ETV Bharat / bharat

Nainital Bus Accident : দ খাৱৈত বাছ বাগৰি পৰাত ৭ জন লোকৰ মৃত্যু; কেইবাজনো আহত - আৰক্ষী অধীক্ষক

নাইনিতালৰ কলাধুংগী থানা এলেকাত দ খাৱৈত বাগৰিল যাত্ৰীবাহী বাছ ৷ এই দুৰ্ঘটনাত এতিয়ালৈকে ৭ জন লোকৰ মৃত্যু হৈছে । আনহাতে বহু লোক আহত হৈছে । জানিব পৰা মতে বাছখনত ৩২ জন লোক আছিল ৷

Nainital Bus Accident
দ খাৱৈত বাগৰি পৰিল বাছ
author img

By ETV Bharat Assamese Team

Published : Oct 8, 2023, 10:51 PM IST

Updated : Oct 9, 2023, 7:54 AM IST

নিউজ ডেস্ক, 8 অক্টোবৰ : নাইনিতালত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ নিয়ন্ত্ৰণহীন হৈ এখন বাছ দ খাৱৈত বাগৰি পৰে ৷ এই দুৰ্ঘটনা সংঘটিত হৈছে নাইনিতাল-কলাধুংগী পথৰ নলনীত ৷ জানিব পৰা মতে বাছখনত ৩২ জন যাত্ৰী আছিল ৷ এই পৰ্যন্ত ৭ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷ মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷ বৰ্তমান আহতসকলক উদ্ধাৰ কৰা হৈছে ৷

দেওবাৰৰ দিনটো উত্তৰাখণ্ডত দুৰ্ঘটনা সংঘটিত হোৱাৰ দিন আছিল বুলি ধাৰণা কৰা হৈছে ৷ কিয়নো দেওবাৰৰ দিনটোতে ৰাজ্যখনত কেইবাটাও ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে ৷ ইফালে পিথুৰাগড়ত বলেৰ’ বাহনৰ ওপৰত শিল পৰি ৮ জন লোকক পুতি পেলোৱাৰ খবৰ পোৱা গৈছে, লগতে নাইনিতাল জিলাত এখন বাছ খাৱৈত বাগৰি পৰে ৷

নাইনিতাল আৰক্ষীয়ে জনোৱা মতে, কালাধুংগী পথৰ নলনীত এখন ব্যক্তিগত বাছ দুৰ্ঘটনাগ্ৰস্ত হয় ৷ য’ত লাভ কৰা তথ্য অনুসৰি প্ৰায় ৩২ জন যাত্ৰী আছিল ৷ দুৰ্ঘটনাটোৰ তথ্য পোৱাৰ লগে লগে আৰক্ষী আৰু এছডিআৰএফৰ দল সেই স্থানত উপস্থিত হয় ৷ যিসকল উদ্ধাৰ অভিযানত নিয়োজিত হৈছে ৷

ইফালে নাইনিতালৰ আৰক্ষী অধীক্ষক পি প্ৰহ্লাদ নাৰায়ণ মীনাই ইটিভি ভাৰতক জনোৱা মতে, এই পৰ্যন্ত ২২ জন লোকক উদ্ধাৰ কৰা হৈছে ৷ আন্ধাৰৰ বাবে উদ্ধাৰ অভিযানত কিছু অসুবিধাৰ সন্মুখীন হৈছে ৷ বৰ্তমানো উদ্ধাৰ অভিযান চলি আছে ৷ বাছখনৰ তলত একাংশ লোক আৱদ্ধ হৈ পৰাৰ তথ্য পোৱা গৈছে ৷ জানিব পৰা মতে বাছখনত পৰ্যটক, স্কুলৰ কৰ্মচাৰী আছিল ৷ গুৰুতৰভাৱে আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷ আনহাতে একাংশ লোক সামান্য আঘাতৰ সন্মুখীন হৈছে ৷

উল্লেখ্য যে, দেওবাৰে পিথুৰাগড়ৰ ধৰচুলাতো এটা ডাঙৰ দুৰ্ঘটনা সংঘটিত হয় ৷ য'ত ধৰচুলা গুঞ্জী পথত শিলৰ ফাঁটৰ ফলত গাড়ীৰ লগতে বহু লোক সমাধিস্থ হয় ৷ এই স্থানতো উদ্ধাৰ অভিযান চলি আছে ৷ ইয়াৰ উপৰিও কেদাৰনাথ ঘাইপথৰ গৌৰীকুণ্ডৰ সমীপৰ পাহাৰৰ পৰাও শিল বাগৰি পৰে ৷ য’ত দুখন বাহনৰ ক্ষতিসাধন হয় ৷

লগতে পঢ়ক : Bengaluru cracker shop fire: একে গাঁৱৰে 14 গৰাকী লোকৰ মৃত্যু, 3 লাখকৈ নগদ সাহায্যৰ ঘোষণা

Last Updated : Oct 9, 2023, 7:54 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.