ETV Bharat / bharat

Bus accident near Srinagar : তীৰ্থযাত্ৰী ভৰ্তি বাছ দুৰ্ঘটনাগ্ৰস্ত, ১৫ যাত্ৰী আহত

author img

By

Published : Jun 15, 2023, 2:29 PM IST

শ্ৰীনগৰৰ গড়ৱালৰ ওচৰত বাছ দুৰ্ঘটনা । ১৫ গৰাকী যাত্ৰী আহত । আহতসকলক শ্ৰীনগৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । ৰাইজৰ অভিযোগ তীব্ৰবেগী আছিল বাছখন ।

Bus accident near Srinagar
তীৰ্থযাত্ৰী ভৰ্তি বাছ দুৰ্ঘটনাগ্ৰস্ত

নেশ্যনেল ডেস্ক,১৫ জুন : জম্মুৰ শ্ৰীনগৰত ভয়ংকৰ বাছ দুৰ্ঘটনা । নিয়ন্ত্ৰণ হেৰুৱাই পথত বাগৰি পৰে তীৰ্থযাত্ৰী ভৰ্তি বাছ । দুৰ্ঘটনাটোত আহত ১৫ গৰাকী তীৰ্থযাত্ৰী ।

জানিব পৰা মতে বদ্ৰীনাথৰ পৰা উভতি আহি থকাৰ সময়তে দুৰ্ঘটনাত পতিত হয় বাছখন । বাছখনত ২৯ গৰাকী যাত্ৰী আছিল বুলি জানিব পৰা গৈছে । আটাইকেইগৰাকী যাত্ৰী ৰাজস্থানৰ জয়পুৰৰ বুলি চিনাক্ত হৈছে । স্থানীয় লোকে জনোৱা মতে ধাৰী দেৱী মন্দিৰৰ সমীপৰ চামধৰত দুৰ্ঘটনাটো সংঘটিত হয় । দুৰ্ঘটনাটোৰ পাছতে আহতসকলক শ্ৰীনগৰ চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয় । খবৰ অনুসৰি ১৫ৰো অধিক যাত্ৰী এই দুৰ্ঘটনাটোত আহত হৈছে ।

প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে বদ্ৰীনাথৰ পৰা ৰাজস্থান অভিমুখে গৈ থকা যাত্ৰীবাহী বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই ৫৮ নং ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি পৰে । সৌভাগ্যক্ৰমে, দুৰ্ঘটনাটোত কোনো লোক নিহত হোৱা নাই । প্ৰত্যক্ষদৰ্শীৰ মতে, বৃহস্পতিবাৰে পুৱা ধাৰীদেৱীৰ সমীপৰ চামধৰত তীৰ্থযাত্ৰী ভৰ্তি বাছখন দুৰ্ঘটনাত পতিত হয় । ইফালে এগৰাকী যাত্ৰী গুৰুতৰভাৱে আহত বুলি জানিব পৰা গৈছে । দুৰ্ঘটনাটোৰ পাছতে স্থানীয় লোকসকলে উপস্থিত হৈ উদ্ধাৰ অভিযান চলায় । লগতে স্থানীয় লোকসকলে আহতসকলক শ্ৰীনগৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে । ৰাজস্থানৰ তীৰ্থযাত্ৰীসকলে চাৰধাম দৰ্শন কৰি জয়পুৰলৈ উভতি আহিছিল ।

আনহাতে দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী আৰু এছডিআৰএফৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় । স্থানীয় লোকৰ সহযোগত দলটোৱে আহতসকলক উদ্ধাৰ কৰে । আৰক্ষীয়ে জনোৱা মতে, চালকজনে বাছখন তীব্ৰ বেগত চলাই আছিল । ফলত নিয়ন্ত্ৰণ হেৰুৱাই বাছখন বাগৰি পৰে । আনহাতে বাছখনৰ গতি দেখি ভয়ংকৰ দুৰ্ঘটনাৰ আশংকা কৰিছিল ৰাইজে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ।

দুৰ্ঘটনাত পতিত লোকসকলৰ পৰিয়ালকো ইতিমধ্যে খবৰ দিয়া হৈছে । অৱশ্যে বাছৰ চালকৰ ভুলৰ বাবে নে আন কাৰণত দুৰ্ঘটনাটো সংঘটিত হৈছে সেয়া আৰক্ষীৰ তদন্তৰ পাছত হে পোহৰলৈ আহিব ।

লগতে পঢ়ক :Wrestlers protest : আজি আৰক্ষীয়ে দাখিল কৰিব মল্লযুঁজাৰু যৌন নিৰ্যাতন গোচৰৰ অভিযোগনামা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.