ETV Bharat / bharat

২ কোটি টকা মূল্যৰ নিচাজাতীয় সামগ্ৰীসহ দুই সৰবৰাহকাৰী BSFৰ জালত

author img

By

Published : May 15, 2022, 8:18 PM IST

নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে সমগ্ৰ দেশতে অভিযান অব্যাহত(Campaign against narcotics continues across the country) । ইয়াৰ মাজতে ত্ৰিপুৰাত BSFৰ জালত পৰিল বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী (BSF seized narcotics)। সীমান্ত সুৰক্ষাবাহিনীয়ে বৃহৎপৰিমানৰ নিচাজাতীয় তথা আপত্তিজনক সামগ্ৰীসহ আটক কৰে দুই সৰবৰাহ কাৰীক ।

২ কোটি টকা মূল্যৰ নিচাজাতীয় সামগ্ৰীসহ দুই সৰবৰাহকাৰী BSFৰ জালত

আগৰতলা,১৫ মে': ত্ৰিপুৰাত BSFৰ বৃহৎ সফলতা(BSF crackdown on narcotics in Tripura) । ত্ৰিপুৰাত নিয়োজিত সীমান্ত সুৰক্ষা বাহিনীয়ে ১৪ আৰু ১৫ মে'ৰ মাজনিশা ২ কোটি টকাৰ অধিক নিষিদ্ধ সামগ্ৰী জব্দ কৰাৰ লগতে দুটাকৈ চোৰাং ব্যৱসায়ীক আটক কৰে(BSF seized narcotics) ।

BSFয়ে এক প্ৰেছ বিবৃতিত জনাই যে অভিযানকালত BSFৰ জোৱানে ২০.৫ কিলোগ্ৰাম গাঞ্জাৰ উপৰিও বৃহৎ পৰিমাণৰ নিষিদ্ধ সামগ্ৰী সফলতাৰে জব্দ কৰে । এয়া সীমান্তৰ চোৰাং ব্যৱসায়ীসকলৰ বাবে এক ডাঙৰ সকিয়ণি বুলি উল্লেখ কৰে ।

BSFৰ দলটোৱে জব্দ কৰে ২,২৯,৩৩,২৪১/- টকা মূল্যৰ ২৯ টা গৰুৰ মুৰ লগতে ১০,৫০০/- বাংলাদেশী নোট । লগতে BSFয়ে উল্লেখ কৰে যে ১৪ মে'ৰ পুৱতি নিশা তালাচীৰ সময়ত চোৰাংচোৱাৰ খবৰ অনুসৰি শ্ৰীনগৰৰ সৈন্যসকলে আৰক্ষীৰ সৈতে যুটীয়াভাৱে চলাইছিল অভিযান ।

অভিযান চলাই দক্ষিণ ত্ৰিপুৰাৰ এটা গুদামৰ পৰা এখন অমনি ভান, এখন বাজাজ প্লেটিনা মটৰ চাইকেল,৩ টা মোবাইল ফোনসহ কাপোৰৰ লগতে অন্যান্য সামগ্ৰী থকা ১০২ টা বাণ্ডিল জব্দ কৰে । তদুপৰি BSF জোৱানসকলে ২৯ টা গৰুৰ মুৰ উদ্ধাৰ কৰে ।

ইণ্ডো বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তত চলোৱা অভিযানত আটক কৰা লোক দুজনৰ ভিতৰত এজনৰ নাম মধু দত্ত বুলি জানিব পৰা গৈছে । লগতে অপৰাধীৰ বিৰুদ্ধে BSFৰ অভিযান অব্যাহত থাকিব বুলি উল্লেখ কৰে BSF ৰ বিষয়াসকলে ।

লগতে পঢ়ক: Youth Joins ULFA I: পৰীক্ষা আধাতে এৰি আলফা(স্বা)লৈ শিৱসাগৰৰ যুৱতী

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.