ETV Bharat / bharat

নেহৰুৰ পত্নী হিচাবে পৰিচিত ‘বুধনী’ৰ দেহাৱসান

Budhni Manjhiyain passed away. প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ সৈতে ধনবাদৰ পঞ্চেত বান্ধ উদ্বোধন কৰা বুধনী মাঞ্জিয়াইনৰ দেহাৱসান। দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল তেওঁ ৷

Budhni Manjhiyain passed away
পঞ্চেত বান্ধ উদ্বোধন কৰা বুধনী মাঞ্জিয়াইনৰ দেহাৱসান
author img

By ETV Bharat Assamese Team

Published : Nov 18, 2023, 3:52 PM IST

বুধনী মাঞ্জিয়াইনৰ দেহাৱসান

নিউজ ডেস্ক, 18 নৱেম্বৰ : ধানবাদৰ পঞ্চেত বান্ধ উদ্বোধন কৰা তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ আইডিয়া অৱ ইণ্ডিয়াৰ প্ৰতীক হিচাপে পৰিগণিত হোৱা বুধনী মাঞ্জিয়াইনৰ মৃত্যু ৷ দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকাৰ পিছত শুকুৰবাৰে নিশা নিৰছাৰ পঞ্চেট হিল হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বুধনী মাঞ্জিয়াইনে ৷ তেখেতৰ মৃত্যুত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে ৷

মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল 85 বছৰ ৷ দীৰ্ঘদিন ধৰি গুৰুতৰভাৱে অসুস্থ হৈ আছিল তেওঁ ৷ মৃত্যুৰ সময়ত বুধনী মাঞ্জিয়াইনে তেওঁৰ এগৰাকী কন্যা আৰু এজন পুত্ৰৰ লগতে পৰিয়ালবৰ্গক এৰি যায় ৷ দামোদৰ ভেলী পঞ্চেত আৰু চি আই এছ এফৰ জোৱানসকলে তেওঁৰ নশ্বৰ দেহত পুষ্প অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ ইয়াৰ পিছত তেওঁৰ নশ্বৰ দেহ লৈ সমগ্ৰ পঞ্চেটত এক শোভাযাত্ৰা উলিওৱা হয় আৰু সকলোৱে তেওঁক অতি শ্ৰদ্ধাৰে শেষ বিদায় জনায় ৷ ইয়াৰ পিছত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া পঞ্চেত ঘাটত সম্পন্ন কৰা হয় ৷ পঞ্চেত বান্ধ নির্মাণৰ পাছত সম্পূর্ণৰূপে স্থানচ্যুত হোৱা মানভূমি জিলাৰ খাইৰবানাত বুধনী মাঞ্জিয়াইনৰ পিতৃ গৃহ থকা গাঁওখন আছিল ৷

উল্লেখ্য যে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৱে 1959 চনৰ 6 ডিচেম্বৰত পঞ্চেতৰ বাসিন্দা বুধনী মাঞ্জিয়াইনৰ হাতেৰে হাইডেল চুইচ টিপি ধানবাদৰ পঞ্চেত বান্ধৰ শুভাৰম্ভ কৰিছিল ৷ এই সময়ছোৱাত বুধনী মাঞ্জিয়াইনে পণ্ডিত নেহৰুক মালা পিন্ধাই আদৰণি জনাইছিল ৷ ইয়াৰ পিছতে প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে বুধনীৰ ডিঙিত একেডাল মালা পিন্ধাইছিল ৷ পণ্ডিত নেহৰুৰ তথাকথিত পত্নী হিচাপে এই অঞ্চলৰ সমাজত বুধনী মাঞ্জিয়াইন পৰিচিত হ’ল ৷ বহুদিনৰ মূৰত যেতিয়া এই বিষয়টো দিল্লীত উপস্থাপন হ’ল, তেতিয়াৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ প্ৰচেষ্টাত বুধনী মাঞ্জিয়াইনে ডিভিচিত নিযুক্তি পাবলৈ সক্ষম হয় ৷

লগতে পঢ়ক : কংগ্ৰেছক ৰাজস্থানৰ পৰা নিচিহ্ন কৰাৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.