভত চক্ৰ বিষয়া গৌৰৱ সিঙে জনোৱা মতে, বিক্ৰেতাজনক বিচাৰি ইতিমধ্যে অভিযান আৰম্ভ কৰা হৈছে ৷ লগতে এই ঘটনাক কেন্দ্ৰ কৰি দুজন লোকক আটক কৰা হৈছে ।

লগতে পঢ়ক: ঝান্সিৰ কুৰেচা বান্ধত এগৰাকী যুৱতী আৰু দুগৰাকী কিশোৰীৰ মৃতদেহ উদ্ধাৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.