ETV Bharat / bharat

landslide in Himachals Kullu : ভয়াৱহ ভূমিস্খলনত হিমাচলৰ কুল্লুত খহি পৰিল অট্টালিকা

author img

By ETV Bharat Assamese Team

Published : Aug 24, 2023, 2:09 PM IST

Updated : Aug 24, 2023, 4:31 PM IST

বৃহস্পতিবাৰে হিমাচল প্ৰদেশৰ কুল্লু জিলাত সংঘটিত ভয়াৱহ ভূমিস্খলনত কেইবাটাও অট্টালিকা খহি পৰে । অৱশ্যে এতিয়ালৈকে কোনো হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই ।

landslide in Himachals Kullu
ভয়াৱহ ভূমিস্খলনত হিমাচলৰ কুল্লুত খহি পৰিল অট্টালিকা

নিউজ ডেস্ক, ২৪ আগষ্ট : বৃহস্পতিবাৰে হিমাচল প্ৰদেশৰ কুল্লু জিলাত এক বৃহৎ ভূমিস্খলনৰ ঘটনা সংঘটিত হয় । এই ঘটনাত কেইবাটাও ঘৰ খহি পৰে । ভূমিস্খলনৰ ভিডিঅ' ক্লিপ আৰু ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে । আনহাতে, এই ভাইৰেল ক্লিপৰ সত্যতা আৰক্ষীয়ে নিশ্চিত কৰিছে । ক্লিপটোত কুল্লু জিলাৰ আন্নি চহৰত কেইবাটাও ঘৰ তাচপাতৰ ঘৰৰ দৰে খহি পৰা দেখা গৈছে ।

চৰাকী সূত্ৰ মতে, ঘটনাটোত এতিয়ালৈকে কোনো হতাহত বা আঘাতপ্ৰাপ্ত হোৱাৰ কোনো খবৰ তাৎক্ষণিকভাৱে পোৱা হোৱা নাই । এজন আৰক্ষী বিষয়াই এএনআইক জনোৱা মতে, "কুল্লু জিলাৰ আন্নি চহৰত ভূমিস্খলনৰ ফলত কেইবাটাও ঘৰ খহি পৰে । অধিক তথ্যৰ বাবে অপেক্ষা কৰা হৈছে ।" উল্লেখ্য যে, বিগত দিনবোৰত হিমালয়ান ৰাজ্যখনে ধাৰাসাৰ বৰষুণৰ উপৰি ভূমিস্খলন আৰু ডাৱৰ বিস্ফোৰণত ব্যাপক ধ্বংস আৰু মৃত্যুৰ সাক্ষী হৈছে ।

ইফালে, বৃহস্পতিবাৰে জিলাখনত ধাৰাসাৰ বৰষুণৰ ফলত কুল্লু-মাণ্ডি ঘাইপথ ক্ষতিগ্ৰস্ত হোৱা বুলি এজন বিষয়াই জনায় । যাৰ ফলত পথটোত শ শ বাহন আবদ্ধ হৈ পৰে । "প্ৰায় ৫-১০ কিলোমিটাৰলৈকে যান-জঁট বিয়পি আছে । আমাৰ খাবলৈ-পিবলৈ একো নাই । মানুহে ইয়াত ভোকত আছে । ৰাস্তাটো সোনকালে পৰিষ্কাৰ কৰিব লাগে ।" এজন যাত্ৰীয়ে এএনআইৰ আগত কয় ।

আনহাতে, আন এগৰাকী বিষয়াই কয় যে লোক নিৰ্মাণ বিভাগে অতি সোনকালে যান-বাহনৰ স্বাভাৱিক চালচলন নিশ্চিত কৰিবলৈ চেষ্টা কৰি আছে । "কুল্লু আৰু মাণ্ডিক সংযোগ কৰা পথটো ক্ষতিগ্ৰস্ত হৈছে । পাণ্ডোহ হৈ এটা বিকল্প পথো ক্ষতিগ্ৰস্ত হৈছে । সেয়েহে যান-বাহনৰ চলাচল বৰ্তমান স্থগিত ৰখা হৈছে ।" কুল্লুৰ আৰক্ষী অধীক্ষক সাক্ষী বাৰ্মাই কয় । ইয়াৰ পূৰ্বে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে এক ৰেড এলাৰ্ট জাৰি কৰিছিল । তাত বৃহস্পতিবাৰৰ পৰা দুদিন ধৰি হিমাচল প্ৰদেশত ধাৰাসাৰ বৰষুণ হোৱাৰ ভৱিষ্যদ্বাণী কৰিছিল ।

উল্লেখ্য যে, পাহাৰীয়া ৰাজ্যখনে চলিত বৰ্ষা ঋতুত ১১৩ টা ভূমিস্খলনৰ ঘটনাৰ সন্মুখীন হৈছে । হিমাচলত বৰষুণৰ প্ৰকোপত মুঠ ২২৪ জন লোকে প্ৰাণ হেৰুৱাইছে । আনহাতে, এতিয়ালৈকে বৰষুণ সম্পৰ্কীয় দুৰ্ঘটনাত আন ১১৭ জনৰ মৃত্যু হৈছে বুলি পূৰ্বৰ এক চৰকাৰী বুলেটিনত কোৱা হৈছে । ৰাজ্য চৰকাৰে প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি, ২৪ জুনৰ পৰা চলিত বৰষুণৰ প্ৰকোপত ৰাজ্যখনৰ মুঠ লোকচান ৮০১৪.৬১ কোটি টকাত উপনীত হৈছে ।

লগতে পঢ়ক :Banned on stone crushers: নদীত চলাব নোৱাৰিব খনন কাৰ্য, মুখ্যমন্ত্ৰীৰ নিৰ্দেশ

Last Updated : Aug 24, 2023, 4:31 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.