ETV Bharat / bharat

Budget session 2023: আজি লোকসভা আৰু ৰাজ্যসভাৰ যৌথ অধিৱেশনত ভাষণ দিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে - আৰম্ভ হ’ল সংসদৰ বাজেট অধিৱেশন

আৰম্ভ হ’ল সংসদৰ বাজেট অধিৱেশন । প্ৰথম দিনাই উত্তাল হোৱাৰ সম্ভৱনা সদনৰ মজিয়া ৷ ৰাষ্ট্ৰপতিৰ ভাষণ আৰু বিত্তীয় বিধেয়কৰ ধন্যবাদৰ প্ৰস্তাৱত কেন্দ্ৰই অনুমোদন বিচাৰিব যদিও বিৰোধীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰাৰ সম্ভাৱনা (Parliament Session Budget Session 2023)৷

Budget session 2023
আৰম্ভ হ’ল সংসদৰ বাজেট অধিৱেশন
author img

By

Published : Jan 31, 2023, 10:49 AM IST

Updated : Jan 31, 2023, 10:57 AM IST

নেশ্যনেল ডেস্ক, 31 জানুৱাৰী : আজিৰে পৰা আৰম্ভ হ’ব সংসদৰ বাজেট অধিৱেশন । ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ভাষণেৰে আৰম্ভ হ’ব এই বাজেট অধিৱেশনৰ (President Droupadi Murmu) ৷ উচ্চ-নিম্ন উভয় সদনৰ যৌথ অধিৱেশনত আজিৰে পৰা আৰম্ভ হৈছে সংসদৰ বাজেট অধিৱেশন । মুৰ্মুৰ প্ৰথম ভাষণত মূলতঃ চৰকাৰৰ কৃতিত্ব, সফলতা আৰু নীতিগত অগ্ৰাধিকাৰসমূহৰ ওপৰত আলোকপাত কৰাৰ সম্ভৱনা ৷

পুৱা ১১ বজাৰ পৰা আৰম্ভ হ’ব যৌথ বৈঠক ৷ বাজেট অধিবেশনত যৌথ বৈঠক সামগ্ৰিকভাৱে দুটা ভাগত ২৭ খন বৈঠক অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে । ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদ প্ৰস্তাৱ আৰু বিত্তীয় বিধেয়কত অনুমোদন লোৱাত চৰকাৰে প্ৰদান কৰিব বিশেষ অগ্ৰাধিকাৰ (Parliament Session Budget Session 2023) ।

Budget session 2023
আৰম্ভ হ’ল সংসদৰ বাজেট অধিৱেশন

বিৰোধীয়ে একাধিক বিষয়ত প্ৰথম দিনটোতেই সদন উত্তাল কৰাৰ সম্ভাৱনা আছে ৷ কেন্দ্ৰীয় চৰকাৰক দেশৰ জটিল সমস্যা সন্দৰ্ভত থকা-সৰকা কৰাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে । বিশ্বৰ অন্যতম ধনাঢ্যৰ তালিকাত থকা পুঁজিপতি গৌতম আদানীৰ জালিয়াতি উফৰায় দিয়া আমেৰিকাৰ এক ৰিচাৰ্জ গ্ৰুপ হিণ্ডেনবাৰ্গ সন্দৰ্ভতো বিৰোধীয়ে সদনত প্ৰশ্ন উত্থাপন কৰাৰ সম্ভৱনা (Hindenburg Research report) ৷ তদুপৰি শেহতীয়া আদানী-হিণ্ডেনবাৰ্গ বিতৰ্ক সন্দৰ্ভতো বিৰোধীয়ে কেন্দ্ৰীয় চৰকাৰক কৰিব কঠোৰ প্ৰশ্নবাণ (Budget 2023) ৷

ইয়াৰেপৰি, গৌতম আদানী আকু হিণ্ডেনবাৰ্গৰ বিবাদৰ ফলত ৰাজহুৱা খণ্ডৰ বেংক ব্যৱস্থা আৰু এল আই চিৰ ওপৰত পৰিব পৰা সম্ভাৱ্য প্ৰভাৱৰ বিষয়েও সদনত বিৰোধীয়ে উত্থাপন কৰিব প্ৰশ্ন ৷ বিবিচিয়ে প্ৰস্তুত কৰি উলিওৱা তথ্যচিত্ৰ ’India: The Modi Question’ নিষিদ্ধ কৰাৰ আঁৰৰ যুক্তি, দেশজুৰি জাতিভিত্তিক অৰ্থনৈতিক লোকপিয়লৰ দাবী আৰু মহিলা সংৰক্ষণ বিধেয়কৰ ওপৰত বিতৰ্ক আদিয়ে প্ৰথমদিনাৰ সদনত বিশেষ গুৰুত্ব লাভ কৰিব ।

বাজেট -

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে লোকসভাত দাখিল কৰিব পঞ্চমখন বাজেট (Union finance minister Nirmala Sitharaman) । এইখন হ’ব পৰৱৰ্তী সাধাৰণ নিৰ্বাচনৰ পূৰ্বে মোডী চৰকাৰৰ অন্তিমখন পূৰ্ণাংগ কেন্দ্ৰীয় বাজেট । ৰাষ্ট্ৰপতিৰ ভাষণৰ পিচত আজি অৰ্থনৈতিক জৰীপ দাখিল কৰা হ’ব ।

বিধেয়ক -

অধিৱেশনৰ সময়ছোৱাত শাসকীয় ডিচপেনচনে প্ৰায় ৩৬খন বিল আনিব । ইয়াৰে চাৰিখন বিল বাজেটৰ অনুশীলনৰ সৈতে জড়িত । ৬ এপ্ৰিললৈকে চলিবলগীয়া অধিৱেশনত বাজেটৰ নথিসমূহ পৰীক্ষা কৰা হ’ব । ১৪ ফেব্ৰুৱাৰীত অধিৱেশনৰ প্ৰথম খণ্ডৰ সামৰণি পৰিব । বাজেট অধিৱেশনৰ দ্বিতীয় খণ্ডৰ বাবে ১২ মাৰ্চত পুনৰ বৈঠকত মিলিত হ’ব সংসদ ।

মিলেটৰ দ্বাৰা প্ৰস্তুত হ’ব সদনৰ ভিতৰৰ খাদ্য সামগ্ৰী -

সাংসদ সকলে অধিৱেশনৰ পৰা বিৰতিলৈ মিলেটৰ দ্বাৰা প্ৰস্তত কৰা খাদ্য সামগ্ৰীৰ সোৱাদ ল’ব পাৰিব । জোৱাৰৰ পাচলি উপমাৰ পৰা আৰম্ভ কৰি ৰাগী দোছা, বজৰে কি টিকিলৈকে বজৰা খিচড়ি - মিলেটেৰে তৈয়াৰী এই খাদ্য সামগ্ৰীসমূহ এইবাৰ সংসদ ভৱনৰ কেন্টিনত পৰিৱেশন কৰা হ'ব ।

উল্লেখ্য যে, চৰকাৰে 2023 বৰ্ষক আখ্যা দিছে মিলেট বৰ্ষ হিচাপে ৷ অসমীয়াত ইয়াক কোৱা হয় কণী চাউল বুলি ৷ সেয়ে চৰকাৰে মিলেটৰ প্ৰচাৰ কৰাৰ লগে লগে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই প্ৰধানকৈ ৰাগী, জোৱাৰ, বজৰা, ৰাজগিৰা আৰু কংগনীৰে তৈয়াৰী ব্যঞ্জন পৰিৱেশনৰ ব্যৱস্থা কৰিছে (Loksabha speaker Om Birla)। সংসদৰ কৰ্মচাৰী আৰু দৰ্শনাৰ্থীৰ বাবেও উপলব্ধ হ’ব মিলেটৰে প্ৰস্তুত কৰা খাদ্য সামগ্ৰী ।

লগতে পঢ়ক : APHLC criticized Tuliram Ronghang: কাৰ্বি আংলঙৰ মুখ্য কাৰ্যবাহী সদস্যক অল পাৰ্টি হিল লিডাৰ্ছ কনফাৰেন্সৰ সমালোচনা

Last Updated : Jan 31, 2023, 10:57 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.