ETV Bharat / bharat

হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ নিৰ্বাচনী দায়িত্বত থকা বিএছএফ বিষয়াৰ মৃত্যু

বিহাৰৰ বিধানসভা নিৰ্বাচনত দায়িত্বৰত এগৰাকী সীমা সুৰক্ষা বাহিনীৰ বিষয়াৰ মৃত্যু হয় ৷ নিহত বিষয়াগৰাকী গুজৰাটৰ বডোদৰাৰ বাসিন্দা কে আৰ ভাই বুলি জানিব পৰা গৈছে ৷

হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ নিৰ্বাচনী দায়িত্বত থকা বিএছএফ বিষয়াৰ মৃত্যু
হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ নিৰ্বাচনী দায়িত্বত থকা বিএছএফ বিষয়াৰ মৃত্যু
author img

By

Published : Nov 3, 2020, 2:13 PM IST

নিউজ ডেস্ক, 3 নৱেম্বৰ : বিহাৰ বিধানসভা নিৰ্বাচনত দায়িত্ব পালন কৰি থকা অৱস্থাত মৃত্যু হয় এগৰাকী বিএছএফ বিষয়াৰ ৷ হাজিপুৰৰ লালগঞ্জত দায়িত্ব পালন কৰি থকা অৱস্থাতে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্য়ুক সাৱতি লয় গুজৰাটৰ বডোদৰাৰ বাসিন্দা কে আৰ ভাই নামৰ উপ-পৰিদৰ্শকগৰাকী ৷ সীমা সুৰক্ষা বাহিনীৰ শীৰ্ষ বিষয়াই স্থানীয় আৰক্ষীক এই কথা জনাইছে ৷

লালগঞ্জৰ 181নং ভোটকেন্দ্ৰত দায়িত্ব পালন কৰি থকা অৱস্থাত বুকুত বিষ অনুভৱ কৰে বিষয়াগৰাকীয়ে ৷ পৰৱৰ্তী সময়ত তেওঁক হাজিপুৰ সদৰ চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে বিষয়াগৰাকীক মৃত বুলি ঘোষণা কৰে ৷

লগতে পঢ়ক : দহখন ৰাজ্যৰ 54টা সমষ্টিত অনুষ্ঠিত হৈছে উপ-নিৰ্বাচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.