নিউজ ডেস্ক, ২ মে' : সীমান্ত সুৰক্ষা বাহিনীয়ে ৰাজস্থানৰ বাৰমেৰ জিলাত পাকিস্তানৰ দ্বাৰা অনুপ্ৰৱেশৰ এক চেষ্টা বিফল কৰিছে । সোমবাৰে নিশা জিলাখনৰ গাদাৰৰোড আৰক্ষী থানা এলেকাত বিএছএফৰ জোৱানসকলে দুজন পাকিস্তানী অনুপ্ৰৱেশকাৰীক হত্যা কৰে (Two Pakistani Killed in Barmer Rajasthan) ।
দুয়োজন অনুপ্ৰৱেশকাৰীয়ে বাৰমেৰৱালা তালাচী চকীৰ ওচৰত ভাৰতীয় সীমান্তত প্ৰৱেশ কৰিবলৈ চেষ্টা চলাই আছিল । তেনে অৱস্থাত বিএছএফৰ জোৱানসকলে অনুপ্ৰৱেশকাৰী দুজনক সতৰ্ক কৰি দিয়া সত্ত্বেও অনুপ্ৰৱেশকাৰীকেইজনে তালৈ কৰ্ণপাত কৰা নাছিল । ফলত উপায়ন্তৰ হৈ সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানসকলে গুলীচালনা কৰি দুয়োজন অনুপ্ৰৱেশকাৰীকে হত্যা কৰে (BSF Killed Pakistani Infiltrators) ।
ঘটনা সন্দৰ্ভত অতিৰিক্ত আৰক্ষী অধীক্ষক সত্যেন্দ্ৰ পাল সিঙে কয় যে, গদাৰৰোড আৰক্ষী থানা এলেকাত বিএছএফৰ অভিযানত দুজন অনুপ্ৰৱেশকাৰী নিহত হৈছে । সীমান্তত এই ঘটনাৰ বিষয়ে তথ্য লাভ কৰাৰ পিছত বিএছএফ আৰু আৰক্ষীৰ শীৰ্ষ বিষয়াসকল ঘটনাস্থলীত গৈ উপস্থিত হয় (Pakistani infiltration in Indo Pak border) ।
তাৰ পিছত বিএছএফে এক অনুসন্ধান অভিযান আৰম্ভ কৰে । বিএছএফৰ তৰফৰ পৰা জনোৱা মতে, এই ঘটনাটো সোমবাৰে শেষ নিশাৰ ভাগত সংঘটিত হয় । লগতে এইটোও প্ৰকাশ কৰা হৈছে যে অনুপ্ৰৱেশকাৰী দুজনৰ ওচৰত অবৈধ ড্ৰাগছৰ দৰে সামগ্ৰীও আছিল । অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক তথ্য লাভ কৰা হোৱা নাই (Pakistani infiltrators killed in Rajasthans Barmer) ।
উল্লেখ্য যে যোৱা বছৰৰ ডিচেম্বৰ মাহত ৰাজস্থানৰ শ্ৰীগংগানগৰত ভাৰত-পাক আন্তঃৰাষ্ট্ৰীয় সীমান্তত বিএছএফে এজন পাকিস্তানী অনুপ্ৰৱেশকাৰীক গুলীয়াই হত্যা কৰিছিল । অনুপ্ৰৱেশকাৰীজনে ভাৰতীয় সীমান্তত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰি আছিল । শ্ৰীকৰণপুৰৰ ওচৰৰ হৰমুখ পোষ্টত এই ঘটনা সংঘটিত হয় । নিহত অনুপ্ৰৱেশকাৰীজনৰ পৰা এটা দিয়াচলাই বাকচ, চিগাৰেট, পাকিস্তানী মুদ্ৰা আৰু এডাল ৰছী উদ্ধাৰ কৰা হৈছিল ।
লগতে পঢ়ক :Tillu killed in Tihar jail : ৰোহিনী আদালতৰ গুলীচালনাকাণ্ডৰ মূল অভিযুক্ত টিল্লুৰ মৃত্যু