ETV Bharat / bharat

Ex-West Bengal CM Buddhadeb Bhattacharya: সুস্থিৰ হৈছে পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্যৰ স্বাস্থ্য

author img

By

Published : Jul 31, 2023, 9:40 PM IST

পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্যক শনিবাৰে শ্বাস-প্ৰশ্বাসৰ সংক্ৰমণ আৰু কোষ্ঠকাঠিন্যৰ সমস্যাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । তেওঁৰ অসুস্থতাৰ খবৰে ৰাজনৈতিক মহল আৰু তেওঁৰ শুভাকাংক্ষীসকলৰ মাজত উদ্বিগ্নতাৰ সৃষ্টি কৰে ৷ অৱশ্যে এতিয়া সুস্থিৰ হৈছে পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ স্বাস্থ্য ৷

Buddhadeb Bhattacharjee health update
পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্য

নিউজ ডেস্ক, ৩১ জুলাই: পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্যৰ শনিবাৰে স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক উডলেণ্ডছ হাস্পতালত ভৰ্তি কৰা হয় ৷ দুদিন ধৰি চিকিৎসকৰ নিৰীক্ষণত ৰখাৰ পাচত আজি তেওঁৰ স্বাস্থ্যৰ অৱস্থা কিছু সুস্থিৰ হয় আৰু ইনভেছিভ ভেন্টিলেচনৰ পৰা উলিয়াই দিয়া হয় ৷ বৰ্তমান তেওঁ নন-ইনভেছিভ ভেণ্টিলেটৰ সমৰ্থনত আছে । সোমবাৰে সন্ধিয়া উডলেণ্ডছ হাস্পতালে জাৰি কৰা মেডিকেল বুলেটিনত প্ৰকাশ কৰা হয় এই কথা ৷

প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী শনিবাৰে জ্বৰত আক্ৰান্ত হৈছিল আৰু শ্বাস-প্ৰশ্বাসৰ সংক্ৰমণ আৰু কোষ্ঠকাঠিন্যৰ সমস্যাত ভুগিছিল ৷ তেওঁক লগে লগে উডলেণ্ডছ হাস্পতালত ভৰ্তি কৰা হয় আৰু চিকিৎসকে তেওঁক ইনভেছিভ ভেন্টিলেচনত ভৰ্তি কৰে ৷ ইনভেছিভ ভেন্টিলেচনত ভৰ্তি কৰাৰ পাচত তেওঁল স্বাস্থ্যৰ অৱস্থা কিছু উন্নত হোৱাত সোমবাৰে পুৱা কমিউনিষ্ট দলৰ সপ্তদশ বছৰীয়া নেতাগৰাকীৰ থ’ৰেক্সৰ চিটি স্কেন কৰা হয় ।

চিটি স্কেন ৰিপৰ্টৰ পিছতে চিকিৎসকে তেওঁক ইনভেছিভ ভেন্টিলেচনৰ পৰা আঁতৰাই নিয়াৰ সিদ্ধান্ত লয় । চিকিৎসকে পূৰ্বে জনোৱা অনুসৰি তেওঁ দ্বিপাক্ষিক নিউমোনিয়াত আক্ৰান্ত । অৱশ্যে ডাবল এন্টিবায়টিকৰ সহায়ত তেওঁৰ অৱস্থা কিছু সুস্থিৰ হয় ৷ ইফালে বাওঁপন্থী নেতাজনৰ উপযুক্ত চিকিৎসাৰ বাবে দেওবাৰে চিকিৎসকৰ এটা বিশেষ দল গঠন কৰা হৈছে ।

বাওঁপন্থী নেতাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰাৰ পাচৰে পৰা চিকিৎসকে নিয়মিতভাৱে মেডিকেল বুলেটিন প্ৰকাশ কৰিও তেওঁৰ শাৰীৰিক অৱস্থাৰ বিষয়ে অৱগত কৰে । ইফালে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ অসুস্থতাৰ খবৰে ৰাজনৈতিক মহল আৰু তেওঁৰ শুভাকাংক্ষীসকলৰ মাজত উদ্বিগ্নতাৰ সৃষ্টি কৰে ৷

দেওবাৰে বিমান বসু, সুৰজ কান্ত মিশ্ৰকে ধৰি কেইবাজনো চিপিএম নেতাই বুদ্ধদেৱ ভট্টাচাৰ্যৰ স্বাস্থ্যৰ বুজ লোৱা দেখা গৈছিল । শুভেন্দু অধিকাৰীৰ পৰা আৰম্ভ কৰি নৌছাদ ছিদ্দিকী, সুকান্ত মজুমদাৰ, আশুতোষ চেটাৰ্জীলৈকে দলীয় নেতাসকলে তেওঁৰ আশু আৰোগ্য কামনা কৰে । আন বিভিন্ন দলৰ নেতাসকলেও তেওঁৰ শীঘ্ৰে আৰোগ্য লাভৰ বাবে প্ৰাৰ্থনা কৰি পৰিয়ালৰ কাষত থিয় দিয়ে । ভট্টাচাৰ্যই ২০০০ চনৰ পৰা ২০১১ চনলৈকে পশ্চিমবংগৰ সপ্তম মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।

লগতে পঢ়ক: Manipur violence: বীৰেন সিঙক কঠোৰ সমালোচনা মিজোৰামৰ মুখ্যমন্ত্ৰীৰ, জেলেংগাম নামৰ পৃথক ৰাজ্যৰ দাবী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.