ETV Bharat / bharat

দুই অনুপ্ৰৱেশকাৰীক পাকিস্তানক গতালে বিএছএফে

author img

By

Published : May 23, 2021, 4:59 PM IST

অজানিতে আন্তঃৰাষ্ট্ৰীয় সীমা অতিক্ৰম কৰা দুজন পাকিস্তানী অনুপ্ৰৱেশকাৰীক শনিবাৰে বিএছএফে আটক কৰে । সোধাপোছৰ অন্তত তেওঁলোকক মানৱীয়তাৰ ভিত্তিত পাকিস্তানৰ নিৰাপত্তা বাহিনীৰ হাতত গতাই দিয়া হয় ৷

BSF hands over two Pakistani
বিএছএফে পাকিস্তানক গতালে দুই অনুপ্ৰৱেশকাৰী

নেশ্যনেল ডেস্ক, ২৩ মে': ভাৰত-পাকিস্তান সীমান্তত শনিবাৰে বিএছএফে অজানিতে আন্তঃৰাষ্ট্ৰীয় সীমা অতিক্ৰম কৰা দুজন পাকিস্তানী অনুপ্ৰৱেশকাৰীক আটক কৰে । বিএছএফৰ এক চৰকাৰী বিবৃতি অনুসৰি ১৪ বেটেলিয়নৰ ফৰৱাৰ্ড-মোতায়েন কৰা সেনাই দুয়োজন অনুপ্ৰৱেশকাৰীৰ সন্দেহজনক গতিবিধি লক্ষ্য কৰিছিল ৷ আন্তৰ্জাতিক সীমা অতিক্ৰম কৰি সীমান্তৰ বেৰৰ ফালে আগবাঢ়িবলৈ আৰম্ভ কৰাৰ সময়তে বিএছএফে তেওঁলোকক আটক কৰে ।

লোককেইজনক সোধাপোছ কৰাৰ পাচত তেওঁলোকে অজানিতে পাৰ হৈ আহিছিল বুলি জানিবলৈ দিয়ে ৷ তেওঁলোকৰ পৰা আপত্তিজনক একো উদ্ধাৰ কৰা হোৱা নাই । মানৱীয়তাৰ ভিত্তিত লোক দুজনক পাকিস্তানী নিৰাপত্তা বাহিনীৰ হাতত গতাই দিয়া হয় । উল্লেখ্য যে, চলিত বৰ্ষত পঞ্জাৱ সীমান্তৰ নিৰাপত্তা বাহিনীয়ে অসাৱধানতাৰে সীমান্ত পাৰ হৈ অহা মুঠ ছয়জন পাকিস্তানীক পাকিস্তানী নিৰাপত্তা বাহিনীক হস্তান্তৰ কৰিছে ।

লগতে পঢ়ক:দিল্লীত এসপ্তাহলৈ বৃদ্ধি লকডাউন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.